পবিত্ৰ ৰাভা (Pabitra Rabha, জন্ম ৩১ জানুৱাৰী ১৯৭৬) অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। অসমৰ ওদালগুৰি জিলাৰ টংলাত জন্মগ্ৰহণ কৰা ৰাভাই হিন্দী, বঙালী, ইংৰাজী আদি ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।১২৩ ২০১১ চনত থিয়েটাৰত পৰিচালকৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে তেওঁ 'উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ' লাভ কৰে।৪
তেওঁ মনি শংকৰ পৰিচালিত ২০০৫ চনৰ ছবি 'তেংগ চাৰ্লে'ত অভিনয় কৰে, য’ত মুখ্য চৰিত্ৰ অভিনয় কৰিছিল অজয় দেৱগন, ববী দেউল, সঞ্জয় দত্ত, সুনীল চেট্টী, তনিশা, নন্দনা সেন আৰু সুদেশ বেৰী।৫ একেদৰে তেওঁ মনি শংকৰ পৰিচালিত হিন্দী ছবি 'মুখবীৰ' (২০০৮) -তো অভিনয় কৰে। ২০১৪ চনৰ মাংগ্তে চাংগ্নেইজেং মেৰী কমৰ বাস্তৱ জীৱনৰ ওপৰত নিৰ্মিত হিন্দী ছবি 'মেৰী কম'ত তেওঁ অচঙৰ চৰিত্ৰত অভিনয় কৰে।১ জুবিন গাৰ্গ পৰিচালিত অসমীয়া চলচ্চিত্ৰ মিছন চাইনা, কাঞ্চনজংঘা আদিত তেওঁ অভিনয় কৰিছে।৬৭
চলচ্চিত্ৰপঞ্জী
| চন | চলচ্চিত্ৰ | চৰিত্ৰ | পৰিচালক | ভাষা | তথ্য প্ৰসংগ |
|---|---|---|---|---|---|
| ২০০৫ | তেংগ চাৰ্লে | বড়ো টীম ডিপুটি | মনি শংকৰ | হিন্দী | ৫ |
| ২০০৮ | মুখবীৰ | মনি শংকৰ | হিন্দী | ৮ | |
| ২০১৩ | অধ্যায় | অৰূপ মান্না | অসমীয়া | ৯১০ | |
| ২০১৪ | মেৰী কম | অচং | অমুং কুমাৰ | হিন্দী | ১ |
| ২০১৭ | মিছন চাইনা | লামা | জুবিন গাৰ্গ | অসমীয়া | ৬ |
| ২০১৮ | আলিফা | ৰঞ্জন | দ্বীপ চৌধুৰী | বঙালী/অসমীয়া | ২ |
| ২০১৮ | ভৱেশ যোশী চুপাৰহিৰ’ | থাপা | বিক্ৰমাদিত্য মতৱানী | হিন্দী | ১১১২ |
| ২০১৮ | দ্য আণ্ডাৰৱ'ৰ্ল্ড | ৰাজেশ যশপাল | অসমীয়া | ১৩ | |
| ২০১৯ | ৱান লিট্যল ফিংগাৰ | আব্দুল হামিদ | ৰূপম শৰ্মা | ইংৰাজী | ৩ |
| ২০১৯ | কাঞ্চনজংঘা | পবিত্ৰ | জুবিন গাৰ্গ | অসমীয়া | ১৪৭১৫১৬ |
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
- ↑ Celebrity Pabitra-Rabha-Jalah. Bollypedia.in
- ↑ অসমীয়া আৰু বঙালী চলচ্চিত. boxofficeassam
- ↑ (13 Jan 2020). One Little Finger. timesofindia
- ↑ Pabitra Rabha. Sangeetnatak.gov.in
- ↑ Ambassadors of change: Pabitra Rabha. Theweek.in
- ↑ Mission China. timesofindia.com
- ↑ Pabitra Rabha. bookmyshow
- ↑ Celebrity hindi movie-actor pabitra-rabha. nettv4u.com
- ↑ Pabitra Rabha the unsung hero scorned by the society rabhas theatre gives dwarfs dignity and confidence. Thehillstimes.in
- ↑ অসমীয়া চলচ্চিত্ৰ অধ্যায়. boxofficeassam.com
- ↑ Bhavesh Joshi Superhero (2018) Full Cast & Crew. Bollywoodmdb.com
- ↑ BHAVESH JOSHI SUPERHERO CAST & CREW. cinestaan.com
- ↑ The-underworld. moviebuff.com
- ↑ (7 April 2015). Pabitra Rabha. timesofindia
- ↑ Zubeen Garg has gifts for his Assamese movie ‘Kanchanjangha’s first viewer. Nenow.in
- ↑ Kanchanjangha Assamese Movie. amazing-assam.com
- ↑ (2020-12-27). AASU Pays Tribute To Folk Legend Pratima Barua Pandey. Pratidintime.com
- ↑ (2020-12-27). নাট্যকৰ্মী পবিত্ৰ ৰাভালৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা. React.etvbharat.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পবিত্ৰ ৰাভা” প্ৰবন্ধৰ সংশোধন ৪৪৮০০৯ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।