দুৰ্গেশ্বৰ বৰঠাকুৰ (Durgeswar Borthakur) অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা আৰু অসমৰ চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ আছিল। নাটকৰ প্ৰতি থকা আগ্ৰহৰ বাবেই তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চাকৰি এৰি অনাতাঁৰ কেন্দ্ৰত যোগদান কৰিছিল। অনাতাঁৰ কেন্দ্ৰৰ বাবে নাট আৰু আলেখ্য ৰচনা কৰাৰ উপৰিও তেওঁ কেইখনমান অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে। তেওঁ বিশেষকৈ হাস্যৰসাত্মক অভিনয়ৰ বাবে জনাজাত।১
সংক্ষিপ্ত জীৱনী
তেওঁৰ জন্ম হয় ১৫ ডিচেম্বৰ, ১৯২৯ চনত শিৱসাগৰ জিলাৰ জাজী বামুণ গাঁৱত। তেওঁ জাঁজী হাইস্কুল আৰু কটন বিশ্ববিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিছিল। ১৯৬০ চনত তেওঁ আকাশবাণীৰ চাকৰিত যোগদান কৰিছিল। তেওঁৰ জনপ্ৰিয় নাম প্ৰসাদ। ১৯৯৬ চনৰ ২২ জানুৱাৰীত বৰঠাকুৰৰ পৰলোকপ্ৰাপ্তি ঘটে।
ৰিজাৰ্ভ বেংকৰ চাকৰিৰে কৰ্মজীৱনৰ আৰম্ভণি। পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান প্ৰযোজক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। শিলচৰ কেন্দ্ৰৰ পৰা ষ্টেচন ডাইৰেক্টৰ হৈ অৱসৰ গ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ Silpi Sahakarmi- Durgeswar Barthakur, Episode-9. Akashavani, Guwahati
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দুৰ্গেশ্বৰ বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৪০৩২৮৭ (২২ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।