অসমীয়া অভিনেতা
৭৩ প্ৰবন্ধ
-
উদয়ন দুৱৰা
উদয়ন দুৱৰা হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। বিশেষকৈ অসমীয়া চলচ্চিত্ৰ, অসমীয়া ধাৰাবাহিক আৰু চুটিছবিত কৰা অভিনয়ৰ বাবে তেওঁক জনা যায়। ইয়াৰোপৰি বিভিন্ন অনুষ্ঠানৰ ঘোষক হিচাপেও তেওঁ জনপ্ৰিয়।
-
পল ফুকন
পল ফুকন (ইংৰাজী: Paul Phukan) অসমৰ এগৰাকী অভিনেতা। ১১ অক্টোবৰৰ দিনা গুৱাহাটীত পলৰ জন্ম হয় (চন?)। বৰ্তমানলৈ তেওঁ বহুকেইখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ, নাটক আৰু চুটি ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে৷ ইয়াৰ উপৰিও তেওঁ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জগতত অতিকৈ জনপ্ৰিয়।
-
গিৰিশ চৌধুৰী
গিৰিশ চৌধুৰী (১৯২১–২০০৪) অসমৰ এগৰাকী বিশিষ্ট নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক আছিল। মঞ্চ আৰু চলচ্চিত্ৰ দুয়ো মাধ্যমতে তেওঁৰ অভিনয় দক্ষতা পৰিচিত। ১৯৪৯ চনত গুৱাহাটী শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত ছাহজাহান নাটখনত সহ-অভিনয়ৰ জৰিয়তে তেওঁ থিয়েটাৰত অৱতীৰ্ণ হয়।
-
জীৱেশ্বৰ ডেকা
জীৱেশ্বৰ ডেকা (Jibeswar Deka) অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা। ভ্ৰাম্যমাণ থিয়েটাৰ মুকুন্দ থিয়েটাৰত 'দধিচী' নাটকত ‘নন্দ পাঠক’ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয় হোৱাৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল।
-
জ্ঞানদা বৰা
জ্ঞানদা বৰা ( Jyanada Bora) নগাঁৱৰ এগৰাকী অভিনেতা আৰু সাহিত্যিক৷ “ৰঙ্গমঞ্চৰ কবি’’ৰূপে খ্যাত জ্ঞানদা বৰা লেখক, নাট্য পৰিচালক আৰু সমাজকৰ্মী আছিল৷
-
নন্দ কিশোৰ মহেশ্বৰী
নন্দ কিশোৰ মহেশ্বৰী অসমৰ এগৰাকী বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷ নাটক, বোলছবি, সাহিত্য, সাংবাদিকতা আৰু সামাজিক কামত তেওঁৰ অৱদান উল্লেখযোগ্য৷ নন্দ কিশোৰ মহেশ্বৰীয়ে ভালেসংখ্যক নাটক, অনাতাঁৰ ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ ইংৰাজী,…
-
বেঞ্জামিন দৈমাৰী
বেঞ্জামিন দৈমাৰী (Benjamin Daimary; ২৮ জুলাই, ২০০০) হৈছে এগৰাকী অসমীয়া অভিনেতা আৰু প্ৰসাধন শিল্পী। তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী সৰ্বজনীন গে' অভিনেতা। ২০২১ চনত অসমীয়া চলচ্চিত্ৰ জোনাকী পৰুৱাত কৰা অভিনয়ৰ বাবে তেওঁ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।
-
ময়নুল হক
মইনুল হক (Moinul Haque) অসমৰ এজন মূকাভিনয় শিল্পী৷ তেওঁ প্ৰায় ১৯৭০ চনৰ পৰা মূকাভিনয় প্ৰদৰ্শন কৰি আহিছে৷ তেওঁ পোন প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ভাৰতত মাইম একাডেমীৰ প্ৰতিষ্ঠা কৰে৷ মূকাভিনয় ক্ষেত্ৰত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা জলপানি লাভ কৰা হকে ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে৷ তেওঁ “The…
-
শুক্ৰাচাৰ্য ৰাভা
শুক্ৰাচাৰ্য ৰাভা ( Sukracharja Rabha) অসমৰ এগৰাকী নাট্যকৰ্মী আৰু ব্যতিক্ৰমী নাট্যমঞ্চ বাদুংদ্যুপ্পাৰ সৃষ্টিকৰ্তা। দেশে-বিদেশে নাট পৰিৱেশনৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰা শুক্ৰাচাৰ্য ৰাভাই ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমীয়ে আগবঢ়োৱা ওস্তাদ বিছমিল্লা খাঁ যুৱ বঁটা লাভ কৰে।
-
সাৰদাকান্ত বৰদলৈ
সাৰদাকান্ত বৰদলৈ (জন্ম: ২২ আগষ্ট ১৯০২ – মৃত্যু: ৫ চেপ্তেম্বৰ ১৯৮৫) এগৰাকী সুদক্ষ অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক আছিল। কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে লিখা নাটক মগৰীবৰ আজান (১৯৪৮) অসমীয়া সামাজিক নাটকৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত।
-
সূৰ্য বৰা
সূৰ্য বৰাৰ জন্ম ১৯২৬ চনত তেতিয়াৰ নগাওঁ জিলাৰ জাগীত (এতিয়া মৰিগাওঁ জিলাৰ অন্তৰ্গত)। পিতৃ আৰু মাতৃৰ নাম ক্ৰমে ভুৱনচন্দ্ৰ বৰা আৰু মনোৰমা বৰা। ভাৰতীয় ৰেলৰ কাৰ্যালয় সহায়ক হিচাপে ১৯৪৬ চনত মালিগাওঁ ৰেলৱে কেন্দ্ৰত কৰ্মজীৱন আৰম্ভ কৰা সূৰ্য বৰাই কৰ্মঅৱস্থাতে বি.কম.
-
কিশোৰ দাস
কিশোৰ দাস (Kishor Das) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। তেওঁ বহুকেইটা অসমীয়া মিউজিক ভিডিঅ’, ধাৰাবাহিক তথা চলচ্চিত্ৰত অভিনয় কৰিছিল৷ তেওঁ গুৱাহাটীস্থিত আঞ্চলিক টেলিভিচন চেনেলত প্ৰচাৰিত বিধাতা, বান্ধোন, নেদেখা ফাগুনৰ দৰে জনপ্ৰিয় অসমীয়া টেলিভিছন অনুষ্ঠানবোৰত কৰা অভিনয়ৰ বাবে অধিক পৰিচিত আছিল।
-
গৌৰৱ বৰা
গৌৰৱ বৰা (জন্ম: ২৬ অক্টোবৰ ১৯৮৫) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ, ধাৰাবাহিক আৰু মঞ্চ অভিনেতা। ২০০৫ চনত তেওঁ ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত হামাৰ ধনি শীৰ্ষক ভিচিডি ছবিখনৰ জড়িয়তে পেচাদাৰী অভিনয় জগতখনত পাতনি মেলিছিল।