অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গুঞ্জন ভৰদ্বাজ

গুঞ্জন ভৰদ্বাজএগৰাকী ভাৰতীয় অভিনেতা। তেওঁ অসমীয়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে বিখ্যাত। ২০১৪ চনত অসমীয়া ছবি টি আৰ পি আৰুত অভিনয়ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ আগতে তেওঁ জানমণি ভিচিডিত অভিনয় কৰিছিল। তেওঁ অহেতুক বোলছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

গুঞ্জন ভৰদ্বাজএগৰাকী ভাৰতীয় অভিনেতা। তেওঁ অসমীয়া চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে বিখ্যাত। ২০১৪ চনত অসমীয়া ছবি টি আৰ পি আৰুত অভিনয়ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।১ ইয়াৰ আগতে তেওঁ জানমণি ভিচিডিত অভিনয় কৰিছিল। তেওঁ অহেতুক বোলছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইবাখনো উল্লেখযোগ্য ছবিত অভিনয় কৰে।২

প্ৰাৰম্ভিক জীৱন

১৯৮৬ চনৰ ১৭ জুলাই তাৰিখে অসমৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়াত গুঞ্জন ভৰদ্বাজৰ জন্ম হৈছিল। তেওঁ লোক তিনি গৰাকী ভাতৃ-ভগ্নী। তেওঁৰ বায়েক ৰিম্পী দাস এগৰাকী অভিনেত্ৰী। তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু হিন্দী টেলিভিছন উদ্যোগত অভিনয় কৰে।

কৰ্মজীৱন

গুঞ্জন ভৰদ্বাজে প্ৰথমতে সাংগীতিক ভিডিঅ'সমূহত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ভিচিডি ছবি জানমণিৰ পিছত তেওঁ প্ৰযোজক সকলৰ চকুত পৰে। তেওঁৰ প্ৰতিভাৰ উমান পোৱাৰ পিছত ২০১৪ চনত তেওঁ টি আৰ পি আৰুত অভিনয়ৰ সুযোগ লাভ কৰে। তাৰপিছত তেওঁ বাণী দাসৰ বাণিজ্যিক ভাবে সফল ছবি অহেতুকত মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াত তেওঁ অমৃতা গগৈৰ বিপৰীতে অভিনয় কৰিছিল। তাৰপিছত তেওঁ ২০১৭ চনৰ কেইবাখনো বেছি বাজেটৰ অসমীয়া ছবি যেনে কেলেণ্ডাৰ, ৰাফ্ এণ্ড টাফ্, তুমি আহিবানে আৰু প্ৰিয়াৰ প্ৰিয়।

চলচ্চিত্ৰ তালিকা

চনচলচ্চিত্ৰপৰিচালকটোকা
২০১৪টি আৰ পি আৰুমৃদুল গুপ্তাপ্ৰথম ছবি
২০১৫অহেতুকবাণী দাস
২০১৭ৰাফ্ এণ্ড টাফ্৩মণি সিনহা
তুমি আহিবানেপ্ৰেৰণা বৰবৰুৱা
প্ৰিয়াৰ প্ৰিয়মুনিন বৰুৱা
২০১৮কেলেণ্ডাৰহিমজ্যোতি তালুকদাৰ
২০১৯ককাইদেউ বিন্দাচধ্ৰুৱ বৰদলৈ
এৰাসুঁতিৰ ঢলচাৰু কমল হাজৰিকা
২০২০জনকনন্দিনীকুঞ্জলতা গগৈ দাস

তথ্যসূত্ৰ

  1. ↑ "TRP aru…" – New Assamese Film by Mridul Gupta. Magicalassam.com
  2. ↑ Teaser of upcoming Assamese film Calendar released, Promises to touch hearts. unitreed.com
  3. ↑ Gunjan Bharadwaj. Moviebuff.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুঞ্জন ভৰদ্বাজ” প্ৰবন্ধৰ সংশোধন ৩৮০৬৭৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।