অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিৰেল কুদ্দুছ

মিৰেল কুদ্দুছ (Mirel Kuddus) সত্তৰ, আশী আৰু নব্বৈৰ দশকৰ এজন অসমীয়া চলচ্চিত্ৰৰ অভিনেতা। কৌতুক অভিনেতা ৰূপে তেওঁ যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল।

হালনাগাদ: ১৩ জানুৱাৰী ২০২২ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

মিৰেল কুদ্দুছ (Mirel Kuddus) সত্তৰ, আশী আৰু নব্বৈৰ দশকৰ এজন অসমৰ চলচ্চিত্ৰৰ অভিনেতা। কৌতুক অভিনেতা ৰূপে তেওঁ যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰিছিল।১

সংক্ষিপ্ত জীৱনী

তেওঁৰ জন্ম হৈছিল গুৱাহাটীৰ মাছখোৱাত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ জীৱবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ আইনো পঢ়িছিল। সাংস্কৃতিক দিশটোৰ প্ৰতি ৰাপ থকা বাবে তেওঁ শিক্ষা সাং কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। তেওঁৰ প্ৰথম ছবি হৃদয়ৰ প্ৰয়োজন। ইয়াৰ উপৰিও তেওঁ আদালত (ধাৰাবাহিক), জীৱন সুৰভি, মাতৃ, হৃদয়ৰ আঁৰে আঁৰে, দেৱতা আদি অনেক ছবিত অভিনয় কৰিছে।১

কুদ্দুছৰ মঞ্চাভিনয়ৰ সৈতেও সম্পৰ্ক আছিল। দুলাল ৰয়ে পৰিচালনা কৰা শুনা জন্মজয়, মাছৰ তেলেৰে মাছ, চৰকাৰী ইন্সপেক্তৰ আৰু অন্ধযুগ নাটকত তেওঁ অভিনয় কৰে। তেওঁ শিৱপ্ৰসাদ ঠাকুৰে পৰিচালনা কৰা টেলিফিল্ম মুক্তবন্দী আৰু হাতীৰ উপৰিও পথৰুঘাটে ৰিঙিয়ায়, ঘৰত কোন আছে আৰু বহাগতে শীত শীৰ্ষক দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰে।১

পিছলৈ কুদ্দুছে অভিনয় জীৱন ত্যাগ কৰি ধৰ্মীয় কাজ-কৰ্মৰ সৈতে জড়িত হৈ পৰে।

চলচ্চিত্ৰপঞ্জী

  • হৃদয়ৰ প্ৰয়োজন (১৯৭২)
  • উত্তৰণ (১৯৭৩)
  • আদালত (১৯৭৬)
  • পাপ আৰু প্ৰায়শ্চিত্ত (১৯৭৭)
  • আশ্ৰয় (১৯৭৯)
  • পোনাকণ (১৯৮১)
  • সাদৰী (১৯৮২)
  • সেন্দুৰ (১৯৮৪)
  • জীৱন সুৰভি (১৯৮৪)
  • সোণ মইনা(১৯৮৪)
  • বহাগৰ দুপৰীয়া (১৯৮৫)
  • মন মন্দিৰ (১৯৮৫)
  • পূজা (১৯৮৫)
  • অংগীকাৰ (১৯৮৫)
  • ময়ূৰী (১৯৮৬)
  • মধুছন্দা (১৯৮৬)
  • মা (১৯৮৬)
  • এই দেশ মোৰ দেশ (১৯৮৬)
  • প্ৰতিমা (১৯৮৭)
  • প্ৰতিদান(১৯৮৭)
  • প্ৰতিশোধ (১৯৮৭)
  • সূত্ৰপাত (১৯৮৭)
  • পিতা-পুত্ৰ (১৯৮৮)
  • ধ্ৰুৱতৰা (১৯৯০)
  • ৰঙা নদী (১৯৯০)
  • প্ৰভাতী পখীৰ গান (১৯৯২)
  • প্ৰিয়জন (১৯৯৩)
  • শ্ৰী মান মাইমন (১৯৯৩)
  • হৃদয়ৰ আঁৰে আঁৰে (১৯৯৪)
  • উৰ্বশী (১৯৯৫)
  • সাগৰলৈ বহু দূৰ (১৯৮৫)
  • সপোন (১৯৯৭)
  • দেৱতা (১৯৯৮)১

তথ্যসূত্ৰ

  1. ↑ তিনিটা দশকত হাস্যৰসেৰে দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাঃ “মিৰেল কুদ্দুচ”. ৰূপালীপৰ্দা ডট কম

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতাঅসমীয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰেল কুদ্দুছ” প্ৰবন্ধৰ সংশোধন ৩১০৮৯৫ (১৩ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।