বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম (Bengt Robert Holmström; জন্ম: ১৮ এপ্ৰিল ১৯৪৯) এজন ফিনলেণ্ড দেশীয় অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মাচেচুছেটতছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পল এ. চেমুৱেলচন আসনৰ অধ্যাপক। তেওঁ অৰ্থনীতিবিদ অলিভাৰ হাৰ্টৰ সৈতে যুটীয়া ভাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকে আগবঢ়োৱা ২০১৬ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ নোবেল স্মৃতি বঁটা লাভ কৰে।১
জীৱন আৰু কৰ্মজীৱন
হল্মষ্ট্ৰম ফিনলেণ্ডৰ হেলচিংকিত চুইডিছ ভাষী সংখ্যালঘু সম্প্ৰদায়ত জন্ম হৈছিল। তেওঁ হেলচিংকি বিশ্ববিদ্যালয়ৰ পৰা গণিত বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৫ চনত তেওঁ অপেৰেচনাল গৱেষণাত স্নাতক আৰু পিছলৈ গ্ৰেজুৱেট স্কুল অফ বিছনেছৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ১৯৯৪ চনৰ পৰা এমআইটিৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ কিছুদিন নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেলগজ গ্ৰেজুৱেট স্কুল অফ মেনেজমেণ্টত সহকাৰী অধ্যাপক (১৯৭৯-১৯৮২) আৰু য়ালে বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ এডৱিন জে. বেইনেকে আসনৰ অধ্যাপক হিচাপে (১৯৮৩-১৯৯৪) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১০ চনৰ হেলচিংকি বিশ্ববিদ্যালয় প্ৰাপ্তন ছাত্ৰ সন্থাৰ বৰ্ষশ্ৰেষ্ঠ প্ৰাপ্তন ছাত্ৰ হিচাপে সন্মানিত হয়। হল্মষ্ট্ৰম সাধাৰণতে তেওঁৰ এজেণ্ট সূত্ৰৰ নীতিৰ বাবে জনাজাত। তেওঁ চুক্তিৰ নীতিসমূহ ঘাইকৈ ফাৰ্ম, সমবায় আদিত ব্যৱহাৰ কৰি অৰ্থনৈতিক সংকটৰ সময়ত ভাল ফল পোৱা গৈছে।
বঁটা আৰু সন্মান
হল্মষ্ট্ৰম আমেৰিকান বিজ্ঞান আৰু কলা একাডেমীৰ ফেল', ইক'মেট্ৰিক ছোচাইটি আৰু আমেৰিকান বিত্ত সংস্থা, ৰয়েল চুইডিছ একাডেমী অফ চাইন্স আৰু ফিনিছ একাডেমী অফ চাইন্স এণ্ড লেটাৰ্ছৰ বৈদেশিক ফেল'। ২০১১ চনত তেওঁ ইক'মেট্ৰিক ছোচাইটিৰ সভাপতি আছিল। তেওঁ ষ্টকহম স্কুল অফ ইকনোমিক্স, ছুইডেন, ৱাচা বিশ্ববিদ্যালয় আৰু হানকেন স্কুল অফ ইকনোমিক্স, ফিণ্ডলেণ্ডৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। ২০১২ চনত তেওঁ মনেতাৰী অৰ্থনীতিত বানকুৱে ডে ফ্ৰান্স-টিএছই ছিনিয়ৰ পুৰস্কাৰ, ২০২৩ চনত বিত্তীয় অৰ্থনীতিত ষ্টিফেন এ. ৰজ পুৰস্কাৰ আৰু কুৱাণ্টিটিভ এপ্লিকেচনত কৰা উদ্ভাৱনৰ বাবে চিকাগ' মাৰ্চেণ্টাইল এক্সচেঞ্জ-এমএছআৰআই পুৰস্কাৰ লাভ কৰে।
তেওঁ নকীয়া কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰ হিচাপে ১৯৯৯ চনৰ পৰা ২০১২ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।২৩ তেওঁ আলটো বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বৰ্ডৰ সদস্য।৪
২০১৬ চনত তেওঁ "চুক্তি সূত্ৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে" অৰ্থনীতিবিদ অলিভাৰ হাৰ্টৰ সৈতে যুটীয়া ভাবে অৰ্থনীতি বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৫
তথ্যসূত্ৰ
- ↑ Appelbaum, Binyamin. (October 10, 2016). Oliver Hart and Bengt Holmstrom Win Nobel in Economics for Work on Contracts. New York Times
- ↑ www.nokia.com/global/about-nokia/about-us/govern
- ↑ Nokia plans board of directors refresh, chairman to step down. Engadget.com
- ↑ Short biography, CV, and publications from MIT
- ↑ Press Release: The Prize in Economic Sciences 2016. The Royal Swedish Academy of Sciences
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম” প্ৰবন্ধৰ সংশোধন ৩৮২১৯২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।