ইতিহাসৰ আজিৰ দিনত
১ জানুৱাৰী
ঘটনাৱলী
- ৪৫জুলিয়ান দিনপঞ্জীৰ সূচনা।
- ৪০৪ৰোমত সৰ্বশেষ গ্লেডিয়েটৰ প্ৰতিযোগিতা অনুষ্ঠিত।
- ৬৩০মুহাম্মাদ-এ মক্কালৈ যাত্ৰা আৰম্ভ কৰে।
- ৯৯০কিয়েভীয় ৰুছ জুলিয়ান পঞ্জিকা গ্ৰহণ কৰে।
- ১৪৩৮হেবচ্বাৰ্গ বংশৰ দ্বিতীয় এলবাৰ্ট হাঙ্গেৰীৰ ৰজা হিচাপে অধিষ্ঠিত হয়।
- ১৫০০পৰ্তুগীজ অভিযাত্ৰী পেদ্ৰো আলভাৰেছ কাব্ৰালেও ব্ৰাজিলৰ উপকূল(ব্ৰাজিল) আৱিষ্কাৰ কৰিছিল।
- ১৬০০স্কটলেণ্ডত জুলিয়ান পঞ্জিকা প্ৰচলন আৰম্ভ হয়।
- ১৬৫১ইংলেণ্ডৰ দ্বিতীয় চাৰ্লচ স্কটলেণ্ডৰ ৰজা হিচাপে অভিষিক্ত হয়।
- ১৬৭৩নিউয়ৰ্ক মহানগৰ আৰু বষ্টন চহৰৰ মাজত নিয়মিত ডাক যোগাযোগ আৰম্ভ হয়।
- ১৭৮৯কলিকতা-লণ্ডনৰ মাজত ডাক যোগাযোগ ব্যৱস্থা আৰম্ভ হয়।
- ১৮০৯কলকতাস্থিত বেংক অফ কেলকাতাৰ নাম পৰিবৰ্তন কৰি নতুন নাম বেঙ্গল বেংক ৰখা হয়।
- ১৮২৪কলিকতাত সংস্কৃত কলেজ স্থাপিত হয়।
- ১৮৮০ভাৰতত মানি অৰ্ডাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।
- ১৯৪৯ইণ্ডো-পাকিস্তানী যুদ্ধবিৰতি। (A UN-brokered ceasefire ended the first war between India and Pakistan over Kashmir.)
- ১৯৫৯ফিডেল কাষ্ট্ৰ'ৰ নেতৃত্বত কিউবাত বিপ্লৱ আৰম্ভ হয়।
- ১৯৬১ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯৫শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি (GATT) ৰ ঠাইত আনুষ্ঠানিকভাৱে বিশ্ব বাণিজ্য সংস্থা গঠন কৰা হৈছিল।
- ১৯৯৯Euro ৰ পৰিচয়।
- ২০১৫নীতি আয়োগ গঠন কৰা হৈছিল।
জন্ম
- ১৮৯২মহাদেৱ দেশাই, এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী, পণ্ডিত আৰু লেখক। তেওঁক মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে জনাজাত। মহাদেৱ দেশাই গুজৰাটী, বাংলা, ইংৰাজী ভাষাৰ এজন উৎকৃষ্ট লেখক আছিল। ইয়াৰ উপৰি তেওঁক গুজৰাটী ভাষাৰ এজন অনুবাদক হিচাপেও গণ্য কৰা হয়। ১৯৫৫ চনত মহাদেৱভইনী দয়াৰীৰ বাবে তেওঁক মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। মৃত্যু ১৫ আগষ্ট, ১৯৪২।
- ১৯১৩পাৰ্বতী কুমাৰ গোস্বামী, এগৰাকী ভাৰতীয় আইনবিদ, অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উল্লেখযোগ্য তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ আছিল। মৃত্যু ১৯৯২।
- ১৯১৪শৰৎ চন্দ্ৰ সিংহ, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজতান্ত্ৰিক) আৰু জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা আছিল। তেওঁ ৩১ জানুৱাৰী ১৯৭২ৰ পৰা ১২ মাৰ্চ ১৯৭৮লৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এজন প্ৰকৃত গান্ধীবাদী নেতা আছিল যি সমাজৰ দৰিদ্ৰ আৰু নিষ্পেষিতলোকৰ কল্যাণৰ হকে কাম কৰিছিল। মৃত্যু ২৫ ডিচেম্বৰ, ২০০৫।
- ১৯১৯জে ডি চেলিংগাৰ(J. D. Salinger) “দ্য কেচাৰ ইন দ্য ৰাই” ৰ বিখ্যাত আমেৰিকান লেখক।
- ১৯২৫গোপীৰাম বৰগায়ন বুঢ়াভকত, মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৰগায়ন, বৰ ওজা তথা বুঢ়াভকত।
- ১৯৩৭প্ৰকাশী তোমৰ, ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জেষ্ঠ্যতম শ্বাৰ্প শ্বুটাৰ।
- ১৯৪৩কুলেন্দু পাঠক, অসমীয়া অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক।
- ১৯৪৫য়ুমলেম্বম গম্ভিনী দেৱী, ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী।
- ১৯৫০ৰাহত ইন্দোৰী, উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ।
- ১৯৫০দীপা মেহতা, ভাৰতীয় মূলৰ ছবি পৰিচালক।
- ১৯৫১নানা পাটেকৰ, ভাৰতীয় অভিনেতা।
- ১৯৫৯শুভা মুদগল, ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী।
- ১৯৫৯হিতেন্দ্ৰ নাথ গোস্বামী, ভাৰতীয় ৰাজনৈতিক নেতা আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ।
- ১৯৬০চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী, ভাৰতৰ লোকসভাৰ সাংসদ।
- ১৯৬০বিদ্যুৎ চক্ৰৱৰ্তী, অসমীয়া অভিনেতা আৰু চলচিত্ৰ আৰু মঞ্চ নাটকৰ পৰিচালক।
- ১৯৬০নানজিয়াম্মা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাৰতীয় লোকগীতশিল্পী।
- ১৯৬০নৰেন্দ্ৰ চন্দ্ৰ হাজং অল ইণ্ডিয়া ৰেডিঅ’ তুৰা কেন্দ্ৰৰ অনাতাঁৰ শিল্পী।
- ১৯৬১নংথমবাম বিৰেন সিং, ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল খেলুৱৈ, সাংবাদিক তথা মণিপুৰৰ মুখ্যমন্ত্ৰী।
- ১৯৭৩আনন্দ কুমাৰ, ভাৰতীয় গণিতৰ প্ৰশিক্ষক।
- ১৯৭৫সোণালী বেন্দ্ৰে, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭৮বিদ্যা বালান, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৮গীতাঞ্জলি থাপা, ভাৰতীয় অভিনেত্ৰী।
- ১৯৯২ভাগ্যৱতী কছাৰী, ভাৰতীয় বক্সাৰ।
মৃত্যু
- ১৮৮৬নাথান ব্ৰাউন, আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক আৰু অনুবাদক।
- ২০১৪নীলিমকান্ত বৰুৱা, অসমীয়া পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ