ড° কুলেন্দু পাঠক (জন্ম: ১ জানুৱাৰী, ১৯৪৩) এগৰাকী অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য আৰু কটন মহাবিদ্যালয়ৰ (এতিয়া বিশ্ববিদ্যালয়) পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল। তেওঁ অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু সভাপতি আৰু ভলিউণ্টেৰী হেল্থ এছ'চিয়েশ্বন অৱ ইণ্ডিয়াৰো প্ৰাক্তন সভাপতি আছিল।১
জন্ম আৰু পৰিয়াল
১৯৪৩ চনৰ ১ জানুৱাৰী তাৰিখে কামৰূপ জিলাৰ নগৰবেৰাত কুলেন্দু পাঠকৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ পাঠক২আৰু মাতৃ প্ৰভাৱতী পাঠক।১ তেওঁৰ জন্ম ঠাইখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত আৰু কামৰূপ জিলাৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত হোৱা বাবে গোৱালপাৰা চহৰৰ লগতহে বেছি সম্পৰ্ক আছিল। তেওঁৰ জন্মৰ সময়ত পিতৃ গোৱালপাৰা হাইস্কুলৰ হিন্দী শিক্ষক আছিল। তেওঁৰ মাতৃয়েও সেইসময়ত প্ৰাথমিক স্কুল এখনত শিক্ষকতা কৰিছিল।
শিক্ষা
কুলেন্দু পাঠকৰ শিক্ষাজীৱন আৰম্ভ হৈছিল নগৰবেৰাৰ পাঠশালা স্কুলখনত। ১৯৫৮ চনত নগৰবেৰা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ শ্বিলঙৰ ছে'ইণ্ট এডমাণ্ডছ্ কলেজত নামভৰ্তি কৰিছিল। ইয়াৰ পৰা আই এছ চিত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিছিল। কটন কলেজৰ পৰা পদাৰ্থবিজ্ঞান বিভাগত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১১৯৬৬ চনত পাঠকে ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়লৈ গৱেষণাৰ বাবে যায় আৰু ১৯৬৯ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বহল ক্ষেত্ৰখন আছিল “পদাৰ্থৰ বুনিয়াদী কণা আৰু বল।”
কৰ্মজীৱন
তেওঁ নগৰবেৰা হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেখেত প্ৰাগজ্যোতিষ কলেজত প্ৰবক্তা বিচাপে ১৯৬৪ চনত যোগদান কৰে। ১৯৬৫ চনত তেওঁ কটন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰে আৰু ইয়াৰ পৰাই ২০০০ চনত অৱসৰ গ্ৰহণ কৰে। মধ্যৱৰ্তী কালত তেওঁক কেবাটাও উচ্চতৰ পদবীৰ বাবে যোগ্য বিবেচনা কৰা হৈছিল যদিও কটন কলেজৰ শিক্ষকতা এৰি তেনেবোৰ পদ গ্ৰহণ নকৰিলে। মাত্ৰ তিনি বছৰৰ বাবে অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ প্ৰতিষ্ঠা কালত ডেপুটেশ্যনত কাম কৰিছিল। ২০০২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে যোগদান কৰে আৰু ২০০৮ চনলৈ সেই পদতে থাকি সেৱা আগ বঢ়ায়।১
অনান্য পদবীসমূহ
- অবৈতনিক সঞ্চালক, অসম ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্প’ৰেচন
- মুৰব্বী, অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ
- সাধাৰণ সম্পাদক, অসম বিজ্ঞান সমিতি
- সভাপতি, অসম বিজ্ঞান সমিতি
- প্ৰতিষ্ঠাপক সভাপতি, ভল’ণ্টাৰী হেল্থ এছোছিয়েচন, অসম
- সভাপতি, ভল’ণ্টাৰী হেল্থ এছোছিয়েচন, ভাৰত, নিউদিল্লী
- সম্পাদক, জিজ্ঞাস আলোচনী
- ন্যাসৰক্ষী, ড°ভবেন্দ্ৰ নাথ শইকীয়া মেম’ৰিয়েল ট্ৰাষ্ট
তেখেত গুৱাহাটী তাৰকাগৃহ, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, গুৱাহাটী, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠান, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আদি প্ৰতিষ্ঠানৰ পৰিকল্পনাৰ জন্ম আৰু প্ৰাৰম্ভিক বিকাশৰ লগত জড়িত আছিল।
বৈবাহিক জীৱন
১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত উমেশ চন্দ্ৰ চৌধাৰীৰ কন্যা গীতিমণি চৌধাৰীৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়। তেখেতৰ কন্যা সন্তানদ্বয়ৰ নাম হ'ল দোলা পাঠক আৰু উমা তালুকদাৰ।
প্ৰকাশিত পুথি
শিক্ষা, বিজ্ঞান জনপ্ৰিয়কৰণ, বিজ্ঞান, পৰিবৈশিক সমস্যা আৰু অনান্য বিষয়ৰ ওপৰত তেখেতৰ যথেষ্টসংখ্যক প্ৰকাশিত প্ৰবন্ধ আছে। ৰেডিও আৰু দৃশ্য-শ্ৰাব্য মাধ্যমেৰেও তেওঁ বিজ্ঞান শিক্ষা আৰু বিজ্ঞান জনপ্ৰিয়কৰণত বিশেষ ভূমিকা লৈছিল। প্ৰান্তিক আলোচনীৰ লগত তেখেত জন্মকালৰে পৰা জড়িত আৰু এতিয়াও তেখেতে নিয়মিতভাৱে এই আলোচনীত লিখি আছে। চেণ্টিনেল, আচাম ট্ৰিবিউন, আজিৰ অসম, বুধবাৰ আদি কাকতত তেখেতৰ প্ৰবন্ধ-পাতি নিয়মিতভাৱে প্ৰকাশ হৈছিল। তেখেতৰ প্ৰকাশিত কিতাপ কেইখনমানৰ নাম তলত দিয়া হ’ল:
- আৱিষ্কাৰক আৰু উদ্ভাৱক
- চন্দ্ৰশেখৰ ভেংকট ৰমন
- হেলিৰ ধুমকেতু
- প্ৰজ্ঞা
- বিজ্ঞান আৰু সভ্যতা (দুই খণ্ড)
- কম্পিউটাৰ
- আত্মকথা
- কথোপকথন
- আইনষ্টাইন, প্ৰতিভা আৰু নাৰী
- আধুনিক বিজ্ঞানৰ পটভূমি
- আইনষ্টাইন - ইত্যাদি
সম্পাদনা
- বিজ্ঞান আৰু মানৱতাবাদ
- ডাৰউইন আৰু ক্ৰমবিকাশ তত্ত্ব
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলেন্দু পাঠক” প্ৰবন্ধৰ সংশোধন ২৬০২৪৮ (২৭ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।