গুণ মহন্ত (Guna Mahanta) অসমৰ এগৰাকী অভিনয় শিল্পী আছিল। তেওঁ ১৯৪৬ চনত নগাঁৱত জন্মগ্ৰহণ কৰে। অগ্নিগড়, ৰঙানদী, উজনিৰ দুজনী গাভৰু, মন, শ্ৰীমন্ত শংকৰদেৱ, বীৰ চিলাৰায়, মাঘত মামণিৰ বিয়া আদি ছবিত তেওঁ অভিনয় কৰে। ২০১৮ চনৰ ২৭ আগষ্টত মহন্তৰ দেহাৱসান ঘটে।১২
সংক্ষিপ্ত জীৱনী
১৯৪৬ চনত নগাঁও জিলাৰ শেনচোৱাৰ কলাকটা সত্ৰত গুণ মহন্তৰ জন্ম হয়৷ শেনচোৱা প্ৰাথমিক বিদ্যালয়ত তেওঁ শিক্ষা জীৱন আৰম্ভ কৰি পিছত কুঁজীডাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শেষত নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। পিছলৈ তেওঁ নগাঁও চহৰৰ ফৌজাদাৰী পট্টীত বসতি কৰিবলৈ লৈছিল৷৩১২
তেওঁ বহু পলমকৈ চলচ্চিত্ৰ জগতত প্ৰবেশ কৰে৷ তেওঁৰ প্ৰথম কথাছবি ১৯৯৪-ত মুক্তি পোৱা চন্দ্ৰ মুদৈৰ অগ্নিগড়৷ তেওঁ পঞ্চাচখনতকৈও অধিক ছবিত অভিনয় কৰে৷ প্ৰায়ভাগতে তেওঁক দেউতাকৰ ভূমিকাত দেখা যায়৷১২ ইয়াৰোপৰি তেওঁ ডেৰশৰো অধিক মঞ্চ নাটক, শতাধিক ভিচিডি,আঠখন তথ্যচিত্ৰ, দহখনৰো অধিক ৰেডিঅ’ নাটত অভিনয় কৰে।৩
চলচিত্ৰপঞ্জী
- অগ্নিগড়
- কন্যাদান,
- অধিনায়ক (চলচ্চিত্ৰ),
- উজনীৰ দুজনী গাভৰু,
- ৰণাংগিনী,
- শেষ উপহাৰ,
- প্ৰেম আৰু প্ৰেম,
- মৰম নদীৰ গাভৰু ঘাট,
- এই মৰম তোমাৰ বাবে,
- মাঘত মামণিৰ বিয়া,
- মিঠা মিঠা লগনত,
- কাদম্বৰী,
- সৰু বোৱাৰী,
- দীনবন্ধু (চলচ্চিত্ৰ),
- চক্ৰবেহু,
- শ্ৰীমন্ত শংকৰদেৱ,
- ৰঙানদী,
- বীৰ চিলাৰায়
- বন্ধন
- ৰং
- মন বিৰিণাৰ জুই
- মমতাজ
- জীয়া জুৰিৰ সুবাস
- টি আৰ পি
- যুগদ্ৰষ্টা
- জীয়া জুৰিৰ সুবাস আদি।৩
মৃত্যু
২০১৮ চনৰ ২৭ আগষ্টত ৭২ বছৰ বয়সত মহন্তৰ মৃত্যু হয়৷ দীৰ্ঘদিন ধৰি তেওঁ, হৃদ আৰু স্নায়বিক ৰোগত ভূগি আছিল৷ ২৭ আগষ্টৰ পুৱা তেওঁৰ শৰীৰৰ অৱস্থা বেয়া হোৱাত ততাতৈয়াকৈ স্থানীয় নাৰ্চিং হোম এখনলৈ লৈ যোৱা হয় যদিও বাটতে তেওঁ শেষ উশাহ লয়৷১২
তথ্যসূত্ৰ
- ↑ Actor Guna Mahanta dies. The Telegraph Online
- ↑ Actor Guna Mahanta is no more. Pratidin Time
- ↑ মহেন্দ্ৰ কুমাৰ নাথ. অসমৰ সাংস্কৃতিক জগতৰ অক্লান্ত সৈনিক প্ৰয়াত গুণ মহন্ত. monikut.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণ মহন্ত” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৬৩ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।