নংথমবাম বিৰেন সিং (ইংৰাজী ভাষা: Nongthombam Biren Singh;জন্ম ১ জানুৱাৰী, ১৯৬১১) হ'ল এজন ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সাংবাদিক। বিৰেন সিং বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী।২ বিৰেন সিঙে ফুটবল খেলুৱৈ হিচাপে নিজৰ কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু ঘৰুৱা প্ৰতিযোগিতাসমূহত বিএছএফ দলৰ হকে খেলিবলৈ তেওঁ বিএচএফত ভৰ্তি হৈছিল। পাছলৈ তেওঁ বিএচএফৰ পৰা পদত্যাগ কৰি সাংবাদিকতা কৰিবলৈ লৈছিল। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ তথা অভিজ্ঞতা নথকা সত্বেও তেখেতে ১৯৯২ চনত Naharolgi Thoudang নামৰ এখন স্বদেশী দৈনিক আৰম্ভ কৰিছিল আৰু ২০০১ চন পৰ্যন্ত সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল।১ ২০০২ চনত ৰাজনীতিত অংশগ্ৰহণ কৰিয়েই বিৰেন সিঙে ডেম'ক্ৰেটিক ৰিভ'লিউচনাৰী পিপিলচ্ পাৰ্টিত যোগ দিয়ে আৰু হেইগংৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হয়। ২০০৩ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰাৰ পাছত তেখেতে কংগ্ৰেছ দলৰ টিকটেৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ২০০৭ চনত নিজৰ আসন বজায় ৰাখে। যুৱ কল্যাণ তথা ক্ৰীড়া মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি, ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ আগতে তেখেতে ২০১৬ চনত কংগ্ৰেছ দল ত্যাগ কৰে। ২০১৭ চনত তেখেত মণিপুৰৰ মুখ্যমন্ত্ৰী হয়।৩
তথ্যসূত্ৰ
- ↑ SHRI NONGTHOMBAM BIREN. manipurassembly.nic.in
- ↑ (14 March 2017). Who is N. Biren Singh?. The Hindu
- ↑ (15 March 2017). Biren Singh: From BSF barracks to Manipur's Chief Minister. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এন. বিৰেন সিং” প্ৰবন্ধৰ সংশোধন ৩৮০২৭২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।