চুটীয়া শালিকা (Jungle Myna, বৈজ্ঞানিক নাম Acridotheres fuscus) শালিকা জাতীয় চৰাইৰ প্ৰজাতি সমূহৰ ভিতৰত অন্যতম প্ৰজাতি৷
বিতৰণ
চুটীয়া শালিকা এছিয়াৰ বাংলাদেশ, পাকিস্তান, ভাৰত আৰু ইণ্ডোনেছিয়া আদি দেশৰ থলুৱা চৰাইৰ প্ৰজাতি৷
বাসস্থান
এই প্ৰজাতিটোৱে সাধাৰণতে বনাঞ্চল আৰু খেতি-পথাৰ আদিত বাস কৰে৷ ইয়াক সাধাৰণতে পানী বা ধাননি পথাৰৰ আশে পাশে চৰি ফুৰা দেখা যায়৷
বিৱৰণ
চুটীয়া শালিকাৰ দেহৰ দৈৰ্ঘ্য ২৩ ছে: মি হয়৷ ইয়াৰ পাখিৰ বৰণ মুগা (Grey) আৰু মূৰ তথা ডেউকা অংশত ই ডাঠ ৰঙৰ হয়৷ ইয়াৰ ডেউকাত থকা বগা দাগটো উৰাৰ সময়ত স্পষ্টকৈ দৃশ্যমান হৈ পৰে৷ চুটীয়া শালিকাৰ নেজৰ আগটোও বগা হয়৷ ইয়াৰ ঠোঁট আৰু ঠেং দুখন উজ্জল হালধীয়া হয়৷ অন্য শালিকাৰ প্ৰজাতিৰ দৰে ইয়াৰ চকুৰ চাৰিওকাষে নোমবিহীন অংশ নাথাকে৷ মতা-মাইকী উভয়ে দেখাত প্ৰায় একে হয়৷ ভাৰতৰ দক্ষিণ অঞ্চলৰ চুটীয়া শালিকাৰ চকুৰ মণি নীলা হয়৷
আচৰণ
ই গাত খান্দি বাস সজে৷ এবাৰত ৩-৬ টাকৈ কণী পাৰে৷
চুটীয়া শালিকাই ফল-মূল, গুটি আৰু পোক-পৰুৱা আদি খাই জীয়াই থাকে৷
তথ্য সংগ্ৰহ
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুটীয়া শালিকা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৭০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।