অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

শব্দ (অভিধান)

শব্দ ডট অৰ্গ (Xobdo.org) হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান৷ শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান। এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়।

হালনাগাদ: ২০ জুন ২০২৫ ৬৬৫ শব্দ · ৪ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

শব্দ ডট অৰ্গ (Xobdo.org) হৈছে বিশ্বৰ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ ইংৰাজী-অসমীয়া সতাঁৰ বা অনলাইন অভিধান৷১ শব্দ হৈছে প্ৰধানতঃ উত্তৰপূৰ্বাঞ্চলৰ ভাষাবোৰৰ বৰ্ণনাত্মক, বহুভাষিক আৰু বহুমাধ্যম সন্নিবিষ্ট অভিধান। এই অভিধানখন ২০০৬ চনৰ ১০ মাৰ্চত নিৰ্মাণ কৰা হয়। অভিধানখনৰ মূল প্ৰকল্পটো আৰম্ভ কৰিছিল আবু ধাবিত থকা জ্যেষ্ঠ পেট্ৰ'লিয়াম অভিযন্তা বিক্ৰম এম. বৰুৱাই। পিছলৈ বিভিন্ন ঠাইৰ ব্যক্তিয়ে এই প্ৰকল্পত অংশগ্ৰহণ কৰে আৰু স্বেচ্ছামূলকভাৱে কাম কৰি আছে।২১৩ বৰ্তমান শব্দক মুনাফাহীন অনুষ্ঠান ৰূপে ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/35 নম্বৰত পঞ্জীয়ন কৰা হৈছে আৰু গুৱাহাটী বেলতলাৰ অশোক পথৰ ২০ নম্বৰ ঘৰত ইয়াৰ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা হৈছে।৪

ভাষা আৰু শব্দৰ সংখ্যা

বৰ্তমানলৈকে অভিধানখনত উত্তৰ-পূৰ্বাঞ্চলৰ ২৩টা ভাষাক স্থান দিয়া হৈছে আৰু মূল ইংৰাজী-অসমীয়া শব্দৰ সমাৰ্থক হিচাপে আন ভাষাৰ শব্দসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। শব্দত বৰ্তমান ৩৮৪৮২টা অসমীয়া ভাষাৰ শব্দ আছে। আন ভাষাৰ ভিতৰত ডিমাছা জনগোষ্ঠী ভাষাৰ ২৯২৩ টা, কাৰ্বি জনগোষ্ঠী ভাষাৰ ২১৬৯ টা, মিতেইলন ভাষাৰ ১৬৩৭ টা, টাই জাতি ভাষাৰ ১০৬৭ টা, বড়ো ভাষাৰ ৮৩৯ টা, মিচিং জনগোষ্ঠী ভাষাৰ ৬৫৫ টা, মাৰ ভাষাৰ ৬৩৩ টা, ককবৰক ভাষাৰ ৩০৬ টা, বঙালী ভাষা ভাষাৰ ৩০৯টা শব্দ অন্তৰ্ভুক্ত কৰা হৈছে৫। ইয়াৰ বাহিৰেও খাচী ভাষা, দেউৰী জনগোষ্ঠী, বিষ্ণুপ্ৰিয়া, গাৰো , নাগামিজ, মিজু, চাকমা, আপাটানি, আও, ৰাভা জনগোষ্ঠী, তিৱা জনগোষ্ঠী, মনপা, আৰু নেপালী ভাষাৰ শব্দও বৰ্তমান অভিধানখনত কম-বেছি পৰিমাণে অন্তৰ্ভুক্ত কৰি থকা হৈছে।

কৰ্ত্তৃত্ব আৰু পৰিচালনা

অসমীয়া ভাষা-সাহিত্যৰ লগত জড়িত কোনো পণ্ডিতৰ প্ৰত্যক্ষ সহায়-সহযোগৰ অবিহনেই ১৬০০-ৰো অধিক সাধাৰণ অসমীয়াভাষীৰ বিশ্বজোৰা সহযোগিতামূলক প্ৰচেষ্টাত এই অভিধানখন গঢ় লৈ উঠিছে। বৰ্তমান ৱেবচাইটটোত দুই ধৰণৰ স্বেচ্ছাসেৱক আছে: "অৱদানকাৰী" আৰু "সম্পাদক"। এজন অৱদানকাৰীয়ে বিভিন্ন ভাষাৰ শব্দসমূহ পদ্ধতি অনুসৰি এখন অস্থায়ী পৃষ্ঠাত অন্তৰ্ভুক্ত কৰে। তাৰপিছত এজন সম্পাদকে সেই শব্দসমূহ (যদি প্ৰয়োজন হয় সম্পাদনা কৰি) মূল পৃষ্ঠাত অন্তৰ্ভুক্ত কৰে। অৱদানকাৰী এজনে নিজেই নিজৰ শব্দটো মূল পৃষ্ঠাত অন্তৰ্ভুক্ত কৰাৰ অনুমতি নাই। অভিধানখনত অন্তৰ্ভুক্ত কৰা প্ৰতিটো শব্দৰ কৰ্ত্তৃত্ব অৱদানকাৰীজনৰ নিজৰ। প্ৰতিটো শব্দৰ বিপৰীতে অৱদানকাৰীজনৰ নাম, ঠিকনা উল্লেখ কৰা হয়। ৬

উদ্দেশ্য আৰু লক্ষ্য

শব্দ ডট অৰ্গৰ প্ৰথম পৃষ্ঠা
শব্দ ডট অৰ্গৰ প্ৰথম পৃষ্ঠাছবি: Gonitpankaj · CC BY-SA 3.0

শব্দ অভিধানখনৰ উদ্দেশ্য আৰু লক্ষ্য অতি সুস্পষ্ট। বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়াভাষী ব্যক্তিসকলৰ বাবে শকত (আকাৰত) অভিধান এখন কঢ়িয়াই লৈ ফুৰা সহজ কথা নহয়। আনহাতে অসমৰ পৰা বহু হাজাৰ মাইল দূৰত থকা বহুতো অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) ব্যক্তিয়ে ব্যস্ততাৰ মাজে মাজে প্ৰায়ে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰাও দেখা যায়। কিন্তু সেইসকল ব্যক্তিয়ে প্ৰয়োজনৰ তাড়নাত এটা অসমীয়া শব্দ বিচাৰি হাবাথুৰি খাব লগা হয়। এনে এক তাড়নাই এদিন জন্ম দিলে শব্দ অভিধানখনৰ। উদ্দেশ্য, বিশ্বৰ যিকোনো প্ৰান্ততে থাকি কেই ছেকেণ্ডমানৰ ভিতৰতে অসমীয়া শব্দৰ অৰ্থ তাৰ সমাৰ্থক বা বিপৰীত শব্দৰ সন্ধান কৰা। সেয়ে শব্দৰ লক্ষ্য হ’ল সেইসকল অসমীযা ব্যক্তিৰ ওচৰলৈ অসমীয়া ভাষাক লৈ যোৱা যি মাতৃভূমিৰ পৰা আঁতৰত থাকিও নিজৰ ভাষা-সাহিত্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ থাকে। এনে কাৰণতে শব্দই কোনো নতুন শব্দ, পৰিভাষা সৃষ্টি নকৰি ভাষাটোৰ বৰ্তমান ৰূপত থকা প্ৰতিবিম্ব দাঙি ধৰিব বিচাৰে। বৰ্তমান অসমীয়া ভাষাত প্ৰচলিত অভিধানসমূহৰ ভিতৰত ‘হেমকোষ’, ‘চন্দ্ৰকান্ত অভিধান’, সুমন্ত চলিহাৰ ‘আধুনিক অসমীয়া শব্দকোষ’, প্ৰকাশন পৰিষদৰ ‘আধুনিক অসমীয়া অভিধান’ আদি সকলো অভিধানৰ লগতে বৰ্তমান সময়ত প্ৰচাৰ-মাধ্যম, কাগজ-আলোচনী, বিখ্যাত লেখক-লেখিকাৰ উপন্যাস, প্ৰবন্ধ আদিত ব্যৱহৃত শব্দবোৰক পদ্ধতি অনুসৰি ‘শব্দ’ৰ মাজত সংযোজন কৰে। বৰ্তমান অসমীয়া ভাষাত ব্যৱহৃত অভিধানসমূহৰ মাজত শব্দৰ অৰ্থ আৰু বানানৰ ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য দেখা পোৱাৰ কাৰণে ‘শব্দ’ই প্ৰতিখন অভিধানৰ পৰা শব্দবোৰ গ্ৰহণ কৰোঁতে একে অৰ্থবাচক ভিন্ন বানানৰ শব্দবোৰক বিকল্প বানান হিচাপে অন্তৰ্ভুক্ত কৰে। যাতে ব্যৱহাৰকৰ্তাই শুদ্ধ যেন লগা বানানটো গ্ৰহণ কৰিব পাৰে। অৱশ্যে কোনো শব্দ সম্পৰ্কে কোনো ব্যৱহাৰকৰ্তাৰ মনত প্ৰশ্নৰ উদ্বেগ হ’লে আলোচনা কৰিবলৈ আলোচনা পৃষ্ঠাৰো ব্যৱস্থা আছে। য’ত প্ৰতিজন সদস্যই শব্দটোৰ উৎস, ব্যৱহাৰৰ স্থান আদিৰ বিষয়ে নিজৰ মত দাঙি ধৰিব পাৰে।

অভিধানখনৰ বিভিন্ন সুবিধা

‘শব্দ’ৰ মাজতো এখন আদৰ্শ অভিধানত থাকিব লগা প্ৰায়কেইটা দিশেই দেখা পোৱা যায়। ‘শব্দ’ই অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত এখন লিখিত অভিধানত থকা সকলো দিশ ধৰি ৰাখিছে। অতিৰিক্তভাৱে শব্দৰ লগত আলোকচিত্ৰ সংযোগ কৰিব পৰা ব্যৱস্থা, ৰোমান লিপিত শব্দৰ উচ্চাৰণৰ ব্যৱস্থা, সবিশেষ অন্য তথ্য থকা ৱেবচাইট সংযোগ কৰিব পৰা ব্যৱস্থা, একে বৰ্গৰ শব্দসমূহ একেলগে চাব পৰাৰ ব্যৱস্থা আদি উল্লেখযোগ্য। ‘শব্দ’ অভিধানখনত অতিৰিক্তভাৱে ৪৪৮টা ফকৰা-যোঁজনা৭ আৰু বিশ্বকোষৰ দৰে খ্যাতনামা ব্যক্তি, স্থান, পুথি, চলচ্চিত্ৰ, জীৱ-জন্তু আদিৰ বিষয়েও সবিশেষ তথ্য অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে।৮ ‘শব্দ’ৰ মাজত শব্দ এটা গ্ৰহণ-বৰ্জন আৰু সঠিক ব্যৱহাৰৰ বাবে আলোচনা পৃষ্ঠাত অতি জনপ্ৰিয় ‘De Bono's Six Thinking Hats’ পদ্ধতি৯ অৱলম্বন কৰা হৈছে। ইয়াৰ দ্বাৰা শব্দ এটাৰ প্ৰতি সন্দেহ জাগ্ৰত হোৱা সদস্যজনে শব্দটো আলোচনাৰ বাবে পঠিয়াব পাৰে। তাৰপিছত ক্ৰমে-ক্ৰমে পদ্ধতি অনুসৰি প্ৰতিজন সদস্যই শব্দটোৰ উৎস, প্ৰাপ্তিৰ স্থান আদি উল্লেখ কৰাৰ পিছত ইয়াৰ সমাধান আগবঢ়োৱাৰ লগতে নিজৰ মত আগবঢ়াব পাৰে। সম্প্ৰতি অভিধানখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে প্ৰকাশ কৰা হৈছে।

শব্দৰ লগত জড়িত অন্যান্য আঁচনি

তথ্যসূত্ৰ

  1. ↑ The Assam Tribune, June 14, 2008
  2. ↑ প্ৰান্তিক ১ আগষ্ট ২০০৭
  3. ↑ The Assam Tribune, March 12, 2011
  4. ↑ About Xobdo.Org Society
  5. ↑ xobdo.net আহৰণ: ১৮ অক্টোবৰ, ২০১১
  6. ↑ XOBDO's Policy আহৰণ: ১৯ অক্টোবৰ, ২০১১
  7. ↑ XOBDO's Idioms / Phrase
  8. ↑ xobdo.net আহৰণ: ১৮ অক্টোবৰ, ২০১১
  9. ↑ XOBDO's Discussion Rules

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় ৱেবছাইটঅভিধান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শব্দ (অভিধান)” প্ৰবন্ধৰ সংশোধন ৫১৯৩২৬ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।