মিগিশ্বি ছেটছুকো (三岸節子, ৩ জানুৱাৰী, ১৯০৫ – ১৮ এপ্ৰিল, ১৯৯৯ ) এগৰাকী বিশিষ্ট জাপানী যোগ চিত্ৰশিল্পী আছিল। মিগিশ্বিক জাপানী পশ্চিমীয়া তৈল চিত্ৰকলাৰ অগ্ৰগামী হিচাপে জনা যায়।
প্ৰাৰম্ভিক সময়
ওৱাৰীত এটা বস্ত্ৰ কাৰখানা নিৰ্মাণ কৰা নাকাচিমা-গানৰ (পিছলৈ ওনিছি, বৰ্তমান ইচিনোমিয়া) এটা ধনী পৰিয়ালত জন্মগ্ৰহণ কৰা ছেটছুকো য়োশিদা দহটা সন্তানৰ ভিতৰত ষষ্ঠ আছিল। ১২ তেওঁৰ পৰিয়াল উলৰ কাপোৰ নিৰ্মাণৰ ব্যৱসায় চলোৱা এক ধনী জমিদাৰৰ পৰিয়াল আছিল। কঁকালৰ গাঁঠিৰ জন্মগত বিভ্ৰান্তিৰ বাবে মিগিশ্বিয়ে নাগোয়াৰ এখন চিকিৎসালয়ত তেওঁৰ কেঁচুৱা অৱস্থাতে এক ডাঙৰ অস্ত্ৰোপচাৰ কৰিছিল। কোশিন নাকাজিমা প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ পিছত, তেওঁ ১৯১৫ চনত কিহাটচু প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি ১৯১৭ চনত বিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে। তেওঁ নাগোয়াৰ ছোৱালীৰ শুকুটোকু উচ্চ বিদ্যালয়ত প্ৰৱেশ কৰিছিল। স্কুলত থাকোঁতে তেওঁ পঢ়াত নিমগ্ন হৈ পৰাৰ লগতে তাইৰ জ্যেষ্ঠ ৰুমমেট সুকাৰা টোডাৰ জাপানী চিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। মিগিশ্বিয়ে উয়েমুৰা শ্বুন আৰু চিমা ছেইনৰ সুন্দৰ চিত্ৰবোৰ নকল কৰিবলৈ চেষ্টা কৰিছিল।
যুদ্ধৰ পূৰ্ব সময়: ১৯২০-১৯৪৫
১৯২১ চনত তেওঁ বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু টকিঅ'লৈ যায়, য'ত তেওঁ প্ৰথমে মহিলা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা দিয়ে, কিন্তু বিফল হয়। মিগিশ্বিয়ে চিত্ৰাংকন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। পিছলৈ তেওঁ হংগ পাশ্চাত্য শৈলীৰ পেইণ্টিং ইনষ্টিটিউটত নামভৰ্তি কৰিছিল ([:জা:本郷洋画研究所|本郷洋画研究所]), আৰু ওকাদা চাবৰচুকেৰ শিষ্য হৈছিল।৩১৪৫ এবছৰৰ পিছত, মিগিশ্বিয়ে দ্বিতীয় বৰ্ষৰ ছাত্ৰী হিচাপে জাপানৰ চুগিনামীৰ এখন ব্যক্তিগত মহিলা কলা বিদ্যালয় বা মহিলা আৰ্ট এণ্ড ডিজাইন বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হয় আৰু ১৯২৪ চনত শীৰ্ষ শ্ৰেণীত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯২৩ চনত, মিগিশ্বিয়ে নিকা প্ৰদৰ্শনীত (二科展) তেওঁৰ কাম দাখিল কৰিছিল যদিও নিৰ্বাচিত হোৱা নাছিল। স্নাতক হোৱাৰ একে বছৰতে তেওঁ জাপানী যোগ চিত্ৰশিল্পী কোটাৰো মিগিশ্বিক বিয়া কৰায়। পিছে ১৯৩৪ চনত তেওঁ অপ্ৰত্যাশিতভাৱে মৃত্যুবৰণ কৰে।৩১৬
১৯২৫ চনৰ মাৰ্চ মাহত মিগিশ্বিৰ প্ৰথম সন্তান এজনী ছোৱালীৰ জন্ম হয়। একে সময়তে তেওঁৰ Jigazō (自画像, Self-Portrait), Fūkei (風景, Landscape), Sazanka (山茶花, Camellia), আৰু Kijō ni hate (机上二果, Two Fruits on a Table) তৃতীয় শূন্য-কায় প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হয়। সেইবছৰেই এপ্ৰিলত মিগিশ্বিয়ে হিটয়' কায় আৰু ক'ক' ফুকাজায়াৰ সৈতে লগ হৈ মহিলা যোগ সংস্থা গঠন কৰে।
সাহিত্য
মিগিশ্বি এগৰাকী লেখকো আছিল। ১৯৫০ চনত তেওঁ বিজিন ন' চুবাছা শীৰ্ষক এখন ৰচনা সংকলন প্ৰস্তুত কৰিছিল। তেখেতৰ অন্যান্য ৰচনাৰ ভিতৰত ১৯৭৭ চনত চানচাইচাৰ পৰা হানা টু ভেনিক আৰু ১৯৭৭ চনত কুৰুডৰ পৰা হানায়ৰি নাহাৰাচিকু প্ৰকাশ হয়।
উত্তৰাধিকাৰ
হৈছে জাপানৰ আইচি প্ৰিফেকচাৰৰ ইচিনোমিয়াত অৱস্থিত মিগিশ্বি ছেটছুকোৰ কাম আৰু জীৱনৰ বাবে সমৰ্পিত এক সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ। এই কেন্দ্ৰ ১৯৯৮ চনত জাপানী Yōga চিত্ৰশিল্পীৰ জন্মস্থানত প্ৰতিষ্ঠা কৰা হৈছিল। সংগ্ৰহালয়টোৰ ছেটছুকোৰ কামৰ আটাইতকৈ বিস্তৃত সংগ্ৰহৰ এটা আছে, বেছিভাগ ছেটছুকো আৰু তেওঁৰ পৰিয়ালে নিজে দান কৰিছিল। ইয়াত অন্তৰ্ভুক্ত আছে কামৰ এক স্থায়ী সংগ্ৰহ, অস্থায়ী প্ৰদৰ্শনী আৰু কলা সম্পৰ্কীয় বক্তৃতা, লগতে বিভিন্ন কাৰ্যকলাপ আৰু ছেটছুকোৰ তথ্যচিত্ৰৰ প্ৰদৰ্শন। ইয়াত শিল্পীজনৰ বাবে উৎসৰ্গিত এক পুথিভঁৰাল আৰু উপহাৰৰ দোকানো আছে, লগতে জাপানী কলা আৰু সংস্কৃতিৰ বিষয়ে কিতাপ আৰু তালিকা আছে।
বাহ্যিক সংযোগ
- Official Site
- Migishi Setsuko - Artnet
- Migishi Setsuko NHK Interview
- Hiroshima Museum of Art - Works by Migishi Setsuko
- Migishi Setsuko - Mutual Art
- Migishi Setsuko Page at Takanawa Gallery (Article in Japanese)
- Migishi Setsuko's Saginomiya Studio (Article in Japanese)
তথ্যসূত্ৰ
- ↑ 一宮市三岸節子記念美術館. 三岸節子
- ↑ (1989). 三岸節子展 図録. 朝日新聞社. পৃ. 三串節子年譜
- ↑ 古美術八光堂. 三岸節子
- ↑ 佐賀県立美術館. アトリエ移設記念展「はじまりはここから―岡田三郎助と女性画家たち―」開催要項
- ↑ Kokatsu, Reiko. (2001). 奔る女たち: 女性画家の戦前戦後 1930-1950 年代. Tochigi Prefectural Museum of Fine Arts. পৃ. 13
- ↑ 三岸節子と好太郎―愛知・一宮/札幌. www.asahi.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিগিশ্বি ছেটছুকো” প্ৰবন্ধৰ সংশোধন ৩৮৪২৪৪ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।