অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পৰাগধৰ চলিহা

পৰাগধৰ চলিহা (Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল। তেওঁ কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমত তেওঁ সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল।

হালনাগাদ: ১১ মে’ ২০২৫ ৪৯৭ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

পৰাগধৰ চলিহা (Paragdhar Chaliha; ১৯২৩-১৯৯৯) এগৰাকী শিক্ষাবিদ, অভিনেতা আৰু সংগীতজ্ঞ আছিল। তেওঁ কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, সাহিত্যিক, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমত তেওঁ সেউজ কোঁৱৰ নামেৰে জনাজাত আছিল।

জন্ম

পৰাগধৰ চলিহাৰ ১৯২৩ চনৰ ১৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত জন্ম হয়। তেওঁৰ পিতৃৰ নাম পদ্মধৰ চলিহা আৰু মাতৃৰ নাম সুপ্ৰভা চলিহা।

বংশ পৰিচয়

পৰাগধৰ চলিহাৰ ককাক ফণীধৰ চলিহা বৰুৱা কায়স্থ বংশৰ ব্যক্তি আছিল। তেওঁৰ দুগৰাকী পত্নী আছিল। প্ৰথম গৰাকী বংশীধৰ নামতিয়াল বৰুৱাৰ বৰ জীয়ৰী সাবিত্ৰী চলিহা বৰুৱানী। তেওঁৰ দুই পুত্ৰ ক্ৰমে প্ৰেমধৰ চলিহা আৰু কুলধৰ চলিহা। দ্বিতীয়গৰাকী হ'ল দামোদৰ নামতিয়াল বৰুৱাৰ মাজু জীয়ৰী গুণদা চলিহা বৰুৱানী। এইগৰাকীৰ পুত্ৰ হ'ল পদ্মধৰ চলিহা, পুণ্যধৰ চলিহা, পুষ্পধৰ চলিহা, বুদ্ধধৰ চলিহা আৰু বিদ্যাধৰ চলিহা। উল্লেখযোগ্য যে এখেতসকলৰ মাতৃ গুণদা চলিহা আছিল শ্বহীদ মণিৰাম দেৱানৰ জীয়েকৰ ফালৰ নাতিনীয়েক। শিৱসাগৰৰ চলিহা পৰিয়ালৰ সন্তান ফণীধৰ চলিহাই ঊনবিংশ শতিকাত শিৱসাগৰত শিক্ষা আৰু জ্ঞানৰ পোহৰ বিলোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ফণীধৰ চলিহাৰ সন্তান পদ্মধৰ চলিহা আৰু পদ্মধৰ চলিহাৰ একমাত্ৰ সন্তান হ'ল পৰাগধৰ চলিহা। প্ৰকৃত নাম পৰাগ চলিহা।

শিক্ষা

চলিহাৰ জীৱনৰ প্ৰথম পঢ়াশালি-'শিৱসাগৰ বিদ্যাপীঠ'। স্বাধীনতা সংগ্ৰামত যিসকল শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল,সেইসকলৰ বাবে প্ৰতিষ্ঠা হৈছিল শিৱসাগৰ বিদ্যাপীঠ। ইয়াত কেইবছৰমান পঢ়াৰ পিছতে দেউতাক পদ্মধৰ চলিহা গুৱাহাটীলৈ গৈ 'অসমীয়া কাকত'ৰ সম্পাদনাৰ বাবে যাবলগীয়া হোৱাত একমাত্ৰ পুত্ৰ পৰাগ চলিহাই গুৱাহাটীৰ উজান বজাৰত থকা 'মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়'ত অধ্যয়ন কৰিবলগীয়া হয়। পুনৰ শিৱসাগৰলৈ ঘূৰি আহি ১৯৪০চনত শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা১ প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪২ চনত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাতো প্ৰথম বিভাগত চলিহা উত্তীৰ্ণ হয়। ৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশ লোৱাৰ বাবে চলিহা তেজপুৰ জেলত তিনিমাহ বন্দী হ'বলগীয়া হয়। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পিছত কটন কলেজত দুবছৰৰ পৰিৱৰ্তে মাত্ৰ একবছৰ পঢ়ি ১৯৪৪ চনত সুখ্যাতিৰে বি এ ডিগ্ৰী লাভ কৰে। পিছত ১৯৪৬ চনত কলকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত দ্বিতীয় শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ আইন বিভাগত প্ৰিলিমিনেৰী আৰু ইণ্টাৰমিডিয়েট পৰীক্ষাতো উত্তীৰ্ণ হয়। ১৯৪৬-৪৭ চনত গুৱাহাটী আৰ্ল ল কলেজত চলিহাই আইনৰ শিক্ষা লৈছিল। পৰাগধৰ চলিহাই শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা বি এ পাছ কৰে।। সেউজ কোঁৱৰ পৰাগ চলিহা ৰচনাৱলী-সম্পাদনা ত্ৰৈলোক্য শৰ্মা

কৰ্মজীৱন

শিৱসাগৰত নৈতিক আৰু আধ্যাত্মিক বিদ্যালয় প্ৰতিষ্ঠা শিৱসাগৰত প্ৰথম ষ্টেডিয়াম নিৰ্মাণ সৰ্বভাৰতীয় সংগীত নাটক একাডেমীৰ কাৰ্যনিৰ্বাহক সদস্য ভাৰতীয় জীৱন বীমা নিগম, মুম্বাইৰ সঞ্চালক পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া চীনা প্ৰতিৰোধ সমিতিৰ সম্পাদক, ৪২ চনৰ স্বাধীনতা সংগ্ৰামত অংশ লৈ তেজপুৰ জেলত কাৰাবাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ executive counsellor. ১৯৭৯ চনৰ চনৰ পৰা ১৯৮৫ চনলৈ ছয়বছৰীয়া বিদেশী বহিষ্কৰণ সংগ্ৰামত অংশ লৈ বহুত বাৰ কাৰাবাস, ১৯৮৫ চনত যোৰহাট লোকসভাৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা চলিহাই ছয়বছৰীয়া সংগ্ৰামত অংশ লোৱা বাবে ১৯৮২ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত যোৰহাট জেলত ৮ দিন ১৯৮৩ চনত একেই আইনতে ২৮ দিন পুনৰ ১৯৮৩ চনত জামীন বিহীনভাৱে ১০৭ ধাৰাত ৩২দিন জেলত বন্দী হ'বলগীয়া হৈছিল। অসমক চি গ্ৰুপত অন্তৰ্ভুক্ত কৰি পূৰ্ববংগৰ লগত চামিলকৰণৰ বিৰুদ্ধে সংগঠিত গ্ৰুপিং বিৰোধী আন্দোলন, নেতাজী দিৱস, ভাৰতীয় জাতীয় বাহিনী দিৱস, নৌবিদ্ৰোহ, দিৱসত চলিহাই কলকতাত অধ্যয়ন কৰি থাকোঁতে ছাত্ৰৰূপে অংশ লৈছিল। কলকতাৰ ৰেডিঅ'তো এদনীয়াকৈ প্ৰথম বিহুগীত পৰিৱেশন কৰা চলিহা প্ৰথম অসমীয়া। সেই সময়ত আকাশবাণীত চলিহাই নিয়মীয়াকৈ গীত পৰিৱেশন কৰিছিল। ১৯৭০ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিনিময় আঁচনিৰ অধীনত চলিহাই পূব জাৰ্মানীও ভ্ৰমণ কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত ১৯৫২ চনলৈকে স্বৰচিত গীতত সুৰ আৰোপ কৰি চলিহাই নিয়মীয়াকৈ গীত পৰিৱেশন কৰিছিল। কলিকতাত থাকোঁতে বিখ্যাত গায়ক পংকজ মল্লিক, হেমন্ত মুখাৰ্জীৰ লগত চলিহাই বহু ঠাইত গীত পৰিৱেশন কৰিছিল। চলিহাই সেউজীয়া সমাজ সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰি বহুতো বিখ্যাত গায়ক শিল্পী সৃষ্টিত অৰিহণা যোগাইছিল। এইক্ষেত্ৰত কোকিলকণ্ঠী গায়িকা দীপালি বৰঠাকুৰ আৰু তুলতুল ভঁৰালীৰ নাম উল্লেখযোগ্য।

পিতৃ পদ্মধৰ চলিহাই ১৯৪৭ চনত শিৱসাগৰত স্থাপন কৰা শিৱসাগৰ কলেজত তেওঁ প্ৰবক্তাৰূপে যোগ দি উপাধ্যক্ষৰ দায়িত্ব বহন কৰিছিল। ১৯৮৫ চনত তেওঁ এই কলেজৰে অধ্যক্ষৰূপে অৱসৰ লয়। পৰৱৰ্তীকালত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰূপেও কিছুকাল কাৰ্যনিৰ্বাহ কৰে।২ তেওঁ ১৯৬৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত বিভাগীয় প্ৰধান হিচাপে যোগদান কৰি প্ৰথম গৰাকী 'সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অধ্যাপক' আসনত অধিষ্ঠিত হৈছিল।

তেওঁ পিয়লি ফুকন, সোণ-ৰূপ নেওচি, শোণিত কুঁৱৰী আদি মঞ্চ নাটত অভিনয় কৰাৰ উপৰিও অপৰাজেয়, এণ্টনি মোৰ নাম, ছিৰাজ আদি বোলছবিত অভিনয় কৰিছিল। তদুপৰি তেওঁৰ মনৰ তীব্ৰ জাতীয়তাবোধ তেওঁক ৰাজনীতিত নামিবলৈ উদ্বুদ্ধ কৰিছিল।২ চলিহাদেৱে দলীয় নিৰ্বাচনত বিপুল ভোট লাভ কৰি অসম গণ পৰিষদ দলৰ সভাপতি পদত (১৯৯১-৯৬ চনলৈ) অধিষ্ঠিত হৈছিল। ১৯৯৫-৯৯ কালচোৱাত ৰাজ্যসভাৰ সাংসদ ৰূপে তেওঁ অসমক প্ৰতিনিধিত্ব কৰিছিল।৩৪৫

মৃত্যু

১৯৯৯ চনৰ ২১ জুন তাৰিখে ৰাতি ১২-০৫ বজাত তেওঁৰ মৃত্যু হয়।২

গ্ৰন্থৰাজী

  • অ মোৰ চিকুণী দেশ (আলেখ্য, ১৯৭২)
  • Aspects of Assamese Culture
  • নিয়তি,পৃথিৱী আৰু মানুহ ১৯৫২
  • বৰ লুইতৰ বান
  • ৰূপহীৰ বিহুতলী
  • যুগে যুগে বিহু
  • ব'হাগীৰ বিয়া
  • ৰাজ কাৰেঙৰ সন্ধিয়া এটি
  • ৰূপৰ কোঁৱৰ আহিল সৌৱা (১৯৫০)
  • ভাৰত স্বাধীন হ'ল
  • মহামানৱৰ মহাপ্ৰয়াণ
  • ৰংপুৰৰ ৰূপলেখা
  • সীমান্তৰ সম্ভেদ (সম্পাদিত)
  • The Out-look on NEFA (editedby Chaliha)
  • Patriotic Songs in Assamese
  • নিৱন্ধ একবিংশতি
  • অসমীয়া জাতি,ভাষা,সংস্কৃতি গঠনত বিভিন্ন লোকসমষ্টিৰ অৱদান
  • চাৰিহেজাৰ বছৰৰ অসম (আলেখ্য, ১৯৫২)
  • মহা মানৱৰ মহা প্ৰয়াণ (আলেখ্য)
  • চিত্ৰ বিচিত্ৰ (১৯৮৭)
  • অসমীয়া সংস্কৃতি আৰু সাহিত্য (১৯৭৩)
  • অসমীয়া সংস্কৃতিৰ সুভাণ্ড
  • সোণৰূপ নেওচি নাটক (১৯৫২)
  • বনপোনাৰ মনগীত (গীতৰ পুথি)২

তেওঁৰ মৃত্যুৰ পিছত অপ্ৰকাশিত লেখাসমূহ ত্ৰৈলোক্য শৰ্মাৰ সম্পাদনাত অজানৰ অমিয়া বাট আৰু সেউজ কোঁৱৰৰ সৌৰভ নামৰ দুখন গ্ৰন্থ প্ৰকাশ পায়। তদুপৰি ত্ৰৈলোক্য শৰ্মাৰ সম্পাদনাত ১২০০ (বাৰ)শ পৃষ্ঠাৰ সেউজ কোঁৱৰৰ ৰচনাৱলী ২০১৯ চনত প্ৰকাশ পায়।

বিষয়বাব

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ. (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃ. ১২৮. ISBN 978-81-7339-428-7
  2. ↑ বৰ্মণ, শিৱনাথ. (২০০৯). অসমীয়া জীৱনী অভিধান, তৃতীয় সংস্কৰণ. পৃ. ১২৬, ১২৭
  3. ↑ India. Parliament. Lok Sabha. (1986). Lok Sabha Debates. Lok Sabha Secretariat. পৃ. 73–
  4. ↑ RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003. ৰাজ্যসভা
  5. ↑ India. Parliament. Rajya Sabha. (1995). Parliamentary Debates: Official Report. Council of States Secretariat. পৃ. 175 ৬/ ত্ৰৈলোক্য শৰ্মাৰ সম্পাদনাত ১৯৯৩ চনত প্ৰকাশিত গ্ৰন্থ' সুন্দৰ কোঁৱৰৰ সংগ্ৰাম, ৭/ সেউজ কোঁৱৰ পৰাগ চলিহাৰ ৰচনাৱলী।

সম্পৰ্কিত শ্ৰেণী

শিক্ষাবিদৰাজনীতিবিদঅসমীয়া সাহিত্যিকঅসমীয়া চলচ্চিত্ৰৰ অভিনেতাঅসমীয়া অভিনেতাৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাগধৰ চলিহা” প্ৰবন্ধৰ সংশোধন ৫০৭৬৫৫ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।