দিগন্ত হাজৰিকা এজন ভাৰতীয় অভিনেতা তথা মডেল। প্ৰসিদ্ধ হিন্দী ছবি নিৰ্দেশক আশুতোষ গোৱাৰীকেৰৰ সিন্ধু সভ্যতাৰ ওপৰত নিৰ্মিত ছবি মহেঞ্জোদাৰো (চলচ্চিত্ৰ)ৰ জৰিয়তে তেওঁ হিন্দী বোলছবি জগতত প্ৰৱেশ কৰিছে। তেওঁ কেইবাখনো অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) আৰু হিন্দী চিনেমাত অভিনয় কৰিছে। ১৯৮৪ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে অসমৰ নগাঁওত তেওঁৰ জন্ম হৈছিল।
কৰ্মজীৱন
দিগন্তয়ে পোন প্ৰথমে অসমীয়া চুটি ছবি "কি নাম দি মাতিম" দ্বাৰা অভিনয় জগতত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ অসমীয়া ছবি "ৰ’দ্" আৰু " ৰিচাং"ত অভিনয় কৰে। শেহতীয়াকৈ তেওঁ ৰাকেশ শৰ্মাৰ নিৰ্দেশিত অসমীয়া বোলছবি "অনুৰাধা"তো অভিনয় কৰিছে। লোহাৰৰ চৰিত্ৰত অভিনয় কৰা মহেঞ্জোদাৰো দিগন্তৰ প্ৰথম হিন্দী ছবি।১ তাৰ আগতে তেওঁ ষ্টাৰ প্লাছৰ আশুতোষ গোৱাৰিয়েকৰ ধাৰাবাহিক "এভাৰেষ্ট"ত অভিনয় কৰিছিল।
অভিনয়
বোলছবি
- কি নাম দি মাতিম (অসমীয়া)
- ৰিচাং (অসমীয়া)
- ৰ’দ্ (অসমীয়া)(২০১২)
- অনুৰাধা (অসমীয়া)(২০১৫)
- মহেঞ্জোদাৰো(চলচ্চিত্ৰ)(হিন্দী)(২০১৬)
- দ্য আণ্ডাৰৱ'ৰ্ল্ড (অসমীয়া) (২০১৮)
ধাৰাবাহিক
- এভাৰেষ্ট
তথ্যসূত্ৰ
- ↑ Ahmed, Hussain. (12 February 2015). Diganta Hazarika in Bollywood - Film Mahenjo Daro by Ashutosh Gowariker
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিগন্ত হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৬১৫২৮৯ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।