অসমীয়া অভিনেতা
৭৩ প্ৰবন্ধ
-
ব্ৰজেন বৰা
ব্ৰজেন বৰা (Brajen Borah) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ। তেওঁৰ জন্ম হৈছিল শিৱসাগৰত।১৯৮২ চনত সাদৰী নামে অসমীয়া চলচ্চিত্ৰখনৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে বৰ্তমানলৈ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা আৰু অভিনয় কৰিছে।
-
কেনী দেউৰী বসুমতাৰী
কেনী দেউৰী বসুমতাৰী (Kenny Deori Basumatary) অসমৰ এগৰাকী অভিনেতা, চলচ্চিত্ৰ পৰিচালক তথা উদীয়মান লেখক।
-
কুলদা কুমাৰ ভট্টাচাৰ্য
কুলদা কুমাৰ ভট্টাচাৰ্য (Kulada Kumar Bhattacharjee, জন্ম: ১৯৩৩, মৃত্যু: ১ নৱেম্বৰ ২০২৪) অসমৰ এগৰাকী অনাতাঁৰ শিল্পী, অভিনেতা তথা পৰিচালক। তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ যোগে প্ৰচাৰিত ৰেডিঅ' নাট 'পৰশুৰাম'ত অভিনয়ৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
দিগন্ত হাজৰিকা
দিগন্ত হাজৰিকা এজন ভাৰতীয় অভিনেতা তথা মডেল। প্ৰসিদ্ধ হিন্দী ছবি নিৰ্দেশক আশুতোষ গোৱাৰীকেৰৰ সিন্ধু সভ্যতাৰ ওপৰত নিৰ্মিত ছবি মহেঞ্জোদাৰো (চলচ্চিত্ৰ)ৰ জৰিয়তে তেওঁ হিন্দী বোলছবি জগতত প্ৰৱেশ কৰিছে। তেওঁ কেইবাখনো অসমীয়া আৰু হিন্দী চিনেমাত অভিনয় কৰিছে।
-
দুৰ্গেশ্বৰ বৰঠাকুৰ
দুৰ্গেশ্বৰ বৰঠাকুৰ (Durgeswar Borthakur) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ আছিল। নাটকৰ প্ৰতি থকা আগ্ৰহৰ বাবেই তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাকৰি এৰি অনাতাঁৰ কেন্দ্ৰত যোগদান কৰিছিল।
-
পৰাগধৰ চলিহা
পৰাগধৰ চলিহা (Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল। তেওঁ কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমত তেওঁ সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল।
-
মিৰেল কুদ্দুছ
মিৰেল কুদ্দুছ (Mirel Kuddus) সত্তৰ, আশী আৰু নব্বৈৰ দশকৰ এজন অসমীয়া চলচ্চিত্ৰৰ অভিনেতা। কৌতুক অভিনেতা ৰূপে তেওঁ যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
গণেশ গগৈ
গণেশ গগৈ (Ganesh Gogoi; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও, তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল।
-
লক্ষী বৰঠাকুৰ
লক্ষী বৰঠাকুৰ (Lakshi Borthakur) অসমৰ এগৰাকী অভিনয় শিল্পী, নাট্যকাৰ তথা লেখক আছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ ওপৰত আধাৰিত লটকন সাধুৰ নাট্যৰূপত নোমলৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ব্ৰজনাথ শৰ্মা
ব্ৰজনাথ শৰ্মা (Brajanath Sarma) (১৮৯৪ – ১৯৬০) আছিল অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমান নাটকৰ জনক। অসমত সহ-অভিনয়ৰ বাটকটীয়া। ১৯৭৬ চনত বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই 'সাংস্কৃতিক' শীৰ্ষক এখন স্মৃতিগ্ৰন্থত প্ৰথমে ব্ৰজনাথ শৰ্মাক অভিনয়াচাৰ্য উপাধিৰে উল্লেখ কৰিছিল।
-
মহানন্দ শৰ্মা
মহানন্দ শৰ্মা (জন্ম: ১২ নৱেম্বৰ ১৯৩৫, মৃত্যু: ২০ জুন ২০১৫) অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। ৭০-৮০ দশকত ভ্ৰাম্যমান থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা এই শিল্পীগৰাকীয়ে ২০০৪ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে।
-
নয়ন নীলিম
নয়ন নিলীম (ইংৰাজী: Nayan Nilim) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেখেত এজন গায়কো৷ "আবেলি" নামৰ এটা সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। বিহু নৃত্যৰ ক্ষেত্ৰটো তেখেতৰ সুনাম আছে। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ আৰু ছুটি ছবিত অভিনয় কৰিছে৷
-
অমৰজ্যোতি চৌধুৰী
অমৰজ্যোতি চৌধুৰী (Amarjyoti Choudhury, জন্ম ১৯৫০ চনত) অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য।
-
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (১৮৮৭-১৯৬১) অসমৰ এগৰাকী অভিনেতা, কবি, নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ, সঙ্গীতজ্ঞ আৰু শিক্ষাবিদ। অসমৰ নাট্যজগতলৈ অৱদানৰ বাবে তেখেতক "নাট্যাচাৰ্য্য" বুলি অভিহিত কৰা হয়। শিৱসাগৰত জন্মলাভ কৰি তেখেতে সৰুতেই নানান বাদ্যৰ জ্ঞান লাভ কৰিছিল।
-
গুণ মহন্ত
গুণ মহন্ত (Guna Mahanta) অসমৰ এগৰাকী অভিনয় শিল্পী আছিল। তেওঁ ১৯৪৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰে। অগ্নিগড়, ৰঙানদী, উজনিৰ দুজনী গাভৰু, মন, শ্ৰীমন্ত শংকৰদেৱ, বীৰ চিলাৰায়, মাঘত মামণিৰ বিয়া আদি ছবিত তেওঁ অভিনয় কৰে। ২০১৮ চনৰ ২৭ আগষ্টত মহন্তৰ দেহাৱসান ঘটে।
-
নগেন বৰা
নগেন বৰা (Nagen Borah) অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক। তেওঁ তিনি সহস্ৰাধিক গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে।
-
পবিত্ৰ কুমাৰ ডেকা
পবিত্ৰ কুমাৰ ডেকা (Pabitra Kumar Deka, ২৯ জানুৱাৰী ১৯৪০ – ৫ জানুৱাৰী ২০১০) অসম, ভাৰতৰ এগৰাকী চলচ্চিত্ৰ আৰু সাংস্কৃতিক সাংবাদিক, স্তম্ভলেখক, প্ৰকাশক আৰু মাহেকীয়া আলোচনীৰ সম্পাদক, চলচ্চিত্ৰ সমালোচক আৰু চিত্ৰনাট্যকাৰ।
-
পবিত্ৰ ৰাভা
পবিত্ৰ ৰাভা (Pabitra Rabha, জন্ম ৩১ জানুৱাৰী ১৯৭৬) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। অসমৰ ওদালগুৰি জিলাৰ টংলাত জন্মগ্ৰহণ কৰা ৰাভাই হিন্দী, বঙালী, ইংৰাজী আদি ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। ২০১১ চনত থিয়েটাৰত পৰিচালকৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে তেওঁ 'উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ' লাভ কৰে।
-
ভোলা কটকী
ভোলা কটকী (Bhola Kotoky; ১৯৩৫-২০২২) অসমৰ এজন নাট্যকাৰ আৰু মঞ্চ তথা চলচ্চিত্ৰ অভিনেতা আছিল। অসমৰ একাংকিকা নাটৰ বাটকটীয়াসকলৰ তেওঁ আছিল অন্যতম। ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বিতীয় বোলছবি অনিৰ্বাণত তেওঁ ৰজনী মাষ্টৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
সূৰ্যকান্ত হাজৰিকা
সূৰ্যকান্ত হাজৰিকা (জন্ম: ৩১ মে' ১৯৫৬) এগৰাকী ভাৰতীয় সাহিত্যিক, সাংবাদিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰকাশক আৰু শিক্ষাবিদ। তেওঁ ভাৰত চৰকাৰৰ পৰা ২০০৮ চনত সাহিত্য আৰু শিক্ষা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰিছিল। তেখেত বৰ্তমান সাহিত্য সভাৰ সভাপতি।
-
সৰ্বেশ্বৰ চক্ৰৱৰ্তী
সৰ্বেশ্বৰ চক্ৰৱৰ্তী (জন্ম: জুন ১৯১৭ – মৃত্যু: ১২ এপ্ৰিল ১৯৭২) এগৰাকী খ্যাতনামা অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক। তেওঁ কৈশোৰ কালৰে পৰা কামৰূপ নাট্য সমিতিৰ সৈতে জড়িত আছিল আৰু মঞ্চ, অনাঁতাৰ আৰু চলচ্চিত্ৰ – এই তিনিওটা মাধ্যমতে নাট্য চৰ্চা কৰিছিল।
-
ৰাগ ঐনিতম
ৰাগ ঐনিতম (Raag Oinitom) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা আৰু মডেল। তেওঁ অসমীয়া ধাৰাবাহিক ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছে। তেওঁ অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত জীৱন বাটৰ লগৰী (চলচ্চিত্ৰ), জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) অন্যতম।
-
অতুল পাচনী
অতুল পাচনী (Atul Pachani) অসমৰ এগৰাকী অভিনয় শিল্পী। ১৯৬০ চনৰ ২১ জানুৱাৰীত মাজুুলীত তেওঁৰ জন্ম হয়।
-
আশ্ৰাফুল হক
আশ্ৰাফুল হক (Ashraful Haque, জন্ম: ৩ নৱেম্বৰ ১৯৬৯, মৃত্যু: ১৭ ফেব্ৰুৱাৰী, ২০১৫) অসমৰ গোৱালপাৰা জিলাত জন্মলাভ কৰা এজন ভাৰতীয় অভিনেতা। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হকে ৩০ খনতকৈয়ো অধিক চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।
-
গুঞ্জন ভৰদ্বাজ
গুঞ্জন ভৰদ্বাজএগৰাকী ভাৰতীয় অভিনেতা। তেওঁ অসমীয়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে বিখ্যাত। ২০১৪ চনত অসমীয়া ছবি টি আৰ পি আৰুত অভিনয়ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ আগতে তেওঁ জানমণি ভিচিডিত অভিনয় কৰিছিল। তেওঁ অহেতুক বোলছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ধৰণী বৰ্মণ
ধৰণী বৰ্মন(১৯২৬ - ২০১৭) অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল। নলবাৰী জিলাৰ চামতাত জন্ম গ্ৰহণ কৰা বৰ্মণে সুৰদেৱী থিয়েটাৰৰ জন্ম দিয়ে। চিৰাজ,চম্বলৰ অভিশাপ আদি নাটত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা বৰ্মণ সংগীত নাটক একাডেমী বঁটা লাভ কৰা ভ্ৰাম্যমাণৰ প্ৰথম ব্যক্তি।
-
পদ্ম কৈৰী
পদ্ম কৈৰী (Padma Koiri, ১৯৫২ - ৮ জুন ২০২০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, ৰাজনৈতিক নেতা, সমাজকৰ্মী, অভিনেতা তথা কণ্ঠশিল্পী। তেওঁ ১৯৮৫ চনৰ বিধানসভা নিৰ্বাচনত বিশ্বনাথ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
-
পৃথ্বীৰাজ ৰাভা
পৃথ্বীৰাজ ৰাভা (জন্ম ১৯৫৭ চন) অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অভিনেতা। তেওঁৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু মাতৃ কনকলতা ৰাভা। তেওঁ অসমীয়া বোলছবি শ্ৰীমন্ত শঙ্কৰদেৱে (২০১০),অহেতুক, লখিমী আৰু ফিৰিঙতিত অভিনয় কৰিছিল। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁ অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
প্ৰমোদ বৰুৱা
প্ৰমোদ বৰুৱা (Promod Barua) অসমৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু অভিনেতা। ১৯৬৭ চনত কেইজনমান চলচ্চিত্ৰ অনুৰাগীৰ সহযোগিতাত সমবায় ভিত্তিত বিশ্বনাথ চাৰিআলিত পোন প্ৰথমে "অভিযান" নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৯৭৩ চনত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে।
-
অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা
অসমীয়া চলচ্চিত্ৰৰ অভিনেতা অভিনেত্ৰীসকলৰ তালিকা:-