টোকোৰা চৰাই (Weaver Bird) অসমকে আদি কৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। বিশ্বত টোকোৰাৰ মুঠতে সত্তৰটামান প্ৰজাতি আছে। এই প্ৰজাতিবিলাক এচিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত পোৱা যায়। টোকোৰাই জাক পাতি বাস কৰে। তামোল, নাৰিকল, তাল, খেজুৰ আদি গছেই সিহঁতৰ প্ৰধান বাসস্থান। আন চৰায়ে সাধাৰণতে গোপন ঠাইত বাহ সাজে। টোকোৰা চৰাই ইয়াৰ ব্যতিক্ৰম। মানুহৰ চলাচল য'ত থাকে, সিহঁতে তাতেই বাহ সাজে সকলোৱে দেখাকৈ। কোনো চৰায়ে টোকোৰা চৰাইৰ দৰে নিখুঁত বাহ সাজিব নোৱাৰে। এওঁলোক "তাঁতী চৰাই" নামেও পৰিচিত। এই চৰাইবিধৰ বাহৰ গঠন বেছ জটিল আৰু আকৃতি খুবেই সুন্দৰ। কেইবা প্ৰজাতিৰ টোকোৰা চৰাই একাধিক কক্ষবিশিষ্ট বাহ তৈৰি কৰিবলৈ পায়।১ এইবিধ মূলত বীজভোজী চৰাই, সেয়ে ইহঁতৰ ঠোঁটৰ আকৃতি বীজ ভক্ষণৰ উপযোগী; জোঙাকাৰ আৰু গুৰিত শকত। অধিকাংশ টোকোৰা প্ৰজাতিৰ আবাস সাব-সাহাৰান আফ্ৰিকাত, অৱশ্যে কেইটামান প্ৰজাতি এচিয়াত স্থায়ী। কেইটামান প্ৰজাতিক বিভিন্ন দেশত অবমুক্ত কৰা হৈছে।২ টোকোৰা চৰাইটো দীঘলে ছয় ইঞ্চিমান। মতা-মাইকী প্ৰায় দেখাত একে | ইহঁত বেছ দলবদ্ধ প্ৰাণী আৰু কলোনি কৰি জীবন যাপন কৰাত অভ্যস্ত। বেছিভাগ টোকোৰা প্ৰজাতিৰ পুৰুষ সদস্য খুব উজ্জ্বল ৰঙৰ হয়। কিছু প্ৰজাতি প্ৰজনন কালত বৰ্ণৰ ভিন্নতা প্ৰদৰ্শন কৰে। বাংলাদেশত তিনি ধৰণৰ টোকোৰা চৰাই দেখা যায়: দেশী টোকোৰা (Ploceus philippinus), দাগি টোকোৰা (Ploceus manyar) ও বাংলা টোকোৰা (Ploceus benghalensis)।
বাসস্থান


টোকোৰা চৰাইৰ বাহ ওলোটাই থোৱা কলহৰ নিচিনা দেখিবলৈ। বাহ বানোৱাৰ বাবে টোকোৰা চৰাই খুব পৰিশ্ৰম কৰে। ঠোঁটেৰে ঘাঁহ বনৰ আস্তৰণ গুচাই খুব যত্নৰে পেটেৰে ঘঁহি (পালিচ কৰি) গোল অবয়ব মসৃণ কৰে। আৰম্ভণিত দুটি নিম্নমুখী ফুটা থাকে। পিছত এটা ফালে বন্ধ কৰি দিয়ে কণী ৰখাৰ স্থানৰ বাবে। আনফালেদি দীঘল এটা প্ৰবেশ আৰু প্ৰস্থান পথ সাজে। কথিত আছে নিশা বাহত আলোৰ বাবে টোকোৰা চৰাই জোনাকী পৰুৱা ধৰি আনি বাহত গুজি ৰাখে। একোটা টোকোৰা চৰাইৰ বাহ ওজনত ২০০-২৫০ গ্ৰাম হয়।৩
বাংলাদেশত বাংলা ও দাগি টোকোৰা চৰাইৰ প্ৰজাতি বিলুপ্তিৰ পথত, অৱশ্যে দেশী টোকোৰা চৰাই এতিয়াও দেশৰ প্ৰায় সকলো গাঁৱত তাল, তামোল, নাৰিকল, খেজুৰ, ৰেইনট্ৰি গাছত দল বান্ধি বাহ বনায়। ইহঁত সাধাৰণত মানুহৰ ওচৰাউচৰি বসবাস কৰে। বহু অসচেতন মানুহ ইহঁতৰ বাহ ভাঙি পেলায় আৰু এই কাৰণতেই ইহঁতৰ সংখ্যা ৰহস্যজনকভাৱে কমি গৈছে।৪
টোকোৰা চৰাইৰ বাহ নিৰ্মাণ
বাহ সজাত মতা-মাইকী চৰাইহাল মিস্ত্ৰি-যোগালিৰ দৰে। মতাটোৱে পাতৰ চোঁচ, ঘাঁহ-বন আনি বাহটোতে গোজ মাৰি থৈ যায় আৰু মাইকীজনীয়ে এডাল-এডালকৈ নি বাহটো গুঠে। টোকোৰা চৰায়ে একে ঠাইতে বা একেডাল গছতে ওচৰা-উচৰিকৈ বাহ সাজে। বাহটোৱে প্ৰতি একোজনী মাইকী টোকোৰা চৰাই। দুই-এটা মতা টোকোৰা বাহ বনোৱাত ইমানেই পাকৈত যে সিহঁতে দুই-তিনিটা বাহ কম সময়তে তৈয়াৰ কৰি ল'ব পাৰে। এনে কৰ্মী মতা টোকোৰাৰ দুই-তিনিজনী পৰ্যন্ত ঘৈণীয়েক থাকিব পাৰে। এপ্ৰিলৰ পৰা নৱেম্বৰ পৰ্যন্ত টোকোৰাই কণী পাৰে। অৱশ্যে বাৰিষাৰ সময়ছোৱাতে সিহঁতে বেছিকৈ কণী পাৰে। কণীৰ সংখ্যা দুটাৰ পৰা চাৰিটা। কণীৰ আকৃতি দীঘলীয়া, এফালে সামান্য সৰু। টোকোৰা চৰাইৰ কণীৰ ৰং বগা।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টোকোৰা চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৬২৬ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।