অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভোলা কটকী

ভোলা কটকী (Bhola Kotoky; ১৯৩৫-২০২২) অসমৰ এজন নাট্যকাৰ আৰু মঞ্চ তথা চলচ্চিত্ৰ অভিনেতা আছিল। অসমৰ একাংকিকা নাটৰ বাটকটীয়াসকলৰ তেওঁ আছিল অন্যতম। ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বিতীয় বোলছবি অনিৰ্বাণত তেওঁ ৰজনী মাষ্টৰৰ চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ৯ ডিচেম্বৰ ২০২৩ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ভোলা কটকী (Bhola Kotoky; ১৯৩৫-২০২২) অসমৰ এজন নাট্যকাৰ আৰু মঞ্চ তথা চলচ্চিত্ৰ অভিনেতা আছিল। অসমৰ একাংকিকা নাটৰ বাটকটীয়াসকলৰ তেওঁ আছিল অন্যতম। ভবেন্দ্ৰ নাথ শইকীয়াৰ দ্বিতীয় বোলছবি অনিৰ্বাণত তেওঁ ৰজনী মাষ্টৰৰ চৰিত্ৰত অভিনয় কৰিছিল। শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা কটকীয়ে নটৰাজ থিয়েটাৰৰ যোগে ভ্ৰাম্যমাণ থিয়েটাৰত পদাৰ্পন কৰে। কৰ্মজীৱনৰ এক দীঘলীয়া সময় তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হৈ আছিল।১ ২ ৩

প্ৰাৰম্ভিক জীৱন

১৯৩৫ চনৰ ২০ জানুৱাৰীত জামুগুৰিহাটৰ শলগুৰি সংগীয়া মাজৰ চুকত ভোলা কটকীয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁ ১৯৪০ চনত গেৰেকী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিছিল। ১৯৫৪ চনত তেওঁ জামুগুৰি হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ইয়াৰ পাচত দৰং মহাবিদ্যালয়ৰ পৰা ১৯৫৬ চনত আই এ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

কৰ্মজীৱন

নাট্যকাৰৰূপে অৱদান

ভোলা কটকীক একাংকিকা নাটকৰ বাটকটীয়া বুলি গণ্য কৰা হয়। দৰং মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে তেওঁ ৰচনা কৰা বিভ্ৰাট (১৯৫৫) নামৰ নাটকখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ দিল্লীত অনুষ্ঠিত তৃতীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱ প্ৰদৰ্শিত হয় আৰু শ্ৰেষ্ঠ নাট্যদলৰ সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰে। লগতে কটকীয়েও শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ নাট্যকাৰৰ বঁটা লাভ কৰে। যুৱ মহোৎসৱত অংশ লোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটিৰ নেতৃত্ব দিছিল মহেশ্বৰ নেওগে। ছাত্ৰ অৱস্থাতে নাট্যকাৰ আৰু পৰিচালক ৰূপে স্বীকৃতি পোৱা কটকীয়ে ৰচনা কৰা কেইখনমান একাংকিকা হ’ল - স্বদেশী গোলা (১৯৫১),দ্বিতীয় চাহজাহান (১৯৫৮),দুঃস্বপ্ন (১৯৫৮),সংঘাত (১৯৫৮),মাষ্টৰ বাবু (১৯৫৯),প্ৰতিবাদ (১৯৫৯),প্ৰতিক্ৰিয়া (১৯৬৩),এনাজৰী (১৯৬৩),সম্প্ৰীতি (১৯৬৫),চেনেহৰ সোঁতা (১৯৬৭), শ্ৰদ্ধাঞ্জলি (১৯৮১),অমৰাৱতী (১৯৮১),ৰাভাৰ আভা (১৯৮৭)। আনহাতে তেওঁ ৰচনা কৰা কিছুমান পূৰ্ণাংগ নাটক হ’ল- শৰাইঘাট, দস্যুৰাণী পুতুলীবাই, কাৰাগাৰ, সংঘাত, অপৰাধ আদি।২

চলচ্চিত্ৰ অভিনয়

কটকীয়ে ভবেন্দ্ৰ নাথ শইকীয়াৰ অনিৰ্বাণ (১৯৮১) যোগে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। ইয়াত তেওঁ মূল চৰিত্ৰ ‘ৰজনী মাষ্টৰ’ৰ ভাওত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ পুলক গগৈ পৰিচালিত সাদৰী (১৯৮২), সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত ৰাজা (১৯৮২০, দাৰা আহমেদ পৰিচালিত উৰ্বশী (১৯৯৫), উপেন বৰুৱা পৰিচালিত জলাঞ্জলি (১৯৯৬) আদি ছবিত অভিনয় কৰে। তেওঁ বৃকোদৰ বৰুৱাৰ বিয়া, দেউতা আদি বহু কেইখন দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰিছিল।১২

বঁটা-বাহন

তথ্যসূত্ৰ

  1. ↑ ভোলা কটকী আৰু নাই। ওৰেটো জীৱন নাটক কৰা মানুহজনে সামৰিলে জীৱন নাট; ৯০ বছৰ বয়সত ইহলীলা সামৰিলে ‘কেপ্টেইন চফ লে’ই।. দৈনন্দিন বাৰ্তা
  2. ↑ বলিষ্ঠ নাট্যকাৰ-অভিনেতা ভোলা কটকী. nilacharai.com/
  3. ↑ Assam's Cine artiste and Natasurya Phani Sarma awardee Bhola Katki passes away www.sentinelassam.com/north-east-india-news/assa. sentinelassam.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া অভিনেতাঅসমীয়া চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভোলা কটকী” প্ৰবন্ধৰ সংশোধন ৩৯৫৭৯৯ (৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।