অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী
৫৫ প্ৰবন্ধ
-
গীতাৱলী ৰাজকুমাৰী
গীতাৱলী ৰাজকুমাৰী (Gitawali Rajkumari) হৈছে অসমৰ এগৰাকী অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল অসমৰ যোৰহাট জিলাত। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত “হিয়া দিয়া নিয়া”, “ককাদেউতাৰ ঘৰ জোঁৱাই” আদি অন্যতম।
-
বীণা বাৰুৱতী
বীণা বাৰুৱতী (Bina Baruwati) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী। দূৰদৰ্শন ধাৰাবাহিক আৰু মঞ্চত অভিনয় কৰাৰ উপৰিও তেওঁ আকাশবাণীৰ নাট্ বিভাগৰ এগৰাকী শিল্পী। পদুম বৰুৱা পৰিচালিত গঙা চিলনীৰ পাখি ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ ভূমিকাত অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।
-
দীপান্বিতা শৰ্মা
দীপান্বিতা শৰ্মা (Dipannita Sharma) বলিউডত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল। ১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ '১৬ ডিচেম্বৰ' চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চিত্ৰজগতত খোজ দিয়ে।
-
ৰুণু দেৱী
ৰুণু দেৱী হ’ল অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী। সংগ্ৰাম লগ্নে আজি নামৰ একাংকিকা নাট এখনৰ জৰিয়তে শিশু অৱস্থাতে অভিনয় জীৱনৰ পাতনি মেলা দেৱীয়ে পঞ্চাশৰো অধিক মঞ্চ নাট,ষাঠিৰো অধিক অনাতাঁৰ নাট,সন্ধ্যাৰাগ,কোলাহল,মেঘমুক্তি আদি উচ্চ প্ৰশংসিত অসমীয়া চলচ্চিত্ৰ আৰু বিভিন্ন ধৰাবাহিকত…
-
ৰেণু শইকীয়া
ৰেণু শইকীয়া (১০ ডিচেম্বৰ ১৯৩৪ – ১৭ নৱেম্বৰ ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ঘাইকৈ অসমীয়া চলচ্চিত্ৰ আৰু থিয়েটাৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ তিনিখন জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰি চৰিত্ৰ অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰিছিল।
-
অমৃতা গগৈ
অমৃতা গগৈ (Amrita Gogoi) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। ২০১৫ চনত মুক্তিপ্ৰাপ্ত অহেতুক নামৰ অসমীয়া চলচ্চিত্ৰ খনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত প্ৰৱেশ কৰে।
-
দীপলিনা ডেকা
দীপলিনা ডেকা (Deeplina Deka) অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক ডিগ্ৰীধাৰী দীপলিনা অসমত "পৰী" নামেৰেও পৰিচিত। জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰখনৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
ৰেবা ফুকন
ৰেবা ফুকন (ইংৰাজী: Reba Phukan) অসমৰ এগৰাকী অভিনেত্ৰী। বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু ছুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে ৷ ইয়াৰ উপৰিও অসমৰ ভ্ৰাম্যমান থিয়েটাৰসমূহত তেখেতে বহু নাটকত অভিনয় কৰিছে ৷ অসমৰ গোলাঘাট জিলাৰ কঁহৰা গাঁৱত ২৩ জুন তাৰিখে তেখেতৰ জন্ম হৈছিল ৷ তেখেতৰ পিতৃৰ…
-
আভা হাজৰিকা
আভা হাজৰিকা (Abha Hazarika; ১৪ মে' ১৯৪৪- ১১ ডিচেম্বৰ, ২০১০) হৈছে এগৰাকী অসমীয়া অভিনেত্ৰী আৰু পৰিচালক। স্বামী ইন্দুকল্প হাজৰিকা পৰিচালিত 'মানৱ আৰু দানৱ' ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল। আভা হাজৰিকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী তথ্যচিত্ৰ পৰিচালক।
-
জুবলী বৰুৱা
জুবলী বৰুৱা (ইংৰাজী: Zublee Baruah) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী বিখ্যাত গায়িকা, গীতিকাৰ আৰু সুৰকাৰ। তেখেতে বৰ্তমানলৈ বহুকেইটা জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবি আৰু ধাৰাবাহিকটো অভিনয় কৰি আহিছে৷ "জন্ম" তেখেতৰ একক কণ্ঠৰ এক এলবাম৷
-
বৰ্ণালী পূজাৰী
বৰ্ণালী পূজাৰী (Barnali Pujari) হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী আৰু লেখিকা। ১৯৯০-ৰ দশকৰ শেষৰ ফালৰ পৰা তেওঁ অসমীয়া কথাছবি, টেলিভিছন ধাৰাবাহিক আৰু ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি আহিছে।
-
সুহাসিনী মুলে
সুহাসিনী মুলে (Suhasini Muley; জন্ম: ২০ নৱেম্বৰ ১৯৫০) অসমীয়া, হিন্দী আৰু মাৰাঠী ছবিৰ লগতে টেলিভিছনৰ অভিনেত্ৰী। তেওঁ পাঁচটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। জাহ্নু বৰুৱাৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ অপৰূপা মূল নাৰী চৰিত্ৰটো মুলেই ৰূপায়ণ কৰিছিল।
-
মোহিনী ৰাজকুমাৰী
মোহিনী ৰাজকুমাৰী (Mohini Rajmumari) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। তদুপৰি তেওঁক প্ৰথম অসমীয়া মহিলা ঠিকাদাৰ ৰূপে তেওঁক বিশেষভাবে উল্লেখ কৰা হয়। তেওঁ জীৱনকাল মাত্ৰ দুখনহে অসমীয়া ছবিত অভিনয় কৰিছে, য’ত তেওঁ অভিনয় নৈপুণ্যৰ স্বাক্ষৰ ৰাখি থৈ গৈছে।
-
লুনা লহকৰ
লুনা লহকৰ (ইংৰাজী: Luna Lahkar) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু চুটি ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেখেতে ইউনাইটেড ছিক্স নামৰ বলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল।
-
স্বৰ্গজ্যোতি বৰুৱা
স্বৰ্গজ্যোতি বৰুৱা (Swargajyoti Barooah), বিয়াৰ আগত স্বৰ্গজ্যোতি দত্ত, এগৰাকী অসমীয়া অভিনেত্ৰী। ১৯৩৫ চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীত তেওঁ শিশুশিল্পী হিচাপে অভিনয় কৰিছিল।
-
জুমণি নেওগ
জুমণি নেওগ বা 'নন্দিনী জুমণি' বলিউডৰ এগৰাকী অসমীয়া মডেল আৰু অভিনেত্ৰী। তেওঁৰ জন্ম হৈছিল জন্ম বিশ্বনাথ চাৰিআলিৰ লেহু গাঁৱত। পুণা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নন্দিনী এগৰাকী IPS বিষয়া হোৱাৰ মন আছিল। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে তেওঁ গ্লেমাৰৰ জগতত নামি পৰে।
-
পাঞ্চালী গুপ্তা
পাঞ্চালী গুপ্তা (Panchali Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ বহুকেইখন অসমীয়া আৰু হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। বাতৰি কাকতৰ স্তম্ভলেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট।
-
বিনীতা বৰগোহাঁই
বিনীতা বৰগোহাঁই (Binita Borgohain) অসমৰ এগৰাকী অভিনয় শিল্পী। তেওঁ মূলতঃ ১৯৭৫ চনত মুক্তিলাভ কৰা আব্দুল মজিদ পৰিচালিত চামেলি মেমচা'ব চলচ্চিত্ৰৰ নাম-ভূমিকাত অভিনয় কৰাৰ বাবে পৰিচিত। ইয়াৰোপৰি তেওঁ সত্ৰীয়া নৃত্য আৰু নাটকৰো অনুশীলন কৰিছিল।
-
লেইছাংথেম টোনথোইংগাম্বী দেৱী
টোনথোইংগাম্বr লেইছাংথেম (Kavitha Manoranjini) এগৰাকী ভাৰতীয় অভিনেত্ৰী; জনপ্ৰিয়ভাৱে টোনথোই নামেৰে পৰিচিত। তেওঁ মণিপুৰী চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।
-
ৰঞ্জনা শৰ্মা বৰদলৈ
ৰঞ্জনা শৰ্মা বৰদলৈ (Ranjana Sharma Bordoloi; জন্ম: ০৮ ফেব্ৰুৱাৰী, ১৯৪৮ ) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা। ২০২৫ চনৰ ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ JJM হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।
-
তৰা (অসমীয়া অভিনেত্ৰী)
তাৰা (জন্ম ৩ আগষ্ট ১৯৪৪, ভাৰত মণিপুৰ ইম্ফল) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি প্ৰায় ৫ দশক ধৰি অসমীয়া, মণিপুৰী, পঞ্জাৱী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।, তেখেতৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে ১৯৮৮ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা হালধীয়া চৰায়ে বাওধান খাই,…
-
মেঘৰঞ্জনী মেধি
মেঘৰঞ্জনী মেধি এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু অভিনেত্ৰী। ২০২৪ চনত তেওঁ সংগীত নাটক একাডেমীৰ পৰা কথক নৃত্যশিল্পী হিচাপে ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ লাভ কৰে।
-
ৰশ্মি দেশাই
শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।
-
তৰুলতা কুটুম
তৰুলতা কুটুম হৈছে এগৰাকী অসমৰ মিচিং সমাজৰ গায়িকা, সুৰকাৰ, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ মিচিং ভাষাত গান, বিশেষকৈ পৰম্পৰাগত ঐনিতম শৈলী জনপ্ৰিয় কৰাৰ বাবে জনাজাত। তেওঁৰ সংগীতত অসমীয়া আধুনিক সংগীতৰ ধাৰা আৰু মিচিং লোকসংগীতৰ সংমিশ্ৰণ দেখা যায়।
-
মাহিকা শৰ্মা
মাহিকা শৰ্মা এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰি মিছ টিন নৰ্থ-ইষ্ট হিচাপে বাছনি হৈছিল। তেওঁ ভাৰতীয় টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰিছিল। তেওঁ এফ.আই.আৰ. ধাৰাবাহিক আৰু বলিউডৰ চলচ্চিত্ৰ Mr Joe B. Carvalho-ত অভিনয় কৰিছিল।