অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মাউণ্ট এভাৰেষ্ট

মাউণ্ট এভাৰেষ্ট (Mount Everest), (নেপালত Sagarmāthā আৰু তীব্বতত Chomolungma হিচাপে জনা যায় ), পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগোৰ ( Mahalangur) অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত।

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৬ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
মাউণ্ট এভাৰেষ্টৰ দক্ষিণ দিশ
মাউণ্ট এভাৰেষ্টৰ দক্ষিণ দিশছবি: Mount_Everest_as_seen_from_Drukair2.jpg: shrimpo1967 derivative work: Papa Lima · CC BY-SA 2.0
Tibetan Plateau and surrounding areas above 1600 m in colour- Topography.
Tibetan Plateau and surrounding areas above 1600 m in colour- Topography.ছবি: Darekk2 using the ETOPO1 and GLOBE tiles · CC BY-SA 4.0
মাউণ্ট এভাৰেষ্ট আৰু বৰফাবৃত হিমালয় পৰ্বতমালা
মাউণ্ট এভাৰেষ্ট আৰু বৰফাবৃত হিমালয় পৰ্বতমালাছবি: NASA · Public domain

মাউণ্ট এভাৰেষ্ট (Mount Everest), (নেপালত Sagarmāthā আৰু তীব্বতত Chomolungma হিচাপে জনা যায় ), পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগোৰ ( Mahalangur) অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত১। অৱশ্যে পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বোচ্চ উচ্চতাত থকা শৃংগটো হৈছে এণ্ডিজ পৰ্বতমালাৰ ’মাউণ্ট চ্চিমব’ৰাজ’ (Mount Chimborazo) ]]২। চীন আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমা এই এভাৰেষ্ট শৃংগত মিলিত হৈছে।

ইতিহাস

১৮৫৬ চনত ভাৰতৰ ’Great Trigonometrical Survey of India’ ই পোনপ্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টৰ উচ্চতা 29002 ফুট বুলি মাপ কৰি উলিয়ায়। বৰ্তমান চৰকাৰীভাৱে ইয়াৰ উচ্চতা 8848 মিটাৰ বুলি স্বীকৃতি দিয়া হৈছে। এই মাপ ১৯৫৫ চনত এক ভাৰতীয় চাৰ্ভেই নিৰ্ণয় কৰিছিল। পৰৱৰ্ত্তী কালত অৰ্থাৎ ১৯৭৫ চনত চীনে পৃথক চাৰ্ভেৰ দ্বাৰা এই মাপকে নিশ্চিত কৰে। ১৮৬৫ চনত ব্ৰিটিছ চাৰ্ভেয়ৰ জেনেৰেল (Surveyor General of India) এণ্ড্ৰিউ ৱাগ (Andrew Waugh) ৰ পৰামৰ্শ ক্ৰমে ৰ’য়েল জিঅ’গ্ৰাফিকেল চ’ছাইটি (Royal Geographical Society) য়ে এভাৰেষ্ট নামটো প্ৰদান কৰে। তাৰ আগলৈকে এই শৃংগক Peak XV নামেৰে জনা গৈছিল। ৱাগে তেওঁৰ পূৰ্বৰ জেনৰেল ছাৰ জৰ্জ এভাৰেষ্ট (Sir George Everest) ৰ নামেৰে এই নাম দিয়ে। ৩

পৰ্বতাৰোহণ

মাউণ্ট এভাৰেষ্টলৈ বহুতো অভিজ্ঞতাপুষ্ট আৰোহণকাৰী আৰু দু:সাহসিক অভিযানকাৰীৰ আগমণ ঘটে। এই শৃংগত আৰোহণ কৰিবলৈ দুটা মূল পথ আছে-এটা নেপালৰ দক্ষিণ-পূবৰ পৰা আৰু আনটো তীব্বতৰ উত্তৰেদি। এভাৰেষ্টত আৰোহণকাৰীয়ে বহুতো বাধা-বিঘনিৰ সন্মুখীন হ’ব লগাত পৰে। ইয়াৰ ভিতৰত altitude sickness, ৰুক্ষ জলবায়ু, বতাহ, বৰফৰ স্খলন (avalanches) ইত্যাদি প্ৰধান।

এভাৰেষ্টৰ শিখৰত আৰোহণৰ প্ৰথম চেষ্টা ব্ৰিটিছ আৰোহণকাৰীসকলে কৰিছিল বুলি জনা যায়। সেই সময়ছোৱাত নেপালে বিদেশী পৰ্বতাৰোহণকাৰীক প্ৰবেশৰ বাবে অনুমতি নিদিয়াৰ বাবে ব্ৰিটিছ আৰোহণকাৰীসকলে তীব্বতৰ দিশৰ পৰা আৰোহণৰ চেষ্টা কৰিছিল। ১৯২১ চনত এটা দলে উত্তৰ ক’ল ( 7000 মিটাৰ উচ্চতালৈকে আৰোহণত সফল হয়। ১৯২২ চনৰ অভিযানত মানুহে তেতিয়ালৈকে আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা 8320 মিটাৰ পাবলৈ সক্ষম হয়। কিন্তু ওভতাৰ পথত বৰফৰ স্খলন (avalanche) ৰ মুখামুখি হৈ সাতজন পৰ্টাৰ মৃত্যুমুখত পৰে। ১৯২৪ চনৰ অভিযানত দুজন পৰ্বতাৰোহণকাৰী George Mallory আৰু Andrew Irvine সন্ধানহীন হয়। পৰৱৰ্ত্তী সময়ত ১৯৯৯ চনত মেল’ৰিৰ মৃতদেহ 8155 মিটাৰ উচ্চতাত উদ্ধাৰ হয়। ১৯৫৩ চনত টেনজিং নৰ্গে (Tenzing Norgay) আৰু এডমাণ্ড হিলাৰী (Edmund Hillary) য়ে পোনপ্ৰথমে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰাৰ সফলতা লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Based on the 1999 and 2005 surveys of elevation of snow cap, not rock head. For more details, see Surveys
  2. ↑ Robert Krulwich. (7 April 2007). The "Highest" Spot on Earth?. NPR.org
  3. ↑ (April–May 1857). Papers relating to the Himalaya and Mount Everest. Proceedings of the London Royal Geographical Society of London. পৃ. 345–351

সম্পৰ্কিত শ্ৰেণী

পৰ্বতমালা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাউণ্ট এভাৰেষ্ট” প্ৰবন্ধৰ সংশোধন ৬৩৪০২২ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।