আশ্ৰাফুল হক (Ashraful Haque, জন্ম: ৩ নৱেম্বৰ ১৯৬৯, মৃত্যু: ১৭ ফেব্ৰুৱাৰী, ২০১৫) অসমৰ গোৱালপাৰা জিলাত জন্মলাভ কৰা এজন ভাৰতীয় অভিনেতা।১ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হকে ৩০ খনতকৈয়ো অধিক চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।২৩
জন্ম আৰু শিক্ষা
আশ্ৰাফুল হকৰ জন্ম হয় ১৯৬৯ চনৰ ৩ নৱেম্বৰ তাৰিখে অসমৰ গোৱালপাৰা জিলাত। হকে ১৯৮৭ চনত গোৱালপাৰাৰ বলদমাৰী হাইস্কুলৰপৰা স্কুলীয়া শিক্ষা সাং কৰে আৰু ১৯৯২ চনত গোৱালপাৰা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪ পাছলৈ তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত ভৰ্তি হয় আৰু ১৯৯৭ চনত তাৰপৰা অভিনয়ত specialization সহ dramatics বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।৫৩
অভিনয় জীৱন
১৯৮৪ চনত অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ অসমৰ গোসাঁইগাঁওত নাটকত অভিনয়ৰ পাতনি মেলে। ১৯৮৬ চনৰপৰা তেওঁ গোৱালপাৰাত থাকিবলৈ লয় আৰু নাটকৰ অভিনয় চলাই যায়। গোৱালপাৰা মহাবিদ্যালয়ত পঢ়ি থকা কালতো তেওঁ বহুকেইখন নাটকত অভিনয় কৰে। ১৯৯৭ চনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰপৰা ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ মুম্বাইত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰে।৬ অভিনয় জীৱনত তেওঁ বহুকেইখন হিন্দী চলচ্চিত্ৰ, ৩০ৰো অধিক নাটকৰ উপৰি বহুকেইখন টিভি ধাৰাবাহিক আৰু বিজ্ঞাপনতো অভিনয় কৰে।৭৪
অভিনীত চলচ্চিত্ৰ
| চলচ্চিত্ৰৰ নাম | চৰিত্ৰ | পৰিচালক | মুক্তিৰ বৰ্ষ | ভাষা |
|---|---|---|---|---|
| চব গোলমাল হে | পংকজ পৰাশৰ | |||
| দিল ক্যা কৰে | প্ৰকাশ ঝা | ১৯৯৯ | হিন্দী | |
| শূল | ই নিৱাস | ১৯৯৯ | হিন্দী | |
| মেলা | ধৰ্মেশ দৰ্শন | ২০০০ | হিন্দী | |
| জাংগল | ৰাম গোপাল বাৰ্মা | ২০০০ | হিন্দী | |
| লাভ কে লিয়ে কুচ ভি কৰেগা | ই নিৱাস | ২০০১ | হিন্দী | |
| লাল ছালাম | গংগাবিহাৰী ব'ৰাতে | ২০০২ | হিন্দী | |
| ক্ৰান্তি | নৰেশ মলহোট্ৰা | ২০০২ | হিন্দী | |
| কম্পেনী | কৃষ্ণণ | ৰাম গোপাল বাৰ্মা | ২০০২ | হিন্দী |
| কেলকাতা মেইল | সুধিৰ মিশ্ৰ | ২০০৩ | হিন্দী | |
| য়ুৱা | মণি ৰত্নম | ২০০৪ | হিন্দী | |
| দীৱাৰ | নাৰু | মিলন লুথৰিয়া | ২০০৪ | হিন্দী |
| ব্লেক ফ্ৰাইডে' | বশ্বিৰ খান | অনুৰাগ কাশ্যপ | ২০০৪ | হিন্দী |
| দ্য হোৱাইট লেণ্ড | জয়ন্ত গিলাটৰ | ২০০৫ | হিন্দী | |
| ৰিস্ক | বিশ্ৰাম ছাৱন্ত | ২০০৭ | হিন্দী | |
| খান্না এণ্ড আয়াৰ | হেমন্ত হেগড়ে | ২০০৭ | হিন্দী | |
| দ্য ষ্ট'নমেন মাৰ্ডাৰ্ছ | ঘন্ছু | মণিষ গুপ্তা | ২০০৯ | হিন্দী |
| দোকানদাৰ (চুটি ছবি) | প্ৰকাশ | অমৃতপাল বিন্দ্ৰা | ২০১০ | হিন্দী |
| ৰাৱণ | মণি ৰত্নম | ২০১০ | হিন্দী | |
| আক্ৰোশ | প্ৰিয়দৰ্শন | ২০১০ | হিন্দী | |
| নক আউট | জাংকী | মণি শংকৰ | ২০১০ | হিন্দী |
| মুম্বাই কাটিং | ২০১০ | হিন্দী | ||
| ৰেড এলাৰ্ট | অনন্ত নাৰায়ণ মহাদেৱন | ২০১০ | হিন্দী | |
| দেল্হি বেলী | টিটো | অভিনয় দেও | ২০১১ | হিন্দী |
| মুম্বাই মস্ত কলন্দৰ | ছাহেনশ্বাহ | মুছাৱিৰ জলিল, অমন মিহানি | ২০১১ | হিন্দী |
| সতৰংগী পেৰাচুট | ছমদ | বিনীত খেত্ৰপাল | ২০১১ | হিন্দী |
| চিট্টাগং | ৰহিম | Bedabrata Pain | ২০১২ | হিন্দী, বাংলা, ইংৰাজী |
| পান সিং তোমাৰ | টিগমাংশু ঢুলিয়া | ২০১২ | হিন্দী | |
| তালাছ | ৰীমা কাগতি | ২০১২ | হিন্দী | |
| ফুকৰে' | ছাকিয়া | মৃগদীপ সিং লাম্বা | ২০১৩ | হিন্দী |
| দ্য লষ্ট বেহৰূপিয়া (চুটি ছবি) | মাংগাৰু | শ্ৰীৰাম ডেল্টন, ৰূপেশ সাহায় | ২০১৩ | হিন্দী |
মৃত্যু
ব'ন মেৰ' কেন্সাৰ ৰোগত আক্ৰান্ত হৈ ২০১৫ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইৰ সুনীতা হস্পিতেলত হকে শেষ নিশ্বাস ত্যাগ কৰে।৮৯
তথ্যসূত্ৰ
- ↑ Ashraful Haque passes away. times of india
- ↑ ৰাজদ্বীপ. (১৫ ফেব্ৰুৱাৰী ২০১৫). ৩০ খনতকৈ অধিক হিন্দী ছবিত আভিনয় কৰা অসমৰ আশ্ৰাফুলে মৃত্যুৰে যুঁজিছে মুম্বাইৰ নাৰ্ছিং হোমত. অসমীয়া খবৰ
- ↑ Ashrafu Haque - an actor with a multitude of talents. North East India
- ↑ Ashraful Haque. Yatedo
- ↑ (17 February 2015). Fukrey Actor Ashraful Haque Passes Away. India Today
- ↑ Sonal Gera. (February 18, 2015). Actor Ashraful Haque passes away at 45. indianexpress
- ↑ Ankita Mehta. (February 17, 2015). 'Delhi Belly' Actor Ashraful Haque Passes Away; Anurag Kashyap, Pulkit Samrat and Other Celebs Condole his Death. International Business Times, India Edition
- ↑ (১৭ ফেব্ৰুৱাৰী ২০১৫). Actor Ashraful Haque passes away in Mumbai. ABP Live
- ↑ (February 18, 2015). Fukrey Actor Ashraful Haque Passes Away, Anurag Kashyap To Take Care Of His Son. BusinessofCinema News Network
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আশ্ৰাফুল হক” প্ৰবন্ধৰ সংশোধন ৫৩০৬৩৪ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।