ভাৰতৰ সংৰক্ষিত এলেকা
৯ প্ৰবন্ধ
-
চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য
চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্য (Sepahijala Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।
-
নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত অঞ্চল
নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল (Nilgiri Biosphere Reserve) দক্ষিণ ভাৰতৰ এক বিশেষ সংৰক্ষিত অঞ্চল। এই অঞ্চলটো পশ্চিম ঘাট পৰ্বতমালাৰ নীলগিৰি পৰ্বতমালাত অৱস্থিত। এইখন ভাৰতৰ আটাইতকয়ে ডাঙৰ সংৰক্ষিত অৰণ্য অঞ্চল। ই তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈ বিস্তৃত।
-
নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান
নেওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যান (Neora Valley National Park) হৈছে ১৯৮৬ চনত স্থাপিত, ভাৰতৰ পশ্চিমবংগৰ কালিম্পং জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ৮৮ বৰ্গ কিমি (৩৪ বৰ্গ মাইল) এলেকাজুৰি বিস্তৃত, এই উদ্যানখন পূব ভাৰতৰ এক চহকী জৈৱিক অঞ্চল। অঞ্চলটোক ৰঙা পাণ্ডাৰ ভূমি বুলিও জনা যায়।
-
ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য
ৰোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Rowa Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।
-
ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান
ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান (Clouded Leopard National Park) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত। উদ্যানখন প্ৰায় ৫.০৮ বৰ্গ কিলোমিটাৰ (১.৯৬ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত।
-
গোমতী বন্যপ্ৰাণী অভয়াৰণ্য
গোমতী বন্যপ্ৰাণী অভয়াৰণ্য (Gumti Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য।
-
তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য
তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য (Trishna Wildlife Sanctuary) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ দক্ষিণ ত্ৰিপুৰা জিলাৰ এখন বন্যপ্ৰাণী অভয়াৰণ্য।
-
বক্সা বাঘ্ৰ সংৰক্ষণ
বক্সা বাঘ্ৰ সংৰক্ষণ ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত। এইখন বাঘ সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানে প্ৰায় 760 বৰ্গ কি.মি. অঞ্চল আৱৰি আছে। ইয়াৰ উচ্চতা গংগা সমভূমিৰ 60 মিটাৰ ৰ পৰা উত্তৰত হিমালয় ৰ সীমাত থকা 1750 মিটাৰ লৈকে অৱস্থিত।
-
ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা
ভাৰতত বৰ্তমান ৮৫ টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়।