অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অমৰজ্যোতি চৌধুৰী

অমৰজ্যোতি চৌধুৰী (Amarjyoti Choudhury, জন্ম ১৯৫০ চনত) অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য।

হালনাগাদ: ১৯ মে’ ২০২৫ ৪৫০ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

অমৰজ্যোতি চৌধুৰী (Amarjyoti Choudhury, জন্ম ১৯৫০ চনত) অসমৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ, বিজ্ঞানী, অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ, কবি, ঔপন্যাসিক আৰু বক্তা।১ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য২৩ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহ উপাচাৰ্য। পৰৱৰ্তী কালত তেওঁ মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক পদাৰ্থবিজ্ঞানত চি ভি ৰমন আসনত অধিষ্ঠিত হয় আৰু পিছলৈ একেখন বিশ্ববিদ্যালয়তে উপাচাৰ্যৰ পদত কাৰ্যনিৰ্বাহ কৰে। ২০১৭ চনৰ এক ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে তেওঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

শৈশৱ আৰু শিক্ষা

অমৰজ্যোতি চৌধুৰী জনপ্ৰিয় সমাজবাদী সাহিত্যিক, নাট্যকাৰ, অভিনেতা লক্ষ্যধৰ চৌধুৰী আৰু গান্ধীবাদী ঊষা চৌধুৰীৰ বৰপুত্ৰ। তেওঁ মেট্ৰিক পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি দিল্লী বিশ্ববিদ্যালয়ত একে বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী পায়। তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।৪

কৰ্মজীৱন

ড॰ চৌধুৰীয়ে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়, কটন মহাবিদ্যালয়, বিটছ পিলানী, গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছে। তেওঁ গুৱাহাটী বিশ্বৱিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ একাদিক্ৰমে উপাচাৰ্য্য আৰু সহ উপাচাৰ্য্য পদতো কাৰ্য্যনিৰ্বাহ কৰিছে।২৩ তেওঁ মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক পদাৰ্থবিজ্ঞানত চি ভি ৰমন আসনত অধিষ্ঠিত হয় আৰু পিচলৈ একেখন বিশ্ববিদ্যালয়তে উপাচাৰ্য্যৰ পদত কাৰ্য্যনিৰ্বাহ কৰে। ২০১৭ চনৰ এক ডিচেম্বৰৰ পৰা বৰ্ত্তমানলৈকে তেওঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছে। তদুপৰি ভাৰত আৰু ইউৰোপৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ সৈতে তেওঁ সহযোগিতামূলক গৱেষণা চলাই আহিছে।৫

ব্যক্তিগত জীৱন

১৯৭৮ চনত চৌধুৰীয়ে সাংস্কৃতিক ক্ষেত্ৰত প্ৰসিদ্ধ তিলক দাস আৰু গায়িকা চন্দ্ৰপ্ৰভা দাসৰ নুমলীয়া জীয়ৰী কাবেৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ পুত্ৰৰ নাম অৰুণাভ আৰু জীয়ৰীৰ নাম অমৃতা।

বিজ্ঞানলৈ অৱদান

চৌধুৰীয়ে Optics, Quantum Electronics, Condensed Matter Physics, NanoPhotonics আৰু নেন’প্ৰযুক্তি বিষয়ত গৱেষণা কৰি উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ইতিমধ্যে তেওঁ ১৪৮খন গৱেষণা পত্ৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰকাশ পাইছে।৬ তদুপৰি বৰ্তমানলৈ প্ৰায় বিশগৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।

A theoretical paper jointly authored by Choudhury along with his supervisor CJR Sheppard dwelt extensively on confocal geometry of scanning laser microscopy. It is probably the first publication using the technical term 'Confocal microscopy'.৭

বিজ্ঞান জনপ্ৰিয়কৰণত অৱদান

চৌধুৰীয়ে নিয়মীয়াকৈ বৈজ্ঞানিক লিখক হিচাপে অৱদান আগবঢ়াই আহিছে। তেওঁ কেইবাখনো অসমীয়া দৈনিক কাকত আৰু আলোচনীত বিজ্ঞানসন্মত বিষয়বস্তুৰ জনপ্ৰিয় লেখক। তেওঁৰ কেইখনমান গ্ৰন্থ হৈছে ৰামানুজন, সত্যেন্দ্ৰ নাথ বসু আৰু দ্য শ্ৰিংকিং ইউনিভাৰ্ছ। তেওঁ নেন’টেকন’লজী বিষয়ক এখন গ্ৰন্থও ৰচনা কৰিছে যিখন অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰিছে।৮

সাংস্কৃতিক অৱদান

চৌধুৰীয়ে সম উজ্জ্বলতাৰে সংস্কৃতি, সাহিত্য আৰু পৰিবেশন কলাৰ ক্ষেত্ৰতো জিলিকি উঠিছিল। মাক আৰু মৰম (চলচ্চিত্ৰ) আৰু আমাৰ ঘৰ নামৰ দুখন অসমীয়া চলচ্চিত্ৰত শিশু অভিনেতা হিচাপে সফলকাম হোৱাৰ উপৰিও অভিনেতা,পৰিচালক আৰু নাট্যকাৰ হিচাপেও অসমীয়া থিয়েটাৰত নিজস্ব স্থান সৃষ্টি কৰিছিল। আবৃত্তিৰ এক অনন্য শৈলীৰ সূচনা কৰাৰ সুখ্যাতিৰ বাবেও তেওঁক কৃতিত্ব দিয়া হয়। অসমৰ এজন সংস্কৃতিবান ব্যক্তিত্ব ড° চৌধুৰীয়ে ড° ভূপেন হাজৰিকাদেৱৰ মৃত্যুত আগবঢ়াই দিয়া স্বৰচিত কবিতাটো আবৃত্তিৰ জগতখনত এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়।৯

সাহিত্যিক অৱদান

তেওঁৰ ট্ৰিল'জী নাটক 'ভয়ৰ টঙীঘৰত তৰা' আৰু কবিতা সংকলন 'এতিয়া তেজত' আৰু 'আন একুৰা মেজি'য়ে পঢ়ূৱৈৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। 'ৰূপান্তৰত মই' তেওঁৰ শৈশৱৰ ঘটনা-প্ৰবাহ সম্পৰ্কীয় আত্মজীৱনী। ইয়াৰোপৰি তেওঁ দুখন উপন্যাসো লিখিছে। ইয়াৰে 'গছৰ নিচিনা সাঁকোখন' নাৰীবাদ আৰু পাৰিপাৰ্শ্বিক বিষয় আধাৰিত। আনখন উপন্যাস 'ৰ'দ কাঁচলিৰ মানুহ'ত উত্তৰ আধুনিক এবচাৰ্ড সংবেদনশীলতাৰ প্ৰকাশ ঘটিছে।

বক্তা আৰু কুইজ মাষ্টাৰৰূপে

অধ্যাপক দিলীপ বৰুৱাৰ সৈতে তেওঁ আশী আৰু নব্বৈৰ দশকত অসমৰ কুইজ জগতত আধিপত্য বিস্তাৰ কৰিছিল। চৌধুৰী বৰ্তমান সভা আৰু আলোচনা চক্ৰত বক্তা হিচাপে বহুলভাৱে জনপ্ৰিয়।

তথ্যসূত্ৰ

  1. ↑ (১৫ নৱেম্বৰ, ২০১২). অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ সৈতে সাক্ষাৎকাৰ. সাক্ষাৎকাৰ. সন্ধান
  2. ↑ VC resignation unfortunate
  3. ↑ VC resignation accepted
  4. ↑ Doctorate from Oxford
  5. ↑ Dr Amarjyoti Choudhury Official Tezpur University CV
  6. ↑ List of some of Dr Choudhury's research papers
  7. ↑ Tezpur University Official CV of Dr Choudhury
  8. ↑ Tezpur University official CV of Dr Choudhury
  9. ↑ Choudhury dedicates CD of poems to Bhupenda

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া শিক্ষাবিদঅসমৰ বিজ্ঞানীঅসমীয়া অভিনেতাঅসমীয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমৰজ্যোতি চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫১০১৯৩ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।