অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গোমতী বন্যপ্ৰাণী অভয়াৰণ্য

গোমতী বন্যপ্ৰাণী অভয়াৰণ্য (Gumti Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।

হালনাগাদ: ১৯ জানুৱাৰী ২০২৫ ১০০ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

গোমতী বন্যপ্ৰাণী অভয়াৰণ্য (Gumti Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।১

বিৱৰণ

৩৮৯.৫৪ বৰ্গ কিলোমিটাৰ (১৫০.৪০ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত; এই অভয়াৰণ্যখন ১৯৮৮ চনত প্ৰথমে এখন সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।২

উদ্ভিদকুল আৰু প্ৰাণীকুল

এই অভয়াৰণ্যখনৰ উদ্ভিদবোৰ পৰ্ণপাতী আৰু অৰ্ধ-চিৰসেউজ অৰণ্যৰ অন্তৰ্ভুক্ত। অভয়াৰণ্যখনৰ প্ৰধান বন্যপ্ৰাণীসমূহৰ ভিতৰত চশমা-চকুৱা বান্দৰ, টুপীমূৰীয়া বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, লাজুকী বান্দৰ, সুগৰী পহু, গোধা-ফুটুকী বাঘ, বনৰীয়া গাহৰি, হলৌ বান্দৰ, লতামাকৰী বাঘ, নেউল, কেঁটেলাপহু আৰু অজগৰ আদি উল্লেখযোগ্য।৩ অভয়াৰণ্যৰ ভিতৰৰ অৱস্থিত ডুম্বুৰ হ্ৰদত পূৰ্বতে প্ৰায় ১৭বিধ পৰিভ্ৰমী চৰাই প্ৰজাতি আৰু ১২৬বিধ থলুৱা চৰাইৰ প্ৰজাতি আছিল। ২০১০ চনৰ শেষৰ ফালে চৰাইৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Protected area network in India. Ministry of Environment and Forests, ভাৰত চৰকাৰ. পৃ. 28
  2. ↑ Tripura. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ
  3. ↑ (November 2021). National Parks and Wildlife Sanctuaries in India. পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ভাৰত চৰকাৰ
  4. ↑ Gumti Wildlife Sanctuary at crossroads. Tripura Chronicle

সম্পৰ্কিত শ্ৰেণী

ত্ৰিপুৰাৰ বন্যপ্ৰাণী অভয়াৰণ্যভাৰতৰ সংৰক্ষিত এলেকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোমতী বন্যপ্ৰাণী অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৪৬৫০৬৭ (১৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।