অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুপিতৰা ভূঞা

জুপিতৰা ভূঞা এগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। জুপিতৰাই কেইবাখনো অসমীয়া বোলছবিত লগতে বিভিন্ন বিহুৰ ভিডিঅ' ছবিত অভিনয় কৰিছে। তেখেতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ দল কহিনুৰ থিয়েটাৰতো মুখ্য অভিনেত্ৰীৰ হিচাপে কাম কৰিছিল। অভিনয়ৰ লগতে জুপিতৰাই বিভিন্ন অনুষ্ঠানত ঘোষিকাৰ ভূমিকা পালন কৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

জুপিতৰা ভূঞা এগৰাকী অসমৰ চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। জুপিতৰাই কেইবাখনো অসমীয়া বোলছবিত লগতে বিভিন্ন বিহুৰ ভিডিঅ' ছবিত অভিনয় কৰিছে। তেখেতে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ দল কহিনুৰ থিয়েটাৰতো মুখ্য অভিনেত্ৰীৰ হিচাপে কাম কৰিছিল। অভিনয়ৰ লগতে জুপিতৰাই বিভিন্ন অনুষ্ঠানত ঘোষিকাৰ ভূমিকা পালন কৰিছে।

জন্ম

জুপিতৰা ভূঞাই অসমৰ ৰাজধানী নগৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল।

শিক্ষা

জুপিতৰা ভূঞাই গুৱাহাটীৰ তাৰিণী চৰণ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে।

কেৰিয়াৰ

এক সাক্ষাৎকাৰত তেওঁ কয় যে প্ৰায় ২০০৩ চনত দূৰদৰ্শন গুৱাহাটীত হোৱা এটা প্ৰগ্ৰেমৰ জৰিয়তে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০০৫ চনত শিবানন বৰুৱাৰ হিয়াৰ দাপোনত তোমাৰেই ছবি নামৰ চিনেমাখনেৰে ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়াৰ সৈতে জুপিতৰা ভূঞাই অসমীয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। উন্মনা মন, জোন তৰা আদি বিভিন্ন ভিচিডি ছবিতো তেওঁ অভিনয় কৰিছে।

তুমি যদি কোৱা

তুমি যদি কোৱা হৈছে চিম্পল গগৈৰ দ্বাৰা পৰিচালিত, সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰা অসমীয়া সংগীত আৰু ৰোমান্টিক নাটক নিহিত চলচ্চিত্ৰ আৰু প্ৰযোজনা কৰিছে টেৰন জিতুমনিয়ে।১ ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল হৈছে প্ৰসেনজিৎ বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন, ৰঞ্জন দত্ত, কৃষ্ণ। মেকআপ কৰিছে আকাশ গগৈ, সুভাষ আৰু বিজয়েতাই। ছবিখনৰ কাহিনী প্ৰস্তুত কৰিছে গৌতম ৰাভাই।ছবিখনে ২০১৩ চনৰ ১৪ জুনত মুক্তি লাভ কৰিছিল।

অজেয়

অজেয় জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ চলচ্চিত্ৰ৷ সাহিত্য একাডেমী বঁটা বিজয়ী ১৯৯৭ চনত অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালকে নিজে চিত্ৰনাট্য লিখা অসমীয়া উপন্যাস আশীৰবাদৰ ৰঙৰ আধাৰত অজেয় নিৰ্মিত হৈছে। শংকৰ লাল গোয়েংকাই প্ৰযোজনা কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰূপম চেতিয়া আৰু জুপিতৰা ভূঞাই। ২০১৪ চনৰ ৩ জানুৱাৰীত ছবিখনে মুক্তি পায়।২

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ গ্ৰামাঞ্চলত সামাজিক দুষ্টতাৰ বিৰুদ্ধে যুঁজ দিয়া এজন সৎ, আদৰ্শ বিপ্লৱী যুৱক গজেন কেওটৰ সংগ্ৰাম চিত্ৰিত কৰিছে অজেয়ই। চিনেমাখনত জুপিতৰা ভূঞাই মুছলমান চৰিত্ৰ এটাৰ চৰিত্ৰত অভিনয় কৰিছিল।

অভিনীত চলচ্চিত্ৰ

সময় (চন)ছবিৰ নামঅভিনীত চৰিত্ৰঅন্যান্য
২০০৫হিয়াৰ দাপোণত তোমাৰে ছবিলীজাজুপিতৰাৰ প্ৰথম চলচ্চিত্ৰ
২০১১তোমাৰ খবৰঅঞ্জনা
২০১৩তুমি যদি কোৱাসঞ্জনাছবিখন পৰিচালনা কৰিছে চিম্পল গগৈয়ে (প্ৰথম পৰিচালনা ছবি)
২০১৩অজেয়হাচিনাউক্ত ছবি খনৰ হাচিনা চৰিত্ৰটিৰ বাবে জুপিতৰা ভুঞা ২০১৪ চনৰ প্ৰাগ চিনে বঁটাত শীৰ্ষ অভিনেত্ৰী শিতানৰ অধিকাৰী হৈছে
২০১৪অথেলোটিনা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Aiyushman Dutta - Simple Gogoi's debut film to hit big screens next month. on Sentinel Assam Newspaper
  2. ↑ Deka, Prantik. (30 December 2013). Jahnu Barua's Ajeyo releases on January 3. The Sentinel

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুপিতৰা ভূঞা” প্ৰবন্ধৰ সংশোধন ৩৮১০৫৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।