অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰদ্যুৎ কুমাৰ ডেকা

প্ৰদ্যুৎ কুমাৰ ডেকা ( Prodyut Kumar Deka; জন্ম: ১৮ এপ্ৰিল ১৯৭৮) এজন অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক। তেওঁৰ ছবিসমূহৰ ভিতৰত আছে ধুনীয়া তিৰোতাবোৰ (২০০৯), সমীৰণ বৰুৱা আহি আছে (২০১২), সুৰ্য্যাস্ত (২০১৩), বৰশী (২০১৪)।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰদ্যুৎ কুমাৰ ডেকা ( Prodyut Kumar Deka; জন্ম: ১৮ এপ্ৰিল ১৯৭৮) এজন অসমৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু লেখক। তেওঁৰ ছবিসমূহৰ ভিতৰত আছে ধুনীয়া তিৰোতাবোৰ (২০০৯), সমীৰণ বৰুৱা আহি আছে (২০১২), সুৰ্য্যাস্ত (২০১৩), বৰশী (২০১৪)। গুৱাহাটীৰ আমবাৰী পুৰাতাত্বিক ক্ষেত্ৰৰ আধাৰত নিৰ্মিত ‘এনথ্ৰপলজিকেল আমবাৰী' ছিৰিজৰ জৰিয়তে তেওঁ ২০১৬-১৭ চনলৈ ক্ৰমান্বয়ে ইংৰাজী কল্পকাহিনী লিখাৰ ফালে ধাবিত হয়।১

কৰ্মজীৱন

তেওঁৰ প্ৰথম পৰিচালনা আৰু চিত্ৰনাট্য ৰচনা কৰা ছবিখন হ'ল ধুনীয়া তিৰোতাবোৰ। এগৰাকী সন্ধানহীন শিল্পীৰ পটভূমিত নিৰ্মাণ কৰা এই ছবিখন মুক্তি পাইছিল ২০০৯ চনত।২ তেওঁৰ পৰৱৰ্তী ছবি ৰাজনৈতিক বিষয়ৰ ওপৰত আধাৰিত সমীৰণ বৰুৱা আহি আছে (২০১২)।৩৪ তেওঁৰ অন্যান্য ছবিবোৰৰ ভিতৰত আছে- শিশুৰ প্ৰতি অৱহেলাক বিষয়বস্তু কৰি ৰচনা কাহিনীৰে নিৰ্মাণ কৰা ‘সূৰ্যাস্ত’, চাছপেন্সধৰ্মী নাটকীয় ছবি ‘বৰশী’ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা টেলিফিল্ম ‘দৃষ্টি’। সূৰ্যাস্তই ফিল্মফেয়াৰ ২০১৩ (পূব)-ত শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত মনোনয়ন লাভ কৰে।৫ ৬ ৭৮ ৯ তিনিটা পৃথক পৃথক গল্প আৰু তিনিজন ভিন্ন পৰিচালকে একত্ৰে নিৰ্মাণ কৰা ছবি যি গল্পৰ শেষ নাইৰ এটা খণ্ড প্ৰদ্যুৎ কুমাৰ ডেকাই পৰিচালনা কৰিছিল। ছবিখনৰ কাম ২০১৯ চনত শেষ হয়।১০ ১১১২

তথ্যসূত্ৰ

  1. ↑ Dutta, Utpal. (March 23, 2019). মোৰ বিশ্বাস, সকলো সভ্যতাৰ কিছুমান গোপন অধ্যায় থাকে. janambhumi.in
  2. ↑ Notes for a film theory about the cinemas of Assam
  3. ↑ In mid March "Samiran Baruah Ahi Ase". Assamesefilmnews.blogspot.in
  4. ↑ Samiran barua finally arrives
  5. ↑ (11 May 2013). Assamese Film Surjasta(সূৰ্যাস্ত) to Release on 17th May
  6. ↑ (19 March 2014). Filmfare Awards 2013 Nomination List of Assamese Cinema
  7. ↑ (28 March 2014). Nominations for Vivel Filmfare Awards (Assamese)
  8. ↑ Roy, Abhijit. Pradut Kumar Deka's suspense-thriller Boroshi releases in 18th April. Creativica.in
  9. ↑ (2013-04-07). Assamese Films: News This Week (25-31 March 2013) - Assamese Film and Theatre | News Post. Newslivetv.com
  10. ↑ The Fourth Pillar
  11. ↑ Siyahir Rong–The Dark Side of The Fourth Pillar
  12. ↑ Assamese Film Portrays Mayong As Not 'Land of Magic'

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰদ্যুৎ কুমাৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৭৪ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।