অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টুৰ হেয়াৰ্ডাল

টুৰ হেয়াৰ্ডাল ( আই.পি.এ-[tuːr hæiːərdɑːl]) অক্টোবৰ ৬, ১৯১৪ – এপ্ৰিল ১৮, ২০০২) হৈছে বিশ্ববিখ্যাত ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ। তেওঁ 'কন্-টিকি'ৰে যাত্ৰা কৰাৰ বাবে জনাজাত।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

টুৰ হেয়াৰ্ডাল ( আই.পি.এ-[tuːr hæiːərdɑːl]) অক্টোবৰ ৬, ১৯১৪ – এপ্ৰিল ১৮, ২০০২) হৈছে বিশ্ববিখ্যাত ভ্ৰমণকাৰী, ফটোগ্ৰাফাৰ আৰু পুৰাতত্ত্ববিদ। তেওঁ 'কন্-টিকি'ৰে যাত্ৰা কৰাৰ বাবে জনাজাত।

জীৱন আৰু শিক্ষা

টুৰ হেয়াৰ্ডালৰ জন্ম ১৯১৪ চনত নৰৱেৰ লাৰ্ভিকত হৈছিল। তেওঁ সৰুৰে পৰা প্ৰকৃতি-প্ৰেমী আছিল। তেওঁ নিজৰ মাকৰ দ্বাৰা অতিকৈ প্ৰভাৱিত হৈছিল। তেওঁৰ মাক আছিল স্থানীয় মিউজিয়ামৰ মুৰব্বী আৰু তেওঁ টুৰক প্ৰাণীবিজ্ঞানৰ ফালে আকৰ্ষিত কৰিছিল। তেওঁ অ'চ্ল' বিশ্ববিদ্যালয়ত প্ৰাণীবিজ্ঞান আৰু ভূগোল পঢ়ে।

প্ৰথম অন্বেষণ

টুৰৰ প্ৰথম অন্বেষণ আছিল পলিনেছিয়া (১৯৩৭-৩৮) আৰু উত্তৰ-পশ্চিম আমেৰিকালৈ(১৯৪০-৪১)। পলিনেছিয়াত টুৰ আৰু টুৰৰ পত্নী লিভক পলিনেছিয়াৰ অনন্য মুৰব্বী টেৰিয়েৰূ(Teriieroo)এ টুলে। পলিনেছিয়াৰ জীৱনশৈলী আয়ত্ত কৰাৰ পিছত টুৰ যায় ফাতুহিভা (Fatuhiva) দ্বীপত থাকিবলৈ, য'ত তেওঁ পলিনেছিয়ালৈ অহা জীৱ-জন্তুবোৰৰ মূল বিচাৰি গবেষণা চলাই। তেওঁ বিশ্বাস কৰিবলৈ লয় যে বিভিন্ন পুঠিয়ে দাবী কৰাৰ দৰে পলিনেছিয়ানসকলৰ মূল দক্ষিণ-পূব এছিয়া নহয়। তেওঁ পলিনেছিয়াত পোৱা প্ৰাণীবোৰৰ গবেষণা এৰি পলিনেছিয়াৰ মানুহৰ মূল বিচৰাত লাগে, তেওঁৰ মতে পলিনেছিয়াৰ মানুহ দক্ষিণ-পূব এছিয়াাৰ পৰা নহয়, ব্ৰিটিছ ক'ল'ম্বিয়া আৰু পেৰুৰ পৰাহে অহা। তেওঁ নিজৰ গবেষণা 'আমেৰিকান ইণ্ডিয়াঞ্চ ইন্ দা পেচিফিক'(American Indians in the Pacific) নামৰ গ্ৰন্থত ছপা কৰায়। দ্বিতীয় বিশ্বযুদ্ধৰ বাবে তেওঁ নৰৱেলৈ ঘূৰি যাবলগীয়া হয়।

কন্ টিকি অন্বেষণ

টুৰৰ গৱেষণাৰ বিশ্বাসযোগ্যতাক অনেকে প্ৰত্যাহ্বান জনায়। সেয়েহে টুৰে থলুৱা বাল্চা নাও তৈয়াৰ কৰে, যাৰ নাম দিয়ে কন্ টিকি(Kon-Tiki)। ১৯৪৭ চনত তেওঁ পেৰুৰ পৰা যাত্ৰা আৰম্ভ কৰে সেই নাৱেৰেই।১ প্ৰায় ৮০০০ কিলোমিটাৰ ১০১ দিনত পাৰ কৰি তেওঁ কন্-টিকিৰে পালেগৈ পলিনেছিয়া আৰু প্ৰমাণ কৰি দেখুৱালে যে ঠিক সেইদৰেই পলিনেছিয়াৰ মানুহো পেৰুৰ পৰা গৈ পলিনেছিয়া পালেগৈ।

গালাপাগ'চ অন্বেষণ

কন্ টিকি যাত্ৰাৰ সাফল্যৰ পিছত টুৰ ওলাল গালাপাগ'চ দ্বীপলৈ (ইকুৱেডৰৰ পৰা প্ৰায় ১০০০ কিলোমিটাৰ দূৰত), গালাপাগ'চলৈ যোৱা নৰৱে'ৰ পুৰাতত্ত্ববিদ দলৰ নেতাৰ ৰূপত। তাত তেওঁলোকে ক'ল'ম্বিয়া-পূৰ্ব বাসস্থলসমূহ অধ্যয়ন কৰে আৰু ইন্কা বাঁহী বিচাৰি ওলিয়ায়। তেওঁলোকে প্ৰায় ১৩০ ডোখৰ মৃৎশিল্পও আৱিষ্কাৰ কৰে যাক পিছত ইন্কাতকৈ পুৰণা বুলি প্ৰমাণিত কৰা হয়। টুৰে এই অভিযানৰ লগতে বিশেষজ্ঞ সকলৰ লগত মিলি হেৰুৱা 'গুৱাৰা' (guara) কলা পুনৰাবিস্কাৰ কৰাৰ দিশতো কাম কৰে। গুৱাৰাই পেৰু আৰু ইকুৱেডৰৰ লোকক দূৰলৈ ভ্ৰমণ কৰোঁতে আৰু দিশ নিৰ্ণয় কৰাত সহায় কৰিছিল।২

ইষ্টাৰ দ্বীপ অন্বেষণ

১৯৫৫-৫৬ত টুৰে পেচিফিকৰ আতাইতকৈ নিলগত থকা- 'ইষ্টাৰ দ্বীপ'(Easter Island)লৈ যাত্ৰা কৰে, ২৩জনীয়া এটি দলৰ সৈতে। তেওঁলোকে আৱিষ্কাৰ কৰে যে থলুৱা লোকে কাটি পেলোৱাৰ আগলৈকে, ইষ্টাৰ দ্বীপ আছিল গছেৰে ভৰা। কাৰ্বন ডেটিংৰ পৰা প্ৰমাণিত হ'ল যে তালৈ প্ৰথম মানুহ ৩৮০চনত গৈছিল(তেতিয়াৰ বিশেষজ্ঞই বিশ্বাস কৰাতকৈ প্ৰায় ১০০০ বছৰ আগত)। তেওঁৰ গবেষণাই ১০ম পেচিফিক বিজ্ঞান কংগ্ৰেছত বৰ চৰ্চা লাভ কৰে।

ৰা অন্বেষণ

টুৰে প্ৰাচীন নেভিগেচন্ যন্ত্ৰসমূহৰ ওপৰত অধ্যয়ন চলাই গ'ল। পেপাইৰাচেৰে নিৰ্মিত ৰীড-নাৱে তেওঁৰ আকৰ্ষণ লাভ কৰে। তেতিয়াৰ বিশেষজ্ঞসকলৰ অনুসৰি ৰীড নাও বেছি সময় চলোৱা সম্ভৱ নহয়(খুব বেছি ২সপ্তাহ)। টুৰৰ মনে কথাটো মানি নললে। তেওঁ বিশ্বাস কৰিছিল যে প্ৰাচীন যন্ত্ৰটিৰ ক্ষমতা ইয়াতকৈ অধিক। সেয়ে তেওঁ তেনে এখন নাও পেপাইৰাচেৰে নিৰ্মাণ কৰিলে, যাৰ নাম দিলে ৰা। ৰাষ্ট্ৰ সংঘৰ পতাকাৰ তলত ৭খন দেশৰ ৭জন মানুহ লৈ তেওঁ সেই নাৱত মৰক্কৰ চাফিৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে ৫৬দিনত ৫০০০ কিলোমিটাৰ পাৰ কৰিলে, কিন্তু ধুমুহা আৰু নিৰ্মাণৰ কিছু নাটনিৰ বাবে তেওঁলোকে যাত্ৰা সম্পূৰ্ণ কৰিব নোৱাৰিলে। ১০মাহৰ পিছত তেওঁ পুনৰ ওলাল সেই একেই যাত্ৰাত, নাওখন কিছু সৰু কৰি লৈ, যাৰ নাম দিয়া হ'ল ৰা-২। এইবাৰ তেওঁ সফল হয়, আটলাণ্টিকৰ আটাইতকৈ বহল অংশ (৬১০০ কিলোমিটাৰ) ৫৭ দিনত পাৰ কৰি।

আন অন্বেষণ আৰু মৃত্যু

তেওঁ পিছলৈ টিকিউম্ পিৰামিড, তেনেৰাইফ্ আইলেণ্ড, আদিত মনোযোগ দিয়ে। ৮৭ বছৰ বয়সত, ২০০২ চনৰ ২ এপ্ৰিলত কৰ্কট ৰোগ ৰোগত আক্ৰান্ত হৈ টুৰ হেয়াৰ্ডালৰ মৃত্যু হয়।৩৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.nytimes.com/learning/general/onthisday/big/0
  2. ↑ www.heyerdahl-institute.no/en/Segments/Expeditio
  3. ↑ Thor Heyerdahl Biography. biography.com
  4. ↑ Thor Heyerdahl dies at 87. theguardian.com

সম্পৰ্কিত শ্ৰেণী

নৰৱে'ৰ ব্যক্তিঅভিযাত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুৰ হেয়াৰ্ডাল” প্ৰবন্ধৰ সংশোধন ৬৩৭১৯৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।