আনন্দ কুমাৰ (জন্ম ১ জানুৱাৰী ১৯৭৩) এজন ভাৰতীয় গণিতৰ প্ৰশিক্ষক যি ২০০২ চনত বিহাৰৰ পাটনাত আৰম্ভ কৰা চুপাৰ ৩০ কাৰ্য্যসূচীৰ বাবে বেছি জনপ্ৰিয় যʼত আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক ভাৰতীৰ প্ৰায়োগিক প্ৰতিষ্ঠানৰ প্ৰৱেশ পৰীক্ষা আই আই টি-জে ই ই পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া হয়। ২০১৮ চনত ৪৮১ জন শিক্ষাৰ্থীৰ পৰা ৪২২ জনে আই আই টিলৈ যাবলৈ সক্ষম হয় আৰু ডিস্কভাৰী চেনেলে তেওঁৰ কৰ্মৰাজিৰ এখন ডকুমেণ্টেৰি প্ৰদৰ্শন কৰে।১২৩৪৫ভাৰতীয় সমাজৰ পিছপৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কৰা কাৰ্যসূচীৰ বিষয়ে কুমাৰে মাছাচ্যুছেটছ্ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বক্তৃতা দিছিল।৬
কুমাৰ আৰু তেওঁৰ শৈক্ষিক প্ৰতিষ্ঠান কেবাবাৰো অপপ্ৰচাৰৰ বলি হৈছে আৰু ইয়াৰে কিছুমান ভাৰতীয় প্ৰচাৰ মাধ্যমতো প্ৰচাৰ হৈছে।৭ তেওঁৰ জীৱন আৰু কৰ্মক লৈ ২০১৯ চনত চুপাৰ ৩০ চলচিত্ৰ নিৰ্মাণ হয় য'ত হৃতিক ৰোশনে কুমাৰৰ চৰিত্ৰত অভিনয় কৰে।৮
প্ৰাৰম্ভিক জীৱন
কুমাৰৰ জন্ম হৈছিল ভাৰতৰ বিহাৰৰ পাটনাত। তেওঁৰ দেউতাক ভাৰতীয় ডাক বিভাগৰ এজন কেৰাণী আছিল।৯ দেউতাকে তেওঁৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দিব নোৱাৰাত আনন্দে হিন্দী মাধ্যমৰ চৰকাৰী বিদ্যালয় এখনত অধ্যয়ন কৰিছিল য'ত তেওঁৰ গণিতৰ প্ৰতি ধাউতি বৃদ্ধি পায়।১০১১
শৈশৱত কুমাৰে বিহাৰৰ পাটনাত থকা পাটনা হাইস্কুলত পঢ়িছিল। স্নাতক ডিগ্ৰীৰ সময়ত কুমাৰে জমা দিয়া সংখ্যাতত্ত্বৰ গৱেষণা পত্ৰসমূহ মেথেমেটিকেল স্পেকট্ৰামত প্ৰকাশ হয়। লগতে ডিগ্ৰীৰ সময়তে তেওঁদি মেথেমেটিকেল গেজেটৰ সম্পাদকলৈকো চিঠি লিখিছিল।১২ পিতৃৰ বিয়োগ ঘটাত আৰু ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে কুমাৰে কেমব্ৰিজ বিশ্ববিদ্যালয়ত ছিট পাইও যাব নোৱাৰিলে।১০১৩ দিনত গণিত চৰ্চা কৰি সন্ধিয়া কুমাৰে মাকৰ সৈতে পাপৰ বিক্ৰী কৰিছিল। পৰিয়ালটো চলাবলৈ মাকে ঘৰৰপৰা এই ব্যৱসায় আৰম্ভ কৰিছিল।১০ অধিক আয়ৰ বাবে কুমাৰে ল'ৰা-ছোৱালীক টিউছন কৰিবলৈ লয়।যিহেতু পাটনা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত বিদেশী জাৰ্ণেল নাছিল, আনন্দ কুমাৰে প্ৰতি দেওবাৰে প্ৰায় ছয় ঘণ্টা জোৰা ৰেলভ্ৰমণ কৰি বাৰানসীলৈ যাবলগীয়া হৈছিল। তাতেই তেওঁৰ সৰু ভায়েকৰ (যিয়ে এন. ৰাজমৰ তত্বাৱধানত ভায়'লিন শিকিছিল) হোষ্টেলৰ কোঠাত তেওঁ থাকিছিল যাতে তেওঁ তাত কাম কৰিব পাৰে।
শিক্ষন কেৰিয়াৰ আৰু চুপাৰ ৩০
১৯৯২ চনত গণিত পঢ়াবলৈ আৰম্ভ কৰা১০১১ কুমাৰে ৫০০ টকাত এটা ভাড়াঘৰ লৈ ৰামানুজন গণিত বিদ্যালয় (Ramanujan School of Mathematics) আৰম্ভ কৰিছিল।১০১৪ প্ৰথম বছৰতে দুজনৰ পৰা ৩৬ জনলৈ শিক্ষাৰ্থী বৃদ্ধি পোৱা অনুষ্ঠানটিত তিনি বছৰত শিক্ষাৰ্থীৰ অন্তৰ্ভুক্তি প্ৰায় ৫০০ জনলৈ বৃদ্ধি পায়।১০ ২০০০ চনৰ প্ৰথম ভাগত এজন ছাত্ৰই আহি কুমাৰক ক'লে যে তেওঁ আই আই টি জে ই ই (IIT-JEE)ৰ প্ৰশিক্ষণ লʼব বিচাৰে কিন্তু নামভৰ্তি মাছুল আৰ্থিক অনাটনৰ কাৰণে পৰিশোধ কৰিব নোৱাৰিব। তেনেকৈয়ে কুমাৰে অনুপ্ৰাণিত হৈ ২০০২ চনত চুপাৰ ৩০ আৰম্ভ কৰে যিটোৰ বাবে তেওঁক জনা যায়।১০১৫ ২০০২ চনৰ পৰা প্ৰতি বছৰে মে'মাহত ৰামানুজন গণিত বিদ্যালয়ে এটা প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে চুপাৰ ৩০ ৰ বাবে ৩০ জন ছাত্ৰ-ছাত্ৰী বাছনি কৰে। আৰ্থিকভাৱে পিছপৰা ৩০ জন ছাত্ৰ-ছাত্ৰীক এবছৰৰ কাৰণে থকা-খোৱাৰ ব্যৱস্থা কৰি পঠন সামগ্ৰীৰ লগতে প্ৰশিক্ষণ দিয়ে।১০ ছাত্ৰ-ছাত্ৰীসকলৰ খোৱা লোৱাৰ কাম কুমাৰৰ মাতৃ জয়ন্তী দেৱীয়ে কৰে আৰু ভাতৃ প্ৰণৱ কুমাৰে মেনেজমেণ্টত সহায় কৰে।১০১৬
২০০৩ ৰ পৰা ২০১৭ চনৰ ভিতৰত ৪৫০ জনৰ ৩৯১ জনেই আই আই টিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয়।১০১৭ ২০১০ চনত চুপাৰ ৩০ ৰ এশ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে আই আই টি জে ই ই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰতিষ্ঠানটোৰ এইয়া আছিল ক্ৰমাগতভাবে তিনি নম্বৰবাৰৰ বাবে এশ শতাংশ উত্তীৰ্ণ।১৮
চুপাৰ ৩০ৰ বাবে কুমাৰে চৰকাৰী অথবা ব্যক্তিগত খণ্ড একোৰে পৰা আৰ্থিক সাহৈয্য লাভ কৰা নাছিল। বৰঞ্চ নিজৰ ৰামানুজন প্ৰতিষ্ঠানৰ পৰা হোৱা উপাৰ্জনেৰেই চুপাৰ ৩০ চলাই আছিল।১৫ চুপাৰ ৩০ ৰ সফলতা আৰু জনপ্ৰিয়তা দেখি কুমাৰলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্যক্তিগত খণ্ড কিছুমানৰ লগতে চৰকাৰৰ পৰাও আৰ্থিক সহযোগৰ প্ৰস্তাৱ আহিছিল কিন্তু কুমাৰে চুপাৰ ৩০ ক নিজ চেষ্টাৰে চলাই নিবলৈ সেইয়া প্ৰত্যাখ্যান কৰে।১৫১৬
২০০৬ ৰ পৰা ২০০৭ লৈ ৩০ জনেই আই আই টি জে ই ই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী বৰ্ষসমূহত ৩০ জনৰ ভিতৰত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এনেধৰণৰ ২০১১ – ২৪, ২০১২–২৭, ২০১৩–২৮, ২০১৪–২৭, ২০১৫–২৫, ২০১৬–২৮, ২০১৭–৩০, আৰু ২০১৮ – ২৬.১৬১৯২০
স্বীকৃতি
২০০৯ চনৰ মাৰ্চত ডিস্কভাৰী চেনেলে চুপাৰ ৩০ ক লৈ এক ঘণ্টাৰ এটা অনুষ্ঠান সম্প্ৰচাৰ কৰে২১৩২১ আৰু দি নিউয়ৰ্ক টাইমছৰ এখন পৃষ্ঠাৰ অৰ্ধাংশ তেওঁৰ নামত দিয়া হয়।১৩অভিনেত্ৰী আৰু পূৰ্বৰ মিছ জাপান খিতাপ অৰ্জন কৰা নৰিকা ফুজিয়াৰাই কুমাৰৰ পদক্ষেপৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ পাটনালৈ আহিছিল।১৪ বি বি চিৰ অনুষ্ঠানসমূহত কুমাৰ সম্প্ৰচাৰিত হৈছে।১৩ ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেন্ট, আহমেদাবাদ, কেইবাখনো ভাৰতীয় প্ৰায়োগিক প্ৰতিষ্ঠান, ইউনিভাৰ্চিটি অৱ ব্ৰিটিছ কলম্বিয়া, টকিঅ' বিশ্ববিদ্যালয় আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয় আদি বহুতো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত কুমাৰে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি বক্তৃতা দিয়ে।১৩২২২৩ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক আই আই টি জে ই ই পৰীক্ষাৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ বাবে ২০০৯ চনত তেওঁ লিমিকা বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰে।২৪ এছিয়া ২০১০ৰ শ্ৰেষ্ঠ তালিকাত [[টাইম (আলোচনী)য়ে চুপাৰ ৩০ ক অন্তৰ্ভুক্ত কৰিছে।২০১০ চনৰ জুলাইত ইনষ্টিটিউট ফৰ ৰিচাৰ্ছ এণ্ড ডকুমেণ্টেছন ইন ছচিয়েল ছায়েন্স(IRDS)এ কুমাৰক ২০১০ৰ এছ.ৰামানুজন'' বঁটাৰে সন্মানিত কৰে।
নিউজউইক মেগাজিনয়ে আনন্দ কুমাৰৰ চুপাৰ ৩০ ৰ পদক্ষেপক লক্ষ্য কৰি তেওঁৰ বিদ্যালয়খন বিশ্বৰ চাৰিখন সৃষ্টিশীল বিদ্যালয়ৰ এখন হিচাপে স্বীকৃতি দিয়ে।২৫ আনন্দ কুমাৰে ২০১০ চনৰ নৱেম্বৰত বিহাৰ চৰকাৰৰ শীৰ্ষ বঁটা মৌলানা আব্দুল কালাম আজাদ শিক্ষা পুৰস্কাৰ অৰ্জন কৰে। বাংগালোৰত ২০১০ চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদয়ে কুমাৰক Prof. Yashwantrao Kelkar Yuva Puraskar বঁটা প্ৰদান কৰে। ব্যতিক্ৰমী প্ৰতিভাশালী ব্যক্তি গঢ়িব পৰা ক্ষমতা থকা বিশ্ববৰেণ্য ব্যক্তিৰ এজন হিচাপে ২০১১ চনৰ এপ্ৰিল মাহত ইউৰোপৰ ফ'কাছ আলোচনীয়ে কুমাৰক স্থান দিয়ে।২৬ আৰাকছন চলচ্চিত্ৰত অমিতাভ বচ্চনক চৰিত্ৰ ৰূপায়ণ কৰাতো কুমাৰে সহায় কৰিছিল।২৭বলীউডৰ বহুতো পৰিচালক আৰু প্ৰযোজকে আনন্দ কুমাৰৰ জীৱন কাহিনীক লৈ এখন চিনেমা কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল।২৮যুক্তৰাজ্যৰ ম'ন'কল নামৰ আলোচনীখনত বিশ্বৰ ২০ জন আদৰ্শ শিক্ষকৰ তালিকাত তেওঁ স্থান পাইছে।২৯ কানাডাৰ ব্ৰিটিছ কলম্বিয়া চৰকাৰৰ পৰাও সন্মান লাভ কৰিছিল।৩০কুমাৰক মুম্বাইত বেংক অৱ বৰোদাই বৰোদা চান লাইফ এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰিছিল।৩১ ৰাজকোটত অনুষ্ঠিত অষ্টম সংখ্যক ৰাষ্ট্ৰীয় গণিত সন্মিলনত কুমাৰক ৰামানুজন মেথেমেটিক্স এৱাৰ্ড আগবঢ়োৱা হয়।৩২ কম্বাট'ৰৰ কাৰপাগাম বিশ্ববিদ্যালয়ে কুমাৰক সন্মানীয় ডক্টৰেট অৱ চায়েন্স (ডি এছ ছি) ডিগ্ৰী প্ৰদান কৰে।৩৩ শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ বৰঙণিৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে কুমাৰলৈ আগবঢ়াইছে মহৰ্ষি বেদব্যাস বঁটা।৩৪ জাৰ্মানীৰ ছেক্সনিৰ শিক্ষামন্ত্ৰীৰ পৰাও কুমাৰে সন্মান লাভ কৰিছে।৩৫কানাডাৰ মনোৰোগ বিশেষজ্ঞ বিজু মেথিউ ৰচিত কুমাৰৰ জীৱনীখন ভাৰতীয় ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীক আগবঢ়াইছিল।৩৬ ভাৰতীয় ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে কুমাৰক ৰাষ্ট্ৰীয় বাল কল্যাণ এৱাৰ্ডেৰে বিভূষিত কৰে।৩৭
সন্মান
২০১৮ চনৰ ৮ নবেম্বৰত ডুবাইত আনন্দ কুমাৰক মালবাৰ গল্ড এণ্ড ডায়মণ্ড(Malabar Gold & Diamonds)ৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় শিক্ষা বঁটা(Global Education Award)ৰে সন্মানিত কৰা হয়।৩৮
শিক্ষাৰ ক্ষেত্ৰত তেওঁ কৰা চেষ্টা হৈছে এক আদৰ্শ। আমেৰিকাৰ কেলিফ'ৰ্ণিয়াৰ ছান জ'ছত এক অনুষ্ঠানত ফাউণ্ডেশ্যন ফৰ এডুকেশ্বন ইন এক্সিলেনছে(FFE) আনন্দ কুমাৰক এডুকেশ্বন এক্সিলেনছ এৱাৰ্ড ২০০৯ আগবঢ়াইছিল।৩৯
জনপ্ৰিয় সংস্কৃতিত স্থান
আনন্দ কুমাৰৰ জীৱন আৰু কৰ্মক লৈ বলিউডৰ এজন পৰিচালক বিকাশ বাহ্লে (Vikas Bahl) ২০১৯ চনত চুপাৰ ৩০ শীৰ্ষক এখন চিনেমা পৰিচালনা কৰে য'ত হৃতিক ৰোচনে আনন্দ কুমাৰ চৰিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰখনে বক্স অফিছত সুনাম লাভ কৰে আৰু বহুতো ছাত্ৰ-ছাত্ৰীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈছে।৪০৮
মিথ্যা প্ৰচাৰ
২০১৮ চনৰ ২৩ জুলাইত দৈনিক জাগৰণ কাকতত প্ৰকাশিত এটা বাতৰিত মাত্ৰ তিনিজনেহে আই আই টি জে ই ই পৰীক্ষাত উত্তীৰ্ণ হৈছিল বুলি চুপাৰ ৩০ ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে উল্লেখ কৰিছিল য'ত কুমাৰে ২৬ জন উত্তীৰ্ণ হোৱাৰ দাবী কৰিছিল।৪১ বাতৰিটোত চুপাৰ ৩০ ত নামভৰ্তিৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰীক ৰামানুজ ক্লাছ নামৰ আন এটা প্ৰশিক্ষণ কেন্দ্ৰত দি তাত ভাল ফলাফল দেখুৱালেহে কুমাৰে প্ৰশিক্ষণ দিয়ে বুলি উল্লেখ আছে। তদুপৰি ৰামানুজ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা কুমাৰে বছৰি এক কোটি উপাৰ্জন কৰে।৪১
কুমাৰৰ পক্ষত থিয় দিছিল বিহাৰৰ পূৰ্বৰ ডেপুটি চীফ মিনিষ্টাৰ তেজস্বী যাদব আৰু তেওঁ কৈছিল,"সংবাদ মাধ্যমত হৈ থকা সংঘবদ্ধ প্ৰচাৰ কাৰ্য কুমাৰক হীন কৰিবলৈ কৰা কোনো সামন্ততান্ত্ৰিক মনোভাৱৰ কাম। ইউনিয়ন কেবিনেট মন্ত্ৰী আৰু অভিনেতা শত্ৰুঘ্ন সিন্হাইও কুমাৰৰ পক্ষত টুইট কৰিছিল।৪২৪৩ ২০১৮ চনৰ আগষ্টত দি হিন্দু কাকতে প্ৰকাশ কৰে যে কুমাৰ আৰু কুমাৰৰ প্ৰতিষ্ঠান সঘনে মিথ্যা প্ৰচাৰৰ বলি হৈছে আৰু জুলাইত দৈনিক জাগৰণ কাকতত প্ৰকাশ হোৱা ভুৱা বাতৰিৰো উৎস চিহ্নিত কৰে।৭৪৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (12 June 2017). JEE Advanced result 2017: It is 30/30 for Anand Kumar’s Super 30. Hindustan Times
- ↑ Chaudhary, Pranava K. (14 March 2009). Discovery to showcase Super-30 today. The Times of India
- ↑ (22 February 2005). Living the vilayat dream at home – Teacher who failed to study abroad coaches students to do so. The Telegraph
- ↑ Tewary, Amarnath. (21 September 2006). Helping poor Indians crack toughest test. BBC News
- ↑ (12 June 2016). Super 30 does it again: 28 of its students crack JEE Advanced. Hindustan Times
- ↑ (29 September 2014). Super 30 founder Anand Kumar invited to speak at MIT and Harvard. The Economic Times India
- ↑ Amarnath Tewary. (22 August 2018). Bihar Super-30 founder faces smear campaign
- ↑ (4 June 2019). Super 30 trailer out. Hrithik Roshan stuns as math wizard Anand Kumar in new film. ইণ্ডিয়া টুডে
- ↑ Archived copy
- ↑ (15 December 2009). He trains India's poorest students for the IIT. Careers360
- ↑ (28 May 2012). Super 30 Founder Anand Kumar, a Mathematician on a Mission. Success Stories
- ↑ Letter to the Editor: Happy numbers (page 122 and 123)
- ↑ Sengupta, Uttam. (14 June 2009). Genius at work. The Sunday Tribune
- ↑ Kumar, Abhay. I am planning expansion of Super 30. Deccan Herald
- ↑ (14 November 2009). Mr. Cent Per Cent. The Hindu
- ↑ (10 June 2018). 26 students from Anand Kumar's Super 30 academy crack IIT-JEE. The Economic Times
- ↑ Patna, PTI. JEE advance result: Anand Kumar's Super 30 wins laurels again, 27 out of 30 qualify for IITs'. Financial Express
- ↑ (26 May 2010). Super 30's super record in IIT-JEE. দ্য হিন্দু
- ↑ (17 June 2017). JEE Advanced 2017 Results. NDTV
- ↑ (10 June 2018). 26 students from Anand Kumar's Super 30 academy crack IIT-JEE. TOI
- ↑ (26 May 2009). 100/100 for Super 30 in IIT-JEE. দ্য হিন্দু
- ↑ (26 August 2014). Use skills to ensure country's growth: Super30 founder to IIT students. Economics Times
- ↑ (8 October 2014). Anand focus on teachers for excellence. The Telegraph
- ↑ (15 September 2009). Kumar of Super-30 finds place in Limca Book. The Times of India
- ↑ (19 September 2010). Super-30-incredible-says-Newsweek. The Times of India
- ↑ (20 April 2011). Super 30 founder is Europe journal's global personality. Hindu Business Line
- ↑ (31 July 2011). Big B gets teaching tips from Super 30's Anand. The Times of India
- ↑ (23 November 2011). Bollywood movie on Bihar's Super-30 on cards. The Times of India
- ↑ (4 December 2011). Math wizard Anand Kumar in list of world's 20 top teachers. Indian Express
- ↑ (21 February 2012). Bihar's Super 30 coaching idea wins high praise in Canada. The Times of India
- ↑ (21 July 2012). Founder of 'Super-30' programme Anand Kumar honoured. The Economic Times
- ↑ (29 January 2014). Anand Kumar, Founder of Super30 Classes, Gets Ramanujan Mathematics Award. Indiatimes
- ↑ (14 December 2014). Honorary doctorate conferred on 'Super 30' founder. The Times of India
- ↑ (17 August 2015). ANAND KUMAR FOUNDER OF ‘SUPER 30′ AWARDED MAHARISHI VED VYAS NATIONAL AWARD. Dreamiit
- ↑ (1 December 2015). Super 30 founding mathematician honoured in Germany. Economics Times
- ↑ (10 June 2016). Mukherjee lauds Anand Kumar's work. Business Standard
- ↑ (15 November 2017). Rashtriya Bal Kalyan Award presented to Super-30 founder. Hindu
- ↑ Home – Prime Time Research Media Global Education Awards, Market Research Company. globaleducationawards.com
- ↑ (19 September 2019). Rashtriya Bal Kalyan Award presented to Super-30 founder. The Economic Times
- ↑ (25 September 2017). Confirmed! Hrithik Roshan is playing mathematician Anand Kumar in Vikas Bahl’s Super 30. The Indian Express
- ↑ (23 July 2018). Patna's Super 30 mentor Anand Kumar accused of deceit to gain popularity. ইণ্ডিয়া টুডে
- ↑ Subhash K Jha. (3 August 2018). Anand Kumar fighting a smear campaign. Deccan Chronicle
- ↑ (31 July 2018). Super 30 mentor Anand Kumar gets support from Tejashwi Yadav, Shatrughan Sinha amid charges of fabrication. The Financial Express
- ↑ (10 October 2018). Banker jailed for 86 days for 'no crime' in Bihar. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৬৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।