অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৫ আগষ্ট

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৪ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

ঘটনাৱলী

  • ১২৬১ - বাইজাণ্টিসকলৰ হাতত কনষ্টাণ্টিনোপলৰ পতন হয় আৰু অষ্টম মাইকেল বাইজাণ্টিয়াম সাম্ৰাজ্যৰ নতুন সম্ৰাট হয়।
  • ১৯১৪ - পানামা খালৰ নিৰ্মাণ সম্পূৰ্ণ হয় আৰু খালটোৱেদি প্ৰথমখন জাহাজ পাৰ হয়।
  • ১৯৪৭ - লৰ্ড মাউণ্ট বেটেনে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰে।
  • ১৯৫০ - অসমত হোৱা প্ৰবল ভূমিকম্পৰ ফলত ১৩৫০ জন লোক মৃত্যুমুখত পৰে আৰু বিস্তৰ ক্ষতি হয়।
  • ১৯৬৫ - ভাৰতীয় খাদ্য নিগম প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৭২ - ভাৰতত ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয়।
  • ১৯৭৫ - বাংলাদেশৰ সেনা বিষয়াৰ এটা দলে ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰে।
  • ১৯৮২ - ভাৰতত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ সম্প্ৰচাৰ আৰম্ভ হয়।
  • ১৯৮৫ - সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি সম্পাদন কৰা হয়।
  • ১৯৮৬ - অসমীয়া দৈনিক বাতৰিকাকত আজিৰ অসম প্ৰকাশ আৰম্ভ হয়। প্ৰতিষ্ঠাপক সম্পাদক ৰাধিকামোহন ভাগৱতী।
  • ১৯৯৬ - আন্দামানৰ ৰোজ আইলেণ্ডক ৰাণী লক্ষ্মীবাই নামেৰে নামকৰণ কৰা হয়।
  • ২০০৪ - ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয়।

জন্ম

  • ১৭৬৯ - নেপোলিয়ন বোনাপাৰ্ট, ফ্ৰান্সৰ সম্ৰাট।
  • ১৮৭২ - শ্ৰী অৰবিন্দ, ভাৰতীয় দাৰ্শনিক, কবি আৰু সাংবাদিক।
  • ১৯৩৮ - প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট। তেওঁক প্ৰধানকৈ জনপ্ৰিয় 'চাচা চৌধুৰী' নামৰ কমিকছ চৰিত্ৰৰ সৃষ্টিৰ বাবে জনা যায়। ২০১৪ চনৰ ৬ আগষ্টত ৭৫ বছৰ বয়সত নতুন দিল্লীত তেওঁৰ মৃত্যু হয়।
  • ১৯৪৭ - ৰাখী গুলজাৰ, পদ্মশ্ৰী, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেত্ৰী।
  • ১৯৫১ - ইন্দ্ৰাণী বসু, ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক।
  • ১৯৬১ - সুহাসিনী মণিৰত্নম, তেলুগু, মালয়ালম, তামিল আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰ অভিনেত্ৰী।
  • ১৯৬৪ - মেলিণ্ডা গেট্‌ছ, আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক।
  • ১৯৭১ - আদনান্ চামী, বলীউডৰ গায়ক।

মৃত্যু

  • ১০৫৭ - মেকবেথ, স্কটলেণ্ডৰ ৰজা। সেক্সপিয়েৰৰ নাটক মেকবেথৰ মূল চৰিত্ৰটো তেখেতৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল।
  • ১৮৫২ - জ'হান গেড'লিন, ফিনলেণ্ডৰ ৰসায়ন বিজ্ঞানী।
  • ১৯৭৫ - শ্বেখ মজিবুৰ ৰহমান, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ১৯৪২ - মহাদেৱ দেশাই, ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰবাদী লেখক।
  • ২০০০ - টি. এ. সৰস্বতী আম্মা, ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ।

দিৱস

বাহ্যিক সংযোগ


সম্পৰ্কিত শ্ৰেণী

আগষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ আগষ্ট” প্ৰবন্ধৰ সংশোধন ৪০৬৩৯৬ (১৯ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।