শুভা মুদগল (Shubha Mudgal, জন্ম: ১ জানুৱাৰী ১৯৫৯) হৈছে ভাৰতীয় ধ্ৰুপদী সংগীতৰ এগৰাকী শিল্পী। তেখেতে খায়াল, থুমৰী, দাদৰা আৰু ভাৰতীয় পপ পৰিৱেশন কৰে। ২০০০ চনত তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
ভাৰতৰ এলাহাবাদস্থিত এটা শিক্ষানুৰাগী পৰিয়ালত শোভা মোদগলৰ জন্ম হয়।১২৩ তেখেতৰ পিতৃ আছিল স্কান্দ গুপ্তা আৰু মাতৃ আছিল জয়া গুপ্তা। তেওঁলোক উভয়েই এলাহাবাদ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্যৰ অধ্যাপক হিচাপে কৰ্মৰত আছিল। দুয়োৰে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত আৰু কথকৰ প্ৰতি গভীৰ আকৰ্ষণ এটাও আছিল।৪৫ উল্লেখ্য যে, শোভাৰ পিতৃৰ পিতৃ (ককাক) পি. চি. গুপ্তাও এলাহাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপক আছিল।
শিক্ষা আৰু সংগীতৰ প্ৰশিক্ষণ
শোভা মোদগল এলাহাবাদতে ডাঙৰ-দীঘল হয় আৰু প্ৰাথমিক শিক্ষা সমাপ্তিৰ অন্তত তেখেতে ছেইণ্ট মেৰিজ কনভেণ্ট ইণ্টাৰ কলেজত নামভৰ্তি কৰে। শৈশৱ কালছোৱাত তেখেত আৰু তেখেতৰ ভগ্নীয়ে নৃত্য বিদ্যালয়ত কথকৰ শিক্ষা গ্ৰহণ কৰিছিল।২ অৱশ্যে ডোভা মোদগলে নৃত্যত বিশেষ আগ্ৰহ দেখুওৱা নাছিল।২ পৰৱৰ্তী সময়ত তেখেতে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ লগত একাত্ম হৈ পৰে। তেখেতৰ প্ৰথমগৰাকী পৰম্পৰাগত শিক্ষাগুৰু আছিল এলাহাবাদৰ ৰামাশ্ৰেয়া ঝা।
আন্তঃমহাবিদ্যালয়ৰ শিক্ষা শেষ কৰি শোভা মোদগল নতুন দিল্লীলৈ স্থানান্তৰিত হয় আৰু দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ইয়াত তেখেতে স্নাতক শিক্ষা আৰম্ভ কৰে। দিল্লীত তেখেতে বিনয় চন্দ্ৰ মোদগল্যৰ অধীনত সংগীতৰ শিক্ষা অব্যাহত ৰাখে। বিনয় চন্দ্ৰ মোদগল্য হৈছে গন্ধৰ্ব মহাবিদ্যালয়ৰ নামৰ ললিত-কলাৰ শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক।৬৭
দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰি শোভা মোদগলে দিল্লীৰে বসন্ত থাকৰেৰ অধীনত প্ৰশিক্ষণ অব্যাহত ৰাখে আৰু অনানুষ্ঠানিকভাৱে জীতেন্দ্ৰ অভিষেকী, নেইনা দেৱী আৰু কুমাৰ গন্ধৰ্বৰ দৰে শিল্পীসকলৰ পৰাও সংগীতৰ জ্ঞান লাভ কৰে।৮
সংগীতৰ পৰিৱেশন
১৯৮০ৰ দশকতেই শোভা মোদগলে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এগৰাকী পৰিৱেশক হিচাপে যাত্ৰাৰম্ভ কৰে। নিজৰ প্ৰতিভাৰ স্বাক্ষৰ দাঙি ধৰিবলৈ তেখেতক বেছি দিন নালাগিল। ১৯৯০ৰ দশকত তেখেতে সংগীতৰ অন্যান্য প্ৰকাৰসমূহৰ সম্পৰীক্ষা আৰম্ভ কৰে। ইয়াৰে ভিতৰত পপ আৰু ফিউছনো অন্তৰ্ভুক্ত। তেখেতে কৈছে,
"মই সংগীতত বিশ্বাস কৰোঁ। খায়াল আৰু থুমড়ী মোৰ প্ৰিয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মই সংগীতৰ আন প্ৰকাৰবোৰৰ সম্পৰীক্ষা নকৰিম। মই মোৰ সাংগীতিক বাসনাবোৰ কিয় হ্ৰাস কৰিম? .....মই মোৰ ভিতৰত বাস কৰা শিল্পীগৰাকীক প্ৰকাশ কৰিব খোজোঁ। যদিহে আপুনি এগৰাকী সংগীতশিল্পী, তেন্তে আপুনি "এইটো ভক্তিমূলক কাব্যৰ পৰা আহিছে, গতিকে ইয়াক মই পৰিৱেশন কৰিব নোৱাৰোঁ" বুলি কেনেকৈ ক'ব পাৰে?"
৯ সংগীতৰ ৰেকৰ্ডিং আৰু পৰিৱেশনসমূহৰ বাহিৰেও তেখেতে ভাৰতীয় শাস্ত্ৰীয় শিল্পীসকলৰ প্ৰতি লক্ষ্য ৰাখি 'raagsangeet.com' নামৰ এটা ৱেবছাইটৰ তত্ত্বাৱধান কৰে।
ষ্টাৰপ্লাছৰ ধাৰাবাহিক 'দিয়া আৰু বাটি হাম'ৰ শীৰ্ষ সংগীতটোত শোভা মোদগলে কণ্ঠদান কৰিছে। গীতটোত তেখেতৰ সহশিল্পী হৈছে কৈলাস খেৰ। ইয়াৰ লগতে 'Mystic India' নামৰ ছবিখনতো তেখেতে গীত পৰিৱেশন কৰিছে।
২০১৯ চনত শোভা মোদগলে কল্পকথা লিখক হিচাপে অভিষেক ঘটায় আৰু 'Looking for Miss Sargam: Stories of Music and Misadventure' শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰে।১০
বঁটা
- ১৯৯৬ চনত "অমৃত বীজ" নামৰ অকাহিনীমূলক ছবিখনৰ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা১১
- 'Dance of the Wind' নামৰ ছবিখনত সংযোজন কৰা সংগীতৰ বাবে ৩৪সংখ্যক চিকাগো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ সাফল্যৰ ১৯৯৮ গোল্ড প্লেক বঁটা১১
- ২০০০ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ১২
- সাংস্কৃতিক সমন্বয়, শান্তি আৰু শুভবোধৰ প্ৰসাৰত আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে ২০১৬ চনত ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদভাৱনা বঁটা১৩১৪
ব্যক্তিগত জীৱন
দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত শোভা মোদগলে মুকুল মোদগলৰ লগত বিবাহত বহে। তেখেতৰ স্বামী বিনয় চন্দ্ৰ মৌদগল্যৰ পুত্ৰ আৰু এগৰাকী প্ৰতিষ্ঠিত সংগীতশিল্পী। কিন্তু পৰৱৰ্তী সময়ত তেখেতে পঞ্জাব আৰু হাৰয়ানা উচ্চ ন্যায়ালয়ৰ পৰা মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লয়।৬১৫ বৰ্তমান শোভা মোদগলে ডা॰ অনিশ প্ৰধানৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰিছে।
তথ্যসূত্ৰ
- ↑ (16–31 December 2016). On a Personal Note: Shubha Mudgal. Governance Now
- ↑ An Interview with Shubha Mudgal monsoonmag.com, 2000
- ↑ (2010-04-26). Interview with Shubha Mudgal, singer. Moneylife.in
- ↑ Bhargava, Anjuli. (2020-03-27). Tea with BS: Shubha Mudgal on how she found herself in the world of music. Business Standard India
- ↑ This above all The Tribune, 15 August 1948
- ↑ Telegraph, The. (2017-10-30). We did not state things we couldn't corroborate'. Telegraphindia.com
- ↑ National Award For Best Educational/Motivational/Instructional Film. Awardsandshows.com
- ↑ Indian Heroes Shubha Mudgal at iloveindia.com
- ↑ SHUBHA MUDGAL’S TALES FROM LIFE south-asian.com, 2003
- ↑ Bhatt, Neha. (2019-07-20). Shubha Mudgal shines in her debut book 'Looking for Miss Sargam'. The Hindu
- ↑ Milestones Shubha Mudgal Official website
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ আৰ্কাইভ কপি
- ↑ www.uniindia.com/shubha-mudgal-to-get-rajiv-gand
- ↑ Dasgupta, Amrita. (22 July 2010). Life notes. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শুভা মুদগল” প্ৰবন্ধৰ সংশোধন ৫০৬৬০৩ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।