অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ললিতা পাৱাৰ

ললিতা পাৱাৰ (Lalita Pawar; ১৮ এপ্ৰিল ১৯১৬ – ২৪ ফেব্ৰুৱাৰী ১৯৯৮) এগৰাকী প্ৰতিভাধৰ ভাৰতীয় অভিনেত্ৰী আছিল। পিছলৈ বিখ্যাত চৰিত্ৰাভিনেত্ৰী হিচাপে পৰিগণিত হোৱা পাৱাৰে সাতশতকৈও অধিক হিন্দী, মাৰাঠী আৰু গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ৪২৫ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ললিতা পাৱাৰ (Lalita Pawar; ১৮ এপ্ৰিল ১৯১৬ – ২৪ ফেব্ৰুৱাৰী ১৯৯৮)১ এগৰাকী প্ৰতিভাধৰ ভাৰতীয় অভিনেত্ৰী আছিল। পিছলৈ বিখ্যাত চৰিত্ৰাভিনেত্ৰী হিচাপে পৰিগণিত হোৱা পাৱাৰে সাতশতকৈও অধিক হিন্দী, মাৰাঠী আৰু গুজৰাটী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ জনপ্ৰিয় ছবি, যেনে ভালজী পেন্ধকাৰে নিৰ্মাণ কৰা ‘নেতাজী পালকৰ’ (১৯৩৮), নিউ হেনা পিকচাৰ্চৰ ‘সন্ত দামাজী’, নৱযুগ চিত্ৰপটৰ ‘অমৃত’ (১৯৫৯), ছায়া ফিল্মছৰ ‘গোৰা কুম্ভকাৰ’ আদি ছবিত অভিনয় কৰিছে। তেওঁৰ অন্যান্য স্মৰণীয় ছবিবোৰ হ’ল- ‘আনাৰী’ (১৯৫৯), ‘শ্ৰী ৪২০’ আৰু ‘মিষ্টাৰ এণ্ড মিচেচ ৫৫’; লগতে ৰামানন্দ সাগৰৰ ১৯৮৭ চনত প্ৰথম সম্প্ৰচাৰ হোৱা মহাকাব্যিক টিভি ধাৰাবাহিক ৰামায়ণ, য’ত পাৱাৰে মন্থৰা চৰিত্ৰত অভিনয় কৰিছিল।২

জীৱনী

হিম্মত-ই-মৰ্দ (১৯৩৫) ছবিৰ মূল ভূমিকাত ললিতা পাৱাৰ
হিম্মত-ই-মৰ্দ (১৯৩৫) ছবিৰ মূল ভূমিকাত ললিতা পাৱাৰছবি: Unknown author · Public domain

পাৱাৰৰ জন্মৰ নাম আছিল অম্বা লক্ষ্মণ ৰাও সগুন। ১৯১৬ চনৰ ১৮ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ নাচিক জিলাৰ য়েৱলা গাঁৱত এটা গোৰা পৰিয়ালত তেওঁৰ জন্ম হৈছিল।৩ Her father Laxman Rao Shagun was a rich silk and cotton piecegoods merchant.৪ ৰাজা হৰিশ্চন্দ্ৰ (১৯২৮) চলচ্চিত্ৰ যোগে নবছৰ বয়সতে তেওঁৰ অভিনয় জীৱনৰ সূত্ৰপাত হৈছিল। পিছলৈ তেওঁ নিৰ্বাক ছবি আৰু ১৯৪২ চনলৈকে সবাক ছবিৰ মূল ভূমিকাত অভিনয় কৰে।৫

তেওঁ নিৰ্বাক ছবি ‘কৈলাশ’ত (১৯৩২) অভিনয় কৰাৰ উপৰিও ইয়াৰ সহযোগী প্ৰযোজক আছিল। ১৯৩৮ চনতো তেওঁ ‘দুনীয়া ক্যা হ্যায়’ নামেৰে সবাক ছবি এখন প্ৰযোজনা কৰে।

১৯৪২ চনত ‘জং-ই-আজাদী’ ছবিৰ শ্বুটিং চলি থাকোঁতে ছবিৰ দৃশ্যৰ এটা অংশ হিচাপেই অভিনেতা ভগৱান দাদাই পাৱাৰক জোৰেৰে চৰ মাৰি দিয়ে। এজন নতুন অভিনেতা হিচাপে ভগৱান দাদাই চৰটো জোৰেৰে মাৰিছিল। ইয়াৰ ফলত তেওঁৰ মুখৰ পক্ষাঘাট হোৱাৰ উপৰিও বাও চকুৰ সৈতে সংযোগী শিৰা এডাল আঘাতপ্ৰাপ্ত হৈছিল। তিনি বছৰৰ চিকিৎসাৰ অন্তত তেওঁ সু্স্থ হৈছিল যদিও বাও চকুটো ত্ৰুটিপূৰ্ণ হৈ গৈছিল। এই দুৰ্ঘটনাৰ বাবে পাৱাৰে নায়িকাৰ ভূমিকাত অভিনয় কৰাৰ পৰা বিৰত থাকিবলগীয়া হ’ল যদিও জীৱনৰ প্ৰায় শেষ সময়লৈ চৰিত্ৰাভিনেত্ৰীৰ ভূমিকাত অভিনয় কৰি গ’ল। চৰিত্ৰাভিনেত্ৰীৰ ভূমিকাই তেওঁক অধিক যশস্যা দিছে। সাতটাকৈ দশক তেওঁ অভিনয়ৰ সৈতে জড়িত আছিল।৬

তেওঁক বিশেষকৈ কুটিল শাহুৱেকৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত আছিল। ৰাজ কাপুৰে অভিনয় কৰা আৰু হৃষিকেষ মুখাৰ্জীয়ে পৰিচালনা কৰা ‘আনাৰী’ (১৯৫৯) ছবিত পাৱাৰে মুখত কঠোৰ, কিন্তু কোমল অন্তৰৰ এগৰাকী মহিলাৰ ভূমিকাত অভিনয় কৰিছিল; যি অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।৭ ৰামানন্দ সাগৰ পৰিচালিত দূৰদৰ্শনৰ প্ৰথম মেগা ধাৰাবাহিক ৰামায়ণত তেওঁ মন্থৰাৰ চৰিত্ৰত স্মৰণীয় অভিনয় কৰিছিল।৮

ব্যক্তিগত জীৱন

তেওঁৰ প্ৰথম বিবাহ গণপত ৰাওৰ সৈতে হৈছিল। কিন্তু গণপত ৰাওৰ পাৱাৰৰ ভনীয়েকৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক স্থাপন হোৱাত তেওঁলোকৰ বৈবাহিক জীৱন অশান্তিময় হৈ পৰিল। পিছলৈ তেওঁ চলচ্চিত্ৰ প্ৰযোজক, মুম্বাইৰ অম্বিকা ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী ৰাজপ্ৰকাশ গুপ্তক বিয়া কৰায়।৯

১৯৯০ চনত তেওঁৰ মুখৰ কৰ্কট ৰোগ ধৰা পৰে। সেই ৰোগৰ চিকিৎসাৰ বাবে তেওঁ পুণেলৈ গুছি গৈছিল। তেওঁৰ স্মৃতিশক্তি লাহে লাহে হ্ৰাস হৈ আহিছিল। অৱশেষত ১৯৯৮ চনৰ ২৪ ফেব্ৰুৱাৰীত পুনেতে তেওঁৰ মৃত্যু হয়।৫

বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Lalita Pawar. Britannica.com
  2. ↑ (24 February 2018). Bollywood's most dangerous mother-in-law, a slap caused eye light. Aaj Tak
  3. ↑ (26 February 1998). Lalitha, an actress and a gentlewoman. Rediff.com
  4. ↑ Tribute to Laita Pawar. Screen (magazine)
  5. ↑ Yein The Bollywood Ki Sabse Krur Abhinetri. www.amarujala.com
  6. ↑ Lalita Pawar – Memories. cineplot.com
  7. ↑ Anari Indian Cinema, University of Iowa
  8. ↑ Lalita Pawar – Memories. cineplot.com
  9. ↑ (26 February 1998). Lalita Pawar.. Indian Express
  10. ↑ Awards ইণ্টাৰনেট মুভি ডাটাবেছ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতৰ নিৰ্বাক চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীগুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা পাৱাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০১৯৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।