গীতাঞ্জলি থাপা এগৰাকী ভাৰতীয় অভিনেত্ৰী। বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছিক্কিমৰ গীতাঞ্জলি থাপাৰ বোলছবি প্ৰদৰ্শিত হোৱাৰ লগতে তেওঁৰ অভিনয় বিশেষ ভাবে সমাদৃত হৈছে। কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা লাভ কৰা গীতাঞ্জলিয়ে ২০১৩ চনত লায়াৰ্ছ ডাইছ নামৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ৬১তম শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
ব্যক্তিগত জীৱন
১৯৮৮ চনৰ ১ জানুৱাৰী তাৰিখে ছিক্কিমৰ ৰাজধানী গেংটকত গীতাঞ্জলি থাপাৰ জন্ম হৈছিল। তেওঁ আনুষ্ঠানিক শিক্ষাৰ পাতনি ছিক্কিমৰ টাশ্বি নামগ্যাল একাডেমীত মেলিছিল। তাৰপিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়। তেওঁ নিজকে এগৰাকী পেছাদাৰী মডেল হিচাপে প্ৰতিষ্ঠা কৰে। তেওঁ অসমৰ গুৱাহাটীত অনুষ্ঠিত মেগা মিছ নৰ্থ ইষ্ট ২০০৭ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল।১২৩৪
২০০৬ চনত স্কুলত পঢ়ি থকাৰ সময়তে গীতাঞ্জলিয়ে ইংৰাজী ভাষাৰ চুটি ছবি মিথৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।
কৰ্মজীৱন
তেওঁ চলচ্চিত্ৰ জগতলৈ প্ৰৱেশ কৰাৰ আগতে নিজকে এক পেছাদাৰী মডেল হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ ২০১০ চনত টিনা কি চাবি বোলছবিত অভিনয় কৰিবলৈ সুযোগ পায়। ইয়াৰ পিছত তেওঁ কমল কেএমৰ ছবি আই.ডিৰ মুখ্য ভূমিকাত অভিনয় কৰে। ইয়াত কৰা অভিনয়ৰ বাবে তেওঁ লছ এঞ্জেলেছ চলচ্চিত্ৰ মহোৎসৱ ২০১৩ত শ্ৰেষ্ঠ পৰিৱেশক আৰু ইমাজিন ইণ্ডিয়া ২০১৩, মাদ্ৰিদত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।৫বুচন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে আদি কৰি এই ছবিখন কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। তাৰ পিছত তেওঁ অমিত খুৰানাৰ মনচুন শ্বুটিঙত অভিনয় কৰে আৰু এই ছবিখন ক্যা চলচ্চিত্ৰ মহোৎসৱৰ মিডনাইট স্ক্ৰীনিং শিতানত প্ৰদৰ্শিত হয়। তাৰপিছত তেওঁ অনুৰাগ কাশ্যপৰ দেট ডে আফটাৰ এভৰী ডেত অভিনয় কৰে। ২০১৩ চনৰ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ পৰৱৰ্তী ছবি গীতু মোহনদাসৰ লায়াৰ্ছ ডাইছ প্ৰদৰ্শিত হয়। তাৰপিছত ছবিখন বহুতো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় বিভিন্ন পুৰস্কাৰ লাভ কৰে।৬ গীতাঞ্জলিয়ে ইয়াত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। এই ছবিখন ৮৭তম অস্কাৰ বঁটালৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানলৈ ভাৰতৰ চৰকাৰী মনোনয়ন আছিল।
তাৰ পিছত তেওঁ অস্কাৰ বঁটা বিজয়ী নিৰ্দেশক দানিছ টানৱিকৰ ছবি টাইগাৰ্ছত পাকিস্তানী মহিলাৰ চৰিত্ৰত অভিনয় কৰে।৭৮ এইখন ছবি ট'ৰেণ্ট' আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০১৪ ত প্ৰদৰ্শিত হয়। ইয়াৰ লগতে তেওঁ কেইবাখনো বিজ্ঞাপনটো কাম কৰে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল ঐশ্বৰ্যা ৰায়ৰ লগত কৰা লৰিয়েলৰ বিজ্ঞাপন।২
শেহতীয়াকৈ তেওঁ ট্ৰেপড, কুছ ভিগে ভিগে অলফাজ, পেংটিং লাইফ আৰু বাইস্ক'পৱালাৰ দৰে ছবিত অভিনয় কৰিছে।
অভিনয়
চলচ্চিত্ৰ
| চন | বোলছবি | চৰিত্ৰ | ভাষা | নোট |
|---|---|---|---|---|
| ২০১২ | আই.ডি | চাৰু | হিন্দী | শ্ৰেষ্ঠ পৰিৱেশন, লছ এঞ্জেলেছ চলচ্চিত্ৰ মহোৎসৱ ২০১৩শ্ৰেষ্ঠ অভিনেত্ৰী, ইমাজিন ইণ্ডিয়া ২০১৩, মাদ্ৰিদ |
| ২০১৩ | মনচুন শ্বুটিং | অনু | হিন্দী | |
| দেট ডে আফটাৰ এভৰী ডে | বাছৰ ছোৱালীজনী | হিন্দী | ||
| ২০১৪ | লায়াৰ্ছ ডাইছ | কমলা | হিন্দী | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী, চৰ্তুদশ বাৰ্ষিক নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ |
| ২০১৬ | টাইগাৰ্ছ | জাইনাব | হিন্দী ইংৰাজী জাৰ্মান | ট'ৰেণ্ট' আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০১৪৯ |
| ২০১৭ | ট্ৰেপড | নূৰী | হিন্দী | |
| ২০১৮ | কুছ ভিগে ভিগে অলফাজ | অৰ্চনা প্ৰধান | হিন্দী | |
| পেংটিং লাইফ | গেষ্ট ৰুমত থকা মহিলা গৰাকী | ইংৰাজী | মুক্তি লাভ কৰা নাই | |
| বাইস্ক'পৱালা | মিনি বসু | হিন্দী |
ৱেব চিৰিজ
| চন | নাম | চৰিত্ৰ | নেটৱৰ্ক | নোট | Ref. |
|---|---|---|---|---|---|
| ২০১৮ | চেক্ৰেড গেমছ | নয়নিকা চেহগাল | নেটফ্লিক্স |
তথ্যসূত্ৰ
- ↑ Geetanjali Thapa wins Mega Miss North East
- ↑ Shaheen Parkar. (28 September 2014). Yet to learn how things work in Bollywood: Geetanjali Thapa. MiD DAY
- ↑ Geetanjali Thapa on being low-key and letting her work speak. The Telegraph
- ↑ (15 July 2013). Interview: Geetanjali Thapa, Actor (I.D., Monsoon Shootout). DearCinema.com
- ↑ I auditioned for White Lies so I could meet Danis: Geetanjali Thapa. The Times of India
- ↑ Liar's Dice: Mumbai Review. The Hollywood Reporter
- ↑ Making a Mark. India Today
- ↑ Ankur Pathak. (6 September 2014). Geetanjali Thapa: I wouldn’t want to be cast just because I’m a 'North Easterner'. The Times of India
- ↑ Tigers. TIFF
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গীতাঞ্জলি থাপা” প্ৰবন্ধৰ সংশোধন ৪০০৪০৩ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।