অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৮ এপ্ৰিল

১৬১২ - মোগল সাম্ৰাজ্যৰ সম্ৰাট শ্বাহজাহানে মুমতাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৮৫৩ - এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়। ১৮৫৯ - তাঁতিয়া টোপিক ফাঁচী দিয়া হয়। ১৯০৬ - ছান ফ্ৰান্সিস্কোত হোৱা ভূমিকম্প আৰু অগ্নিকাণ্ডত প্ৰায় ৪০০০ লোকৰ মৃত্যু হয়।

হালনাগাদ: ১৫ এপ্ৰিল ২০২৬ ৪১৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৬১২ - মোগল সাম্ৰাজ্যৰ সম্ৰাট শ্বাহজাহানে মুমতাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
  • ১৮৫৩ - এছিয়াত প্ৰথম ৰে'ল চলাচল আৰম্ভ হয়।
  • ১৮৫৯ - তাঁতিয়া টোপিক ফাঁচী দিয়া হয়।
  • ১৯০৬ - ছান ফ্ৰান্সিস্কোত হোৱা ভূমিকম্প আৰু অগ্নিকাণ্ডত প্ৰায় ৪০০০ লোকৰ মৃত্যু হয়।
  • ১৯১৭ - মহাত্মা গান্ধীয়ে সত্যগ্ৰহৰ বাবে বিহাৰৰ চম্পাৰণক নিৰ্বাচন কৰে।
  • ১৯২৩ - ব্ৰংক্সত য়েংকি ষ্টেডিয়াম মুকলি কৰা হয়।
  • ১৯৩০ - সূৰ্য সেন ওৰফে মাষ্টাৰ দা আৰু ভাৰতীয় ৰিপাব্লিকান আৰ্মীৰ ৬২ জন লোকে চট্টগং শাস্ত্ৰগৰত অভিযান চলায়।
  • ১৯৪৮ - নেদাৰলেণ্ডৰ হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় স্থাপন কৰা হয়।
  • ১৯৫০ - অন্ধ্ৰপ্ৰদেশৰ (বৰ্তমান তেলেংগানা) পচাম্পল্লী গাঁৱৰ পৰা বিনোবা ভাৱেই ভূদান আন্দোলন আৰম্ভ কৰে।
  • ১৯৫৫ - বাণ্ডুঙত আফ্ৰিকান-এছিয়ান সন্মিলনৰ আয়োজন কৰা হয়।
  • ১৯৭১ – ভাৰতৰ প্ৰথমখন জাম্বো জেট বিমান ৭৪৭ “সম্ৰাট অশোক” নামেৰে মুম্বাইত অৱতৰণ কৰে।
  • ১৯৯৪ - ৱেষ্ট ইণ্ডিজৰ বেটছমেন ব্রায়ান লাৰাই ৩৭৫ ৰান সংগ্ৰহ কৰি টেষ্ট মেচৰ এটা ইনিংছত সৰ্বাধিক ৰানৰ বিশ্ব অভিলেখ গঢ়িছিল।
  • ২০০১ - ভাৰতৰ সীমান্তত প্ৰৱেশ কৰা বাংলাদেশৰ সেনাৰ গুলীত ১৬ জন ভাৰতীয় জোৱান শ্বহীদ হয়।
  • ২০০২ - ১৯৭৩ চনৰ পৰা ইটালীত বসবাস কৰা আফগানিস্তানৰ প্ৰাক্তন শাসক মহম্মদ জাহিৰ শ্বাহ কাবুললৈ উভতি আহে।
  • ২০০৮ - পাকিস্তানে ভাৰতীয় বন্দী সৰাবজিৎ সিঙৰ ফাঁচীৰ সময় এমাহ পিছুৱাই দিয়ে।
  • ২০০৮ - ভাৰত আৰু মেক্সিকোৱে অসামৰিক বিমান পৰিবহণ আৰু শক্তিৰ ক্ষেত্ৰত নতুন চুক্তি স্বাক্ষৰ কৰে।
  • ২০০৮ - ইনফ’ছিছ টেকন’লজিছে আমেৰিকাৰ কনচেকোৰ সৈতে উন্নয়ন আৰু মেৰামতি সেৱা প্ৰদানৰ বাবে পাঁচ বছৰীয়া চুক্তিত স্বাক্ষৰ কৰে।
  • ২০১৩ - ইৰাকৰ ৰাজধানী বাগদাদত হোৱা বোমা বিস্ফোৰণত ২৭ জন নিহত, ৬৫ জন আহত।
  • ২০১৪ - মাউণ্ট এভাৰেষ্টত হোৱা হিমস্খলনত নেপালৰ ১২ জন পৰ্বতাৰোহীৰ মৃত্যু।

জন্ম

  • ১৮৫৮ - ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক।
  • ১৯০১ - চন্দেশ্বৰ প্ৰসাদ নাৰায়ণ সিং, ভাৰতীয় ৰাজনীতিবিদ। ১৯২৭ চনত বিহাৰৰ বিধান পৰিষদৰ সদস্য হিচাপে নিযুক্তি আৰু ১৯৭৭ চনত পদ্ম বিভূষণ বঁটা লাভ কৰে।
  • ১৯১৬ - ললিতা পাৱাৰ, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৪৯ - বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম, ফিনলেণ্ডৰ অৰ্থনীতিবিদ।
  • ১৮৬০ - কালিচৰণ ব্ৰহ্ম, ভাৰতীয় সমাজ সংস্কাৰক।
  • ১৯৬৪ - মাঞ্জাম্মা জগতী, ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী।
  • ১৯৭৮ - প্ৰদ্যুৎ কুমাৰ ডেকা, অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক।
  • ১৯৯২ - লোকেশ ৰাহুল (KL Rahul), ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৮৬৯ - দামোদৰ হৰি চাপেকাৰ, ভাৰতৰ বিপ্লৱী শ্বহীদ।
  • ১৯৫৫ - এলবাৰ্ট আইনষ্টাইন, নোবেল পুৰস্কাৰ বিজয়ী মাৰ্কিন পদাৰ্থ বিজ্ঞানী। (জন্ম: ১৪ মাৰ্চ, ১৮৭৯)
  • ১৯৫৯ - বৰিন্দ্ৰ কুমাৰ ঘোষ, এজন ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু সাংবাদিক। তেওঁক বৰিণ ঘোষ বুলিও জনা যায়।
  • ১৯৯৯ - মিগিশ্বি ছেটছুকো, জাপানী যোগ চিত্ৰশিল্পী।
  • ২০১৯ - হাছিবুল ইছলাম মিজান, বাংলাদেশৰ চলচ্চিত্ৰ পৰিচালক।
  • ২০০১ - খুৰশীদ বানো, পাকিস্তানী অভিনেত্ৰী আৰু কণ্ঠশিল্পী।
  • ২০০২ - টুৰ হেয়াৰ্ডাল, নৰ্ৱেয়ান ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ।
  • ২০২১ - ডাঃ ভূমিধৰ বৰ্মন, অসমৰ ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

দিৱস

  • বিশ্ব ঐতিহ্য দিৱস
  • উদ্ভাৱন দিৱস (জাপান)

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৬০০৬১৫ (১৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।