অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাহত ইন্দোৰী

ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী (১ জানুৱাৰী ১৯৫০ – ১১ আগষ্ট ২০২০) এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ। তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল। তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ অধ্যাপক আছিল।

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২৫ ৫১৩ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী (১ জানুৱাৰী ১৯৫০ – ১১ আগষ্ট ২০২০) এগৰাকী উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ।১ তেওঁ উৰ্দু ভাষাৰ শিক্ষাবিদ আৰু এগৰাকী চিত্ৰশিল্পী হিচাপেও বিখ্যাত আছিল।২ তেওঁ মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত দেৱী অহল্যা বিশ্ববিদ্যালয়ৰ উৰ্দু সাহিত্যৰ অধ্যাপক আছিল। ২০২০ চনৰ ১১ আগষ্ট তাৰিখে ইন্দোৰৰ অৰবিন্দ হস্পিটেলত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।৩ মৃত্যুৰ আগদিনা তেওঁৰ দেহত কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ অৱস্থিতি ধৰা পৰিছিল।৪

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫০ চনৰ ১ জানুৱাৰী তাৰিখে ভাৰত অধিৰাজ্যৰ অন্তৰ্গত মধ্য ভাৰতৰ ইন্দোৰত ৰাহত কুৰেশ্বিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰফতুল্লাহ কুৰেশ্বি আৰু মাতৃ মকবুল উন নিছা বেগম। তেওঁৰ পিতৃ কাপোৰৰ কাৰখানাৰ কৰ্মচাৰী আছিল। ৰাহত তেওঁলোকৰ চতুৰ্থ সন্তান আছিল।

ৰাহতে ইন্দোৰতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ ইন্দোৰৰ নুতন স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৭৩ চনত ইন্দোৰৰে ইছলামীয়া কাৰিমিয়া কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।৫ তাৰপিছত তেওঁ ১৯৭৫ চনত ভূপালৰ বৰ্কতুল্লাহ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৬ ১৯৮৫ চনত তেওঁ উৰ্দু সাহিত্যত মুশ্বায়েৰা বিষয়ত গৱেষণা কৰি মধ্য প্ৰদেশৰ ভূজ বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰিছিল।৭

মুশ্বায়েৰা পৰিবেশন

ৰাহত ইন্দোৰী চাহাব
ৰাহত ইন্দোৰী চাহাবছবি: Imfarhad7 · CC BY-SA 4.0

ৰাহত কুৰেশ্বি জন্মপ্ৰিয়ভাবে ৰাহত ইন্দোৰী হিচাপে বিখ্যাত। তেওঁ প্ৰায় ৪০-৪৫ বছৰ ধৰি কবি সন্মিলন সমূহত মুশ্বায়েৰা পৰিবেশন কৰি আহিছে। তদুপৰি তেওঁৰ শ্বায়েৰী আৰু কবিতা আবৃত্তি কৰিবলৈ দেশ-বিদেশৰ বিভিন্ন ঠাইত নিমন্ত্ৰিত হৈছে। ভাৰতৰ বিভিন্ন অঞ্চলত পৰিবেশন কৰাৰ লগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, সংযুক্ত আৰৱ আমিৰাত, কানাডা, মৰিছাছ, কুৱেইট, ছিংগাপুৰ, কাটাৰ, বাহৰেইন, ওমান, পাকিস্তান, নেপাল, বাংলাদেশত কেইবাবাৰো মুশ্বায়েৰা পৰিবেশন কৰিছে।৮৯

জনপ্ৰিয় মাধ্যমত

২০১৭ চনৰ ১ জুলাই তাৰিখে চনী টিভিৰ জনপ্ৰিয় হাস্যব্যংগ অনুষ্ঠান 'দা কপিল শৰ্মা শ্ব'ৰ প্ৰথম সংস্কৰণলৈ কুমাৰ বিশ্বাস আৰু শ্ববীনাজীৰ সৈতে ৰাহত ইন্দোৰী প্ৰথমবাৰৰ বাবে আৰু ২০১৯ চনৰ ২১ জুলাইত দ্বিতীয়বাৰ অশোক চন্দ্ৰধাৰৰ সৈতে দ্বিতীয় সংস্কৰণত নিমন্ত্ৰিত হৈছিল।১০১১ ইয়াৰ লগতে তেওঁ সব টিভিৰ অনুষ্ঠান 'ৱাহ! ৱাহ! ক্যা বাত হে'লৈয়ো নিমন্ত্ৰিত হৈছিল।

২০২০ চনৰ ভেলেণ্টাইন সপ্তাহত তেওঁৰ কবিতা 'বুলাটি হে মগৰ জানে কা নেহী'১২১৩ টিকটক, ফেইচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামত ভাইৰেল হৈছিল।১৪ মানুহে কবিতাটোৰ এই শাৰীদুটি মিম হিচাপে ব্যৱহাৰ কৰিছিল।১৫

মৃত্যু

২০২০ চনৰ ১০ আগষ্ট তাৰিখে ৰাহত ইন্দোৰীৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে আৰু তেওঁক মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত অৰবিন্দ হস্পিটেলত ভৰ্তি কৰোৱা হয়।১৬ পিছদিনা অৰ্থাৎ ১১ আগষ্ট তাৰিখে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়।১৭১৮

বঁটা আৰু সন্মান

ৰাহত ইন্দোৰীয়ে বহুতো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ইয়াৰে উল্লেখযোগ্য সমূহ হ'ল:

  • ফাৰঘ ই উৰ্দু আডাৱ বঁটা, কুৱেইট
  • শ্বায়েৰ ই মেহফিল বঁটা, অঞ্জুমান ফাৰঘ ই উৰ্দু আডাৱ, কুৱেইট
  • মহম্মদ আলী তাজ বঁটা, মধ্য প্ৰদেশ উৰ্দু একাডেমী, ভূপাল
  • মৌলানা মহম্মদ আলী জহৰ বঁটা, জামিয়া অল্ড বয়জ এছচিয়েছন, নতুন দিল্লী
  • আদিব ইণ্টাৰনেচেনেল বঁটা, সাহিৰ সংস্কৃতিক একাডেমী, লুধিয়ানা
  • হক বানৰছী বঁটা, অঞ্জুমান নাৱা ই হক, বনাৰছ
  • সাহিত্য সৰস্বত, হিন্দী সাহিত্য সন্মিলন, প্ৰয়াগ
  • ইন্দিৰা গান্ধী বঁটা, ৰাষ্ট্ৰীয় ফেডাৰেচন, হালদ্বাণী
  • প্ৰদেশ ৰত্ন, হিন্দী সাহিত্য পৰিষদ, ভূপাল
  • ৰাষ্ট্ৰীয়
  • উত্তৰ প্ৰদেশ হিন্দী উৰ্দু সাহিত্য বঁটা, উত্তৰ প্ৰদেশ চৰকাৰ
  • ৰাজীৱ গান্ধী সাহিত্য বঁটা, ভূপাল
  • সদ্ভাৱনা বঁটা, বাজম ই গাংগু জামান, উজ্জেইন
  • আফাক হাইদৰ বঁটা, শ্বামীন মেনন মেমৰীয়েল ফাউণ্ডেচন, ভাৰণাই
  • ফানি অ শ্বাকিল বঁটা, ড° উৰ্মিলেশ জন চেতনা সমিতি, বাডাউন
  • নিশ্বৰ ৱাহিদী বঁটা, ৰাষ্ট্ৰীয় গ্ৰন্থমেলা ন্যাস, কানপুৰ
  • নেতাজী সুভাষ অলংকৰণ, সুভাষ মঞ্চ, ইন্দোৰ
  • ড° জাকিৰ হুছেইন বঁটা, নতুন দিল্লী
  • নিশ্বান এ এইজাজ, ড° শ্বাকিল ৱেলফেয়াৰ এডুকেচনেল ছোচাইটি, বেৰেলী
  • কৈফি আজমী বঁটা, ভাৰতীয় ৰাষ্ট্ৰীয় একতা পৰিষদ
  • উৰ্দু বঁটা
  • ইছৰত বঁটা
  • কবীৰ সন্মান, ভাডিজ হিন্দী শিক্ষা সমিতি, জম্মু কাশ্মীৰ
  • জগজিৎ সিং বঁটা, নিৰ্মলা দেৱী ফাউণ্ডেচন
  • মিৰ্জা গালিব বঁটা

প্ৰকাশিত গ্ৰন্থৰাজি

গ্ৰন্থউৎস
ৰুত১৯
দো কদৰ অৰ চহি২০
মেৰে বাদ২১
ধুপ বহুত হে২২
চান্দ পাগল হে২৩
মৌজুদ২৪
নাৰাজ২৫

তথ্যসূত্ৰ

  1. ↑ (12 September 2008). MP's Bollywood connection grows behind the camera. India Today
  2. ↑ Joshi, Sopan. (20 May 2019). Urdu poetry's shape-shifter. India Today
  3. ↑ Tiwari, Tarun. (11 August 2020). Indore: Legendary poet Rahat Indori dies of COVID-19. Free Press Journal India
  4. ↑ (11 August 2011). Noted Urdu Poet Rahat Indori Tests Positive for Covid-19, Admitted to Hospital. News18
  5. ↑ I. K. College - About Us
  6. ↑ Barkatullah University Bhopal
  7. ↑ (30 July 2016). 14 Exceptional Shayris By Rahat Indori That Are Full Of Wisdom
  8. ↑ Top Urdu poets are arriving in Dubai for a poetic evening on April 25
  9. ↑ (January 2018). राहत इंदौरी जन्मदिन विशेष: हमारे पांव का कांटा हमीं से निकलेगा
  10. ↑ Sharma, Kriti. (1 July 2017). The Kapil Sharma Show: Chandan Prabhakar returns to TKSS with a Shayari Special Episode. India.com
  11. ↑ Farzeen, Sana. (21 July 2019). The Kapil Sharma Show: A poetic night with Rahat Indori and Ashok Chakradhar. The Indian Express
  12. ↑ बुलाती है मगर जाने का नहीं//कवि सम्मेलन// dr.rahat indori shayari _bulati hai Magar jaane ka nahi. www.youtube.com. Ratangarh news pro no.1 channel
  13. ↑ Indori, Rahat. Dr. Rahat Indori - Bulaati hai magar jaane ka nai. www.youtube.com. Dr. Rahat Indori
  14. ↑ Sarkar, Madhurima. (10 February 2020). Bulati Hai Magar Jane Ka Nahi. Latestly
  15. ↑ बुलाती है मगर जाने का नहीं - राहत इंदौरी. www.amarujala.com
  16. ↑ (11 August 2011). Noted Urdu Poet Rahat Indori Tests Positive for Covid-19, Admitted to Hospital. News18
  17. ↑ Tiwari, Tarun. (11 August 2020). Indore: Legendary poet Rahat Indori dies of COVID-19. Free Press Journal India
  18. ↑ (11 August 2020). Rahat Indori dies of cardiac arrest in Indore after testing coronavirus positive. India Today
  19. ↑ Urdu poetry's shape-shifter
  20. ↑ (30 March 2019). I Want an India Where Peace and Love Prevails: Rahat Indori
  21. ↑ पुस्तक समीक्षाः राहत इंदौरी की 'रुत'
  22. ↑ Young writers, Urdu veterans dominate Hindi bestseller list
  23. ↑ Collection of new Hindi books to be released at Swami Vivekananda Library
  24. ↑ राहत इंदौरी की नई किताब 'मेरे बाद' का लोकार्पण
  25. ↑ बर्थडे विशेष- राहत इंदौरी, 'किसी के बाप का हिंदुस्तान थोड़ी है'

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কবিভাৰতীয় গীতিকাৰভাৰতীয় শিক্ষাবিদক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাহত ইন্দোৰী” প্ৰবন্ধৰ সংশোধন ৫৬৬৭১৮ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।