অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নানজিয়াম্মা

নানজিয়াম্মা(Nanjiyamma); জন্ম: ১ জানুৱাৰী ১৯৬০) কেৰেলাৰ এটা জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা এগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাৰতীয় লোকগীতশিল্পী। ২০২০ চনত মালয়ালম ছবি আয়াপ্পানুম কোছিয়মত গীত গোৱাৰ পিছত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।ইৰুলা ভাষাত নিজে ৰচনা কৰা আৰু জেকছ বেজয়ে ৰচনা কৰা…

হালনাগাদ: ৩০ জানুৱাৰী ২০২৫ ২২৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নানজিয়াম্মা(Nanjiyamma); জন্ম: ১ জানুৱাৰী ১৯৬০) তিতা কেৰেলাৰ এটা জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা এগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাৰতীয় লোকগীতশিল্পী। ২০২০ চনত মালয়ালম ভাষা ছবি আয়াপ্পানুম কোছিয়মত গীত গোৱাৰ পিছত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।১২ইৰুলা ভাষাত নিজে ৰচনা কৰা আৰু জেকছ বেজয়ে ৰচনা কৰা ছবিখনৰ টাইটেল গীত "কলক্কথা" ইউটিউবত মুক্তি পোৱাৰ পিছতে জনপ্ৰিয়তা লাভ কৰে। এমাহত এই গীতটিয়ে এক কোটিৰো অধিক দৰ্শন লাভ কৰিছিল। ৩৪

জীৱন আৰু কৰ্ম

আট্টাপ্পাদিৰ ইৰুলা জনজাতীয় গাঁও নক্কুপতি পিৰিভুত নানজিয়াম্মাৰ জন্ম হৈছিল। নানজিয়াম্মাই খেতি কৰি আৰু গৰু-ম’হ চোৱা-চিতা কৰি নিজৰ ঘৰ চলায়।৫ তেওঁ সদায় প্ৰকৃতিৰ লগত জড়িত হৈ আছে। দশক-দশক ধৰি তেওঁ খেতি আৰু গৰু-ম’হ পালনৰ লগত জড়িত। নানজিয়াম্মাৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে। তেওঁৰ পুত্ৰ চ্যাম আগালীস্থিত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত কৰ্মচাৰী।৬

আট্টাপ্পাদীৰ জনজাতীয় শিল্পী পাঝানী স্বামীৰ নেতৃত্বত আজাদ কলা সমিতিৰ এগৰাকী লোকগায়িকা নানজিয়াম্মা। পিছলৈ ২০২০ চনত আয়াপ্পানুম কোছিয়ম নামৰ ছবিখনৰ জৰিয়তে প্লেবেক গায়কীৰ সৈতে পৰিচয় কৰাই দিয়া হয়। ছবিখনত নায়িকা বিজু মেননৰ শাহুৱেকৰ চৰিত্ৰতো অভিনয় কৰিছে। ৭ তেওঁ প্ৰথমে মথৰুমোঝিৰ বাবে অগগেদু নায়াগা নামৰ এখন তথ্যচিত্ৰৰ বাবে গাইছিল সিন্ধু সজন পৰিচালনাত।[8] নানজিয়াম্মাই কেৰেলা চৰকাৰৰ গৃহ নিৰ্মাণ কাৰ্যসূচী লাইফ মিছনৰ বাবে প্ৰচাৰমূলক গীতটো গাইছিল আৰু কেৰেলাত জনসংযোগ কাৰ্যসূচীৰ বাবে ইৰুলা ভাষা প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।৮৯

২০২০ চনত ''আয়্যাপ্পানুম কোছিয়ম'' ছবিখনৰ প্লেবেক ৰেকৰ্ডিঙৰ সময়ত নানজিয়াম্মা
২০২০ চনত আয়্যাপ্পানুম কোছিয়ম ছবিখনৰ প্লেবেক ৰেকৰ্ডিঙৰ সময়ত নানজিয়াম্মাছবি: Aliyamolu · CC BY-SA 4.0

বঁটা আৰু মনোনয়ন

আয়াপ্পানুম কোছিয়ম চিনেমাৰ "কলক্কাথা" গীতটোৰ বাবে নানজিয়াম্মাক ভাৰতৰ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ বাবে বঁটা প্ৰদান কৰা হৈছিল।১০ ২০২০ চনত কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বিশেষ জুৰী বঁটা লাভ কৰিছিল।১১,১২

ডিস্কোগ্ৰাফী

বছৰচলচ্চিত্ৰগীতসুৰকাৰ
TBAMmmmm"Paathyile Nerunki Mollu"
TBAVava"Veli Vaa"
2022Chekkan"Athukku Antha"
2022Station 5"Dakka Dakka"
2020Ayyappanum Koshiyum"Adakachakko (Promo Song)"Jakes Bejoy
"Kalakkatha"
"Thaalam Poyi"
2015Velutha Rathrikal"Hey Vannathi ..."
"Mallike"
" Muttolam Mundudutha"
"Hey Karadi ..."
2015Aggedu Nayaga"Kakke Daage ..."Manakkala Goopalakrishanan
"Kelaye daage gogunthee"
" Akkare vantha pachakkiliye"
"Le le le karadi"

ফিল্মগ্ৰাফী

বছৰচলচ্চিত্ৰভূমিকানিৰ্দেশকভাষাটোকাসমূহ
2020Ayyappanum KoshiyumKannamma's MotherSachyমালয়ালম ভাষাUncredited role
2020ChunkanNanjiammaমালয়ালম ভাষাMusical video
2020The Prince of Mollywood PrithvirajNanjiammaমালয়ালম ভাষাMusical video also singer
2021Payanamমালয়ালম ভাষাMusical video
2022Chekkan-মালয়ালম ভাষা
TBASignatureমালয়ালম ভাষা
TBAMmmmমালয়ালম ভাষা

টেলিভিছন

টেলিভিছন অনুষ্ঠানতাৰিখভূমিকাচেনেলটোকা
Bumper Chiri AghoshamNanjiyammaMazhavil Manorama
NaattupattuApril 2022NanjiyammaJanam TV
Parayam NedamApril 2022NanjiyammaKaumudyParticipant
Salt and PepperDecember 2021NanjiyammaKaumudyPresenter
Ruchiyathra22 November 2020NanjiyammaSurya TVPresenter
Madhura Pathinettil Prithvi28 August 2020NanjiyammaSurya TVGuest
Karthika DeepamJulyNanjiyammaZee KeralamSpecial appearance Singer for title song
Ningalkkum Aakaam KodeeshwaranFebruary 2020NanjiyammaMazhavil ManoramaGuest
Sa Re Ga Ma Pa KeralamFebruaryNanjiyammaZee KeralamGuest
Top SingerFebruaryNanjiyammaFlowersGuest

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nanjiyamma-Tribal Artiste-Ayyapanum Koshiyum Song. Manoramaonline.com
  2. ↑ Tribal woman from Attapadi to sing in Malayalam director Sachy's 'Ayyappanum Koshiyum. The New Indian Express
  3. ↑ Kalakkatha-Title Song-Ayyappanum Koshiyum - Prithviraj-Biju Menon - Sachy-Ranjith - Jakes Bejoy. ইউটিউব
  4. ↑ 60-year-old Nanjamma goes viral with song in Malayalam film 'Ayyappanum Koshiyum'. দ্য হিন্দু
  5. ↑ Local News Desk. (25 July 2022). 'Took Me To Fame I Never Dreamt of': Nanjiyamma on Director Sachidanandan KR. News 18
  6. ↑ Jovial, Nirmal. (July 22, 2022). Meet Nanjiyamma, folk singer who brought national award glory to a tribal hamlet. The Week
  7. ↑ Aggedu Nayaga (Mathrumozhi) by Sindhu Sajan. Manorama Online
  8. ↑ video of life mission housing. Deshabhimani
  9. ↑ CMO Kerala on Life Mission. ফেইচবুক
  10. ↑ Best Female Playback Singer: Nanchamma-. www.thehindu.com
  11. ↑ Special Jury Award for Nanjamma-. www.filmibeat.com
  12. ↑ Special Jury Award for Nanjamma-. keralakaumudi.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নানজিয়াম্মা” প্ৰবন্ধৰ সংশোধন ৪৬৬৯৭০ (৩০ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।