অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্ঞানদা কাকতি

জ্ঞানদা কাকতি (Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে।

হালনাগাদ: ১১ জানুৱাৰী ২০২৫ ১৩২ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

জ্ঞানদা কাকতি (Gyanada Kakati) এগৰাকী অসমীয়া অভিনেত্ৰী আৰু কণ্ঠশিল্পী। ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমৰ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে। বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ ছবিখন প্ৰদৰ্শিত হৈছিল।১ ২০০২ চনত তেওঁ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে।২

প্ৰাৰম্ভিক জীৱন

১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জ্ঞানদা কাকতিৰ জন্ম হয়।২ তেওঁ পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস।১ তেওঁৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত থকাত লাবানত তেওঁলোক স্থায়ীভাৱে বসবাস কৰিছিল। অভিনেত্ৰীগৰাকীৰ পিতৃও মঞ্চাভিনয়ৰ লগত জড়িত আছিল৷ শ্বিলঙত সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল৷ পিতৃ মঞ্চাভিনেতা হোৱা সূত্ৰে জ্ঞানদা কাকতিয়ে সৰুৰে পৰা এক অভিনয়ৰ পৰিৱেশ পাইছিল। দেৱেন দাসে শ্বিলঙৰ অসম ক্লাৱ নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগত হোৱা নাটকত অভিনয় কৰিছিল। তেওঁ সৰু থাকোঁতে সতী বেউলা নামৰ নাটক এখনত নৃত্য পৰিৱেশন কৰিছিল। এই নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁৰ প্ৰশংসা কৰিছিল। শৈশৱকালতেই জ্ঞানদা কাকতিয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত আমি অসমীয়া নহওঁ দুখীয়া শীৰ্ষক গীতটো পৰিৱেশন কৰিছিল৷

কৰ্ম জীৱন

পূবেৰুণ ছবিত মাৰ্গাৰেট এণ্ডাৰছনৰ সৈতে জ্ঞানদা কাকতি
পূবেৰুণ ছবিত মাৰ্গাৰেট এণ্ডাৰছনৰ সৈতে জ্ঞানদা কাকতিছবি: Producer of the film "Puberun' · Public domain

সেই সময়ত শ্বিলঙৰ প্ৰখ্যাত 'কামৰূপী নৃত্য সংঘ'ত জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। কাকতিয়ে বিবাহৰ পিছতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯৪৮ চনত মুক্তি লাভ কৰা পাৰঘাট ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰশংসা বোটলে। ইয়াৰ পিছত তেওঁ পিয়লি ফুকন, সৰাপাত, লখিমী (চলচ্চিত্ৰ), ৰঙা পুলিচ, পূবেৰুণ (চলচ্চিত্ৰ), চাকনৈয়া, প্ৰথম ৰাগিনী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি জনপ্ৰিয় ছবিত অভিনয় কৰে। ইয়াৰে ১৯৫৯ চনৰ পূবেৰুণ (চলচ্চিত্ৰ)ত কৰা অভিনয় দৰ্শকৰ মাজত জনপ্ৰিয় হয়। ১৯৬০ চনৰ বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত পূবেৰুণ প্ৰদৰ্শিত হয়।৩ এই মহোৎৱত অংশগ্ৰহণ কৰি কাকতিয়ে কেৰী গ্ৰাণ্ট, ছ’ফিয়া লৰেন আদি হলীউদৰ শিল্পীক ঘনিষ্ঠভাৱে লগ পায়।৪ তেওঁ নীলাচলেৰ মহাপ্ৰভু, গড়েৰ মাঠে, বৰমা আদি বঙালী ছবিতো অভিনয় কৰে। বন্দীনী নামৰ হিন্দী ছবিত নায়িকাৰ প্ৰস্তাৱ দিয়া হৈছিল যদিও সেই প্ৰস্তাৱ তেওঁ প্ৰত্যাখান কৰে।৪ কাকতি আকাশবাণী গুৱাহাটী আৰু শ্বিলং কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। দুয়োটা কেন্দ্ৰতে গীত পৰিৱেশন কৰাৰ লগতে তেওঁ গ্ৰামোফোন ৰেকৰ্ডতো গীত বাণীবদ্ধ কৰিছে।১

ব্যক্তিগত জীৱন

তেওঁ লোহিত কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১

বঁটা আৰু সন্মান

  • অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা
  • অসম চৰকাৰৰ ৰাজ্যিক শিল্পী পেন্সন
  • সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আইদেউ সন্দিকৈ সোঁৱৰণী বঁটা
  • শিল্পীপ্ৰাণ চন্দ্ৰ ফুকন বঁটা৫

মৃত্যু

২০২৫ চনৰ ৮ জানুৱাৰী, বুধবাৰে বাৰ্ধক্যজনিত কাৰণত ৯২ বছৰ বয়সত জ্ঞানদা কাকতিৰ শ্বিলঙৰ বেথানি চিকিৎসালয়ত১ মৃত্যু হয়।২

চলচ্চিত্ৰপঞ্জী

মুক্তিলাভচলচ্চিত্ৰভূমিকাটোকা
১৯৪৮পাৰঘাটপ্ৰথম ছবি
১৯৫৫পিয়লি ফুকন
১৯৫৬সৰাপাত
১৯৫৬লখিমী (চলচ্চিত্ৰ)
১৯৫৮ৰঙা পুলিচ
১৯৫৯পুৱতি নিশাৰ সপোন
১৯৫৯ পুবেৰুণমেঘালীৰাষ্ট্ৰপতিৰ ৰূপৰ পদক বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন
১৯৫৯চাকনৈয়ালখিমী
১৯৬২নৰকাসুৰনৰকাসুৰৰ মাতৃ বসুমতী
১৯৭১শেষ বিচাৰ
১৯৭২ওপৰ মহলা
১৯৮৭প্ৰথম ৰাগিনীশ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
১৯৯৩প্ৰিয়জন
১৯৯৬ৰাগ-বিৰাগ

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ এন ই নাও নিউজ. (৯ জানুৱাৰী, ২০২৫). অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰসিদ্ধ অভিনেত্ৰী, কণ্ঠশিল্পী জ্ঞানদা কাকতিৰ দেহাৱসান. নৰ্থ ইষ্ট নাও
  2. ↑ (৯ জানুৱাৰী, ২০২৫). বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান... অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক. পৃ. মুখ্য পৃষ্ঠা
  3. ↑ দাস, অৰুণলোচন (২০০১), 'এবাৰ উভতি চাওঁ', শিশুসাৰথি প্ৰকাশন, গুৱাহাটী।
  4. ↑ কমল কুমাৰ ভাগৱতী. (২৭ মাৰ্চ, ২০১৬). জ্ঞানদা কাকতি. দৈনিক অসম
  5. ↑ Dibya J Borthakur. (Sep 18, 2007). Dulal Roy, Gyanada Kakati felicitated By

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰীঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞানদা কাকতি” প্ৰবন্ধৰ সংশোধন ৪৬৩২১৪ (১১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।