অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান

নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান (Neora Valley National Park) হৈছে ১৯৮৬ চনত স্থাপিত, ভাৰতৰ পশ্চিমবংগৰ কালিম্পং জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ৮৮ বৰ্গ কিমি (৩৪ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত, এই উদ্যানখন পূব ভাৰতৰ এক চহকী জৈৱিক অঞ্চল। অঞ্চলটোক ৰঙা পাণ্ডাৰ ভূমি বুলিও জনা যায়।

হালনাগাদ: ১৯ মে’ ২০২৬ ৫২৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান (Neora Valley National Park) হৈছে ১৯৮৬ চনত স্থাপিত, ভাৰতৰ পশ্চিমবংগৰ কালিম্পং জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ৮৮ বৰ্গ কিমি (৩৪ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত,১ এই উদ্যানখন পূব ভাৰতৰ এক চহকী জৈৱিক অঞ্চল। অঞ্চলটোক ৰঙা পাণ্ডাৰ ভূমি বুলিও জনা যায়। উদ্যানখন অতি দুৰ্গম পাহাৰীয়া অঞ্চল আৰু ইয়াৰ প্ৰাচীন, অস্পৃশ্য প্ৰাকৃতিক বাসস্থানত যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ উদ্ভিদ আৰু প্ৰাণীৰে পৰিপূৰ্ণ হৈ আছে। ই ঘন অৰণ্যৰ জৰিয়তে পাকিয়ং জিলাৰ পাঙ্গোলাখা বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে ভূটানৰ চামৎছে জিলাৰ অৰণ্যৰ সৈতে সংযুক্ত।২

ভূগোল

নেওৰা নদী, পশ্চিমবংগ
নেওৰা নদী, পশ্চিমবংগছবি: Anirban Biswas · CC BY-SA 2.0

নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানখন, ১৮৩–৩,২০০ মিটাৰ (৬০০–১০,৪৯৯ ফুট) উচ্চতাৰ সৈতে ৮৮ কিলোমিটাৰ (৩৪ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত হৈ আছে।৩ সৰ্বোচ্চ স্থান হʼল ৰাচেলা ডাণ্ডা। উদ্যানখনৰ বহু অংশ এতিয়াও দুৰ্গম। ই পাকিয়ং জিলা আৰু চামৎছে ভুটানৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। নেওৰা নদীখন কালিম্পং চহৰৰ বাবে পানীৰ প্ৰধান উৎস।

জৈৱ বৈচিত্ৰ্য

নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ এখন নৈ
নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ এখন নৈছবি: Kunal Bhowmik · CC BY-SA 4.0
নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ এখন অৰণ্য
নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ এখন অৰণ্যছবি: sayannalanda · CC BY-SA 4.0

এই উদ্যানৰ পৰা তালিকাভুক্ত চৰাই-চিৰিকটিসমূহ আইবিএ চাইট কʼড আইএন-ডব্লিউবি-০৬ ৰ সৈতে এ১, এ২ আৰু এ৩ শ্ৰেণীৰ অন্তৰ্গত।৪

নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ ভিতৰৰ প্ৰাথমিক বায়ʼমসমূহ হʼল:

  • পূব হিমালয়ৰ বহল পাতৰ অৰণ্যৰ চীনা-হিমালয় নাতিশীতোষ্ণ অৰণ্য বায়ʼম ৭
  • হিমালয়ৰ উপক্ৰান্তীয় বহল পাতৰ অৰণ্যৰ চীনা-হিমালয় উপক্ৰান্তীয় অৰণ্য বায়ʼম ৮
  • হিমালয়ৰ উপক্ৰান্তীয় সৰলগছৰ বনাঞ্চলৰ ইন্দো-চীনা ক্ৰান্তীয় আৰ্দ্ৰ অৰণ্য বায়'ম ৯ 9

উদ্ভিদকুল

নিওৰা উপত্যকাই এক অনন্য পৰিৱেশ তন্ত্ৰ বজাই ৰাখিছে য'ত গ্ৰীষ্মমণ্ডলীয়, উপ-গ্ৰীষ্মমণ্ডলীয়, উপ-মূষ্ণতা আৰু নাতিশীতোষ্ণ গছ-গছনি ব্যৱস্থাই এতিয়াও বহু উদ্ভিদ আৰু প্ৰাণীজগতৰ আশ্ৰয় দিয়ে। অৰণ্যসমূহ ৰ’ড’ডেণ্ড্ৰন (Rhododendron), বাঁহ, ওক, ফাৰ্ণ, শাল আদি মিশ্ৰিত প্ৰজাতিৰে গঠিত। উপত্যকাটোত অসংখ্য প্ৰজাতিৰ অৰ্কিডো আছে, ইয়াৰে কিছুমান উদ্যানখনৰ স্থানীয়। উদ্যানখনত গজা ৰ'ড'ডেণ্ড্ৰনৰ সাধাৰণ প্ৰজাতিসমূহৰ ভিতৰত ৰ'ড'ডেণ্ড্ৰন আৰ্ব'ৰিয়াম (Rhododendron arboreum), ৰ'ড'ডেণ্ড্ৰন ফাল্কনেৰী (Rhododendron falconeri) আৰু ৰ'ড'ডেণ্ড্ৰন ডালহাউচিয়া (Rhododendron dalhousiae) আদি উল্লেখযোগ্য।৫

প্ৰাণীকুল

ৰঙা পাণ্ডা
ৰঙা পাণ্ডাছবি: Soumyadeep Chatterjee . from Kolkata, India · CC BY-SA 2.0
হʼৰী-থ্ৰʼটেড বাৰউইং (''Actinodura nipalensis'')
হʼৰী-থ্ৰʼটেড বাৰউইং (Actinodura nipalensis)ছবি: Dibyendu Ash · CC BY-SA 3.0
মেৰুণ-বেকড এচেণ্টৰ (''Prunella immaculata'')
মেৰুণ-বেকড এচেণ্টৰ (Prunella immaculata)ছবি: Dibyendu Ash · CC BY-SA 3.0

এই অঞ্চলটোত পোৱা স্তন্যপায়ী প্ৰাণীসমূহ হ’ল ভাৰতীয় নাহৰফুটুকী, পাঁচটা ভিভেৰিডে প্ৰজাতি, এছিয়াৰ ক'লা ভালুক, মাটি ভালুক, এছিয়াৰ সোণালী মেকুৰী, বনৰীয়া গাহৰি, লতামাকৰী বাঘ, গৰাল, চেৰ’, সুগৰী পহু, শৰপহু, উৰণীয়া কেৰ্কেটুৱা আৰু তাহৰ, ৰঙা পাণ্ডা, গোধা-ফুটুকী বাঘ।৬ ১৬০০ৰ পৰা ২৭০০ মিটাৰ (৫,২০০ আৰু ৮,৯০০ ফুট) উচ্চতাৰ এই অৰ্ধচিৰসেউজ অৰণ্যখনত পোৱা উল্লেখযোগ্য চৰাই প্ৰজাতিসমূহ হʼল ৰুফ’ছ-থ্ৰ’টেড পাৰ্ট্ৰিজ (Arborophila rufogularis), চেটায়াৰ ট্ৰেগোপান (Tragopan satyra), ক্ৰিমচন-ব্ৰেষ্টেড উডপেকাৰ (Dryobates cathpharius), দাৰ্জিলিং উডপেকাৰ (Dendrocopos darjellensis), বে উডপেকাৰ (Blythipicus pyrrhotis), গʼল্ডেন থ্ৰʼটেড বাৰবেট (Psilopogon franklinii), হডগছন'ছ হক কুকু (Hierococcyx nisicolor), লেছাৰ কুকু (Cuculus poliocephalus), ব্ৰাউন উড আউল (Strix leptogrammica), এশী উড পিজিয়ন (Columba pulchricollis), মাউণ্টেইন ইম্পেৰিয়েল পিজিয়ন (Ducula badia), জেৰ্ডন'ছ বাজা (Aviceda jerdoni), কʼলা ঈগল (Ictinaetus malaiensis), মাউণ্টেন হক ঈগল (Nisaetus nipalensis), ডাৰ্ক-থ্ৰʼটেড থ্ৰাছ (Turdus ruficollis), ৰুফʼছ-গৰ্গেটেড ফ্লাইকেঁচাৰ (Ficedula strophiata), হোৱাইট-গৰ্গেটেড ফ্লাইকেঁচাৰ (Anthipes monileger), হোৱাইট-ব্ৰʼড বুছ ৰবিন (Tarsiger indicus), হোৱাইট-টেইলড ৰবিন (Myiomela leucura), ইয়েলো-ব্ৰʼড টিট (Sylviparus modestus), ষ্ট্ৰাইটেড বুলবুল (Alcurus striatus), চেষ্টনাট-হেডেড টেচিয়া (Cettia castaneocoronata), চেষ্টনাট-ক্ৰাউনড ৱাৰ্বলাৰ (Phylloscopus castaniceps), ব্লেক-ফেচড ৱাৰ্বলাৰ (Abroscopus schisticeps), ব্লেক-ফেচড লাফিংথ্ৰাছ (Trochalopteron affine), চেষ্টনাট-ক্ৰাউনড লাফিংথ্ৰাছ (Trochalopteron erythrocephalum), ষ্ট্ৰিক-ব্ৰেষ্টেড চিমিটাৰ বেবলাৰ (Pomatorhinus ruficollis), স্কেলি-ব্ৰেষ্টেড কাপউইং (Pnoepyga albiventer), পিগমি কাপউইং (Pnoepyga pusilla), ৰুফʼছ-ফ্ৰণ্টেড বেবলাৰ (Cyanoderma rufifrons), ব্লেক-হেডেড শ্ৰাইক-বেবলাৰ (Pteruthius rufiventer), হোৱাইট-ব্ৰʼড শ্ৰাইক-বেবলাৰ (Pteruthius aeralatus), ৰাষ্টি-ফ্ৰণ্টেড বাৰউইং (Actinodura egertoni), ৰুফʼছ-উইংড ফুলভেটা (Schoeniparus castaneceps), ব্ৰাউন পেৰʼটবিল (Paradoxornis unicolor), ফায়াৰ-ব্ৰেষ্টেড ফ্লাৱাৰপেকাৰ (Dicaeum ignipectus), ফায়াৰ-টেইলড ছানবাৰ্ড (Aethopyga ignicauda), মেৰুন-বেকড এক্সেণ্টৰ (Prunella immaculata), ডাৰ্ক-ব্ৰেষ্টেড ৰʼজফিঞ্চ (Procarduelis nipalensis), ৰেড-হেড বুলফিঞ্চ (Pyrrhula erythrocephala), গোল্ড-নেপড ফিঞ্চ (Pyrrhoplectes epauletta) আদি।

সৰীসৃপ প্ৰাণীসমূহৰ ভিতৰত আছে ৰাজফেঁ‌টী, ভাৰতীয় শংখচূড় সাপ, গ্ৰীণ পিট ভাইপাৰ, অন্ধ সাপ, জেঠী। পতংগবোৰৰ ভিতৰত আছে পখিলা, মথ, গুবৰুৱা, মৌমাখি, বৰল, বাগ আৰু জিলি।

লগতে চাওক

  • পাঙ্গোলাখা বন্যপ্ৰাণী অভয়াৰণ্য
  • গৰুমাৰা ৰাষ্ট্ৰীয় উদ্যান
  • চাপড়ামাৰি বন্যপ্ৰাণী অভয়াৰণ্য

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Neora Valley National Park north-bengal.com. Retrieved 10 September 2021
  2. ↑ (2017). WildBengal. Wildlife Wing, Directorate of Forests Government of West Bengal
  3. ↑ Mallick, J. K. (2012). Mammals of Kalimpong Hills, Darjeeling District, West Bengal, India. Journal of Threatened Taxa. পৃ. 3103–3136
  4. ↑ West Bengal IBA categories Page-2
  5. ↑ Neora Valley National Park. UNESCO World Heritage Centre
  6. ↑ IBAs in West Bengal – Page 20

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংৰক্ষিত এলেকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬০৭১৯৬ (১৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।