মাধুৰীমা চৌধুৰী (Madhurima Choudhury) অসমৰ এগৰাকী অভিনয় শিল্পী আৰু নৃত্য পটীয়সী। তেওঁ বহুকেইখন অসমীয়া কথাছবি, ভিচিডি আৰু ধাৰাবাহিকত অভিনয় কৰিছে। তেওঁ দূৰদৰ্শণ কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী ঘোষিকা হিচাপেও কৰ্মৰত আছিল। চৌধুৰী আছিল অসমৰ লতাশিল বিহুতলীৰ প্ৰথমগৰাকী বিহুৰাণী।১
প্ৰাৰম্ভিক জীৱন
মাধুৰীমা চৌধুৰীৰ জন্ম হয় যোৰহাটত। তেওঁৰ পিতৃ ধৰ্মকান্ত মহন্ত হ'ৰ্ডিঙৰ ব্যৱসায় কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি আছিল। তেওঁৰ মাতৃৰ নাম ইন্দুপ্ৰভা মহন্ত। চৌধুৰীৰ বয়স এবছৰমান হওঁতেই তেওঁলোক গুৱাহাটীৰ শিলপুখুৰীলৈ আহে আৰু তাতেই থাকিবলৈ লয়। সৰুতেই পিতৃৰ পৰা সত্ৰীয়া নৃত্যৰ আদিপাঠ শিকা চৌধুৰীয়ে পৰৱৰ্তী সময়ত গুৱাহাটীত ৰসেশ্বৰ শইকীয়া বৰবায়নৰ তত্ত্বাৱধানত সত্ৰীয়া নৃত্যৰ দীক্ষা গ্ৰহণ কৰে। পিছলৈ তেওঁ বিহু নৃত্যৰ প্ৰতি আকৰ্ষিত হয়।১
অভিনয় জীৱন
চৌধুৰীয়ে ১৯৭৯ চনত মুক্তিলাভ কৰা ড° ভূপেন হাজৰিকা পৰিচালিত মন প্ৰজাপতি চলচ্চিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ পেলায়। এই ছবিখনত তেওঁৰ মুখত কোনো সংলাপ নাছিল আৰু ইয়াত তেওঁ এটা মাত্ৰ নৃত্যৰ দৃশ্যত অভিনয় কৰিছিল। সেই সময়ত তেওঁ বিদ্যালয়ৰ ছাত্ৰী আছিল। অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ নিজৰ দ্বিতীয়খন ছবি আনোৱাৰ হুছেইন পৰিচালিত শ্ৰী শ্ৰী মা কামাখ্যাত দেৱী কামাখ্যা আৰু পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰৱেশিকা শ্ৰেণীত নামভৰ্তি কৰিয়েই চৌধুৰী বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পিছত তেওঁ অভিনয় কৰা প্ৰথমখন ছবি আছিল মৃদুল গুপ্তাৰ কৃষ্ণচূড়া। ইয়াৰ পিছত তেওঁএকত্ৰিশ জুন, হিয়া দিয়া নিয়া, বিধাতা (চলচ্চিত্ৰ),কন্যাদান, মহাপুৰুষ (চলচ্চিত্ৰ),জোনদা ইমান গুণ্ডা,স্বৰ্গৰথ (চলচ্চিত্ৰ),মৰীচিকা (চলচিত্ৰ),ডক্তৰ বেজবৰুৱা ২ বহুকেইখন অসমীয়া চলচ্চিত্ৰ, দূৰদৰ্শণ ধাৰাবাহিক আৰু ভিচিডিত অভিনয় কৰে। চৈয়দ আব্দুল মালিকৰ সূৰুযমুখীৰ স্বপ্ন শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত একে নামৰ ধাৰাবাহিকত কপাহী নামৰ চৰিত্ৰত আৰু তৌফিক ৰহমান পৰিচালিত নিশাৰ নায়কত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।১
নৃত্য পটীয়সী হিচাপে
মাধুৰীমা চৌধুৰী শৈশৱৰে পৰা নৃত্যৰ সৈতে জড়িত আছিল। তেওঁ কৃষ্ণ নৃত্য পৰিৱেশন কৰিছিল। প্ৰথমাৱস্থাত তেওঁ যতীন গোস্বামীৰ ওচৰত আৰু পিছলৈ ৰসেশ্বৰ শইকীয়া বৰবায়নৰ ওচৰত সত্ৰীয়া নৃত্যৰ দীক্ষা গ্ৰহণ কৰে। তেওঁ আছিল লতাশিল বিহুতলীৰ বিহুৰাণীৰ (১৯৭৯) খিতাপ লাভ কৰা প্ৰথমগৰাকী বিহু নাচনী। তেওঁ প্ৰভাত শৰ্মাৰ ওচৰত বৰগীতৰো দীক্ষা গ্ৰহণ কৰিছিল।
ব্যক্তিগত জীৱন
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত নামভৰ্তি কৰিয়েই মাধুৰীমা চৌধুৰী পৰেশ চৌধুৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।
তথ্যসূত্ৰ
- ↑ (15 May 2022). সু-প্ৰভাত অসমৰ আজিৰ অতিথি মাধুৰিমা চৌধুৰী. DD Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধুৰীমা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬২৩৯২১ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।