অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ৱেষ্ট ইণ্ডিজ

ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে। ক্ৰিষ্টোফাৰ কলম্বাছৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ (দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া)ৰ পৰা পৃথক কৰিবলৈ।

হালনাগাদ: ১৮ জুলাই ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

[[চিত্ৰ:The Caribbean Islands -(West Indies) 2014-04-24 09-48.gif|The Caribbean Islands (West Indies)]]

ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে।১ ক্ৰিষ্টোফাৰ কলম্বাছৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ (দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া)ৰ পৰা পৃথক কৰিবলৈ।

১৭-১৯ শতিকালৈকে ৱেষ্ট ইণ্ডিজ ইউৰোপীয় ঔপনিৱেশিক অঞ্চল আছিল ব্ৰিটিছ ৱেষ্ট ইণ্ডিজ, ডেনিচ ৱেষ্ট ইণ্ডিজ, ফৰাচী ৱেষ্ট ইণ্ডিজ আৰু স্পেনীয় ৱেষ্ট ইণ্ডিজ।

১৯১৬ত ডেনমাৰ্কে ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰক বিক্ৰি কৰে। ডেনিচ ৱেষ্ট ইণ্ডিজ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক জলবেষ্টিত এলেকা হ'ল, আৰু ইয়াক 'ইউনাইটেড ষ্টেট্চ্ ভাৰ্জিন আইলেণ্ড্স' বা আমেৰিকা যুক্তৰাষ্ট্ৰ কুমাৰী দ্বীপ নাম দিয়া হ'ল।

১৯৫৮ আৰু ১৯৬২ত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিটিছ কুমাৰী দ্বীপ, বাহামাচ, ব্ৰিটিছ হণ্ডুৰাচ আৰু ব্ৰিটিছ গুয়ানাৰ বাহিৰে নিজৰ ৱেষ্ট ইণ্ডিজ অঞ্চলসমূহক ৱেষ্ট ইণ্ডিজ সংঘত অন্তৰ্ভুক্ত কৰে। তেওঁলোকে আশা কৰিছিলে যে সংঘটো সমবেত হ'ব এক স্বাধীন ৰাষ্ট্ৰৰ ৰূপত। পিছে সংঘটোৰ শক্তি কম আছিলে, বিভিন্ন প্ৰায়োগিক সমস্যা আৰু জনপ্ৰিয় সঁহাৰিৰ অভাৱ, ই ব্ৰিটিছসকলৰ দ্বাৰা ১৯৬৩ত দ্ৰৱীভূত হ'ল, ৯টা অঞ্চল স্বাধীন হ'ল আৰু ৪টা ব্ৰিটিছ বৈদেশিক অঞ্চল হ'ল।

ৱেষ্ট ইণ্ডিজ বা ৱেষ্ট ইণ্ডিয়া ১৭-১৮ শতিকাৰ বিভিন্ন চনদপ্ৰাপ্ত কোম্পানীৰ সমনাম আছিল, ডেনিচ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ডাট্চ ৱেষ্ট ইণ্ডিয়া কোম্পানী, ফৰাচী ৱেষ্ট ইণ্ডিয়া কোম্পানী আৰু স্বেদিচ ৱেষ্ট ইণ্ডিয়া কোম্পানীক সামৰি।

সংজ্ঞাৰ ব্যৱহাৰ

টুলেন বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰ'চেন এড্ডাৰ্লিৰ মতে "খণ্ডবাক্য 'ৱেষ্ট ইণ্ডিজে' কলম্বাচে আৱিষ্কাৰ কৰা আৰু স্পেইনে দাবী কৰা অঞ্চলক অন্য ইউৰোপীয় শক্তিয়ে আবিষ্কাৰৰ দাবী কৰা [এছিয়াৰ] 'ইষ্ট ইণ্ডিজ'ৰ পৰা পৃথক কৰিছিলে… পিছলৈ 'ৱেষ্ট ইণ্ডিজ' সংজ্ঞাটো সকলো ইউৰোপীয় দেশে আমেৰিকাত নিজে অৰ্জন কৰা অঞ্চলসমূহক বুজাবলৈ ব্যৱহাৰ কৰা হ'ল… ব্ৰিটিছ কেৰিবিয়ান উপনিৱেশক 'ৱেষ্ট ইণ্ডিজ' হিচাপে ধৰিলে ১৯৫০ত ইয়াৰ নিজৰ আতাইতকৈ বেছি ৰাজনৈতিক গুৰুত্ব আছিল, সেই উপনিবেশবোৰ গোটোৱাৰ আন্দোলনৰ সৈতে যিয়ে সংঘৰ ৰূপত এক স্বাধীন ৰাষ্ট্ৰ গঠন কৰিব পাৰে... যদিও [১৯৬০ৰ দশকৰ আগৰ অংশত] সংঘটো ভাঙিল, ৱেষ্ট ইণ্ডিজে এতিয়াও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে এটি যুটীয়া দল হিচাপে খেলে। "২

তথ্যসূত্ৰ

  1. ↑ Caldecott, Alfred. (1898). The Church in the West Indies. Frank Cass and Co.. পৃ. 11
  2. ↑ Rosanne Adderly, “West Indies,” in Encyclopedia of Contemporary Latin American and Caribbean Cultures, Volume 1: A-D (London and New York: Routledge, 2000): 1584

সম্পৰ্কিত শ্ৰেণী

আমেৰিকাভৌগোলিক অঞ্চলপোখালি (ভাৰত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱেষ্ট ইণ্ডিজ” প্ৰবন্ধৰ সংশোধন ৬১৮১০১ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।