অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

সাহিত্য ডট অৰ্গ

সাহিত্য ডট অৰ্গ অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১১ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি অসমীয়া মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়।

হালনাগাদ: ১ ফেব্ৰুৱাৰী ২০২৪ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সাহিত্য ডট অৰ্গ অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১১ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি অসমীয়া মাহৰ ১ তাৰিখে আলোচনীখন প্ৰকাশ পায়।১ ফেইচবুকৰ ‘অসমীয়াত কথা-বতৰা’ নামৰ গোটটোত প্ৰকাশিত লেখাসমূহ শৃংখলাবদ্ধভাৱে সজোৱাৰ তথা উদীয়মান লেখক-লেখিকাসকলক সাহিত্য চৰ্চাৰ এখন মঞ্চ দিয়াৰ উদ্দ্যশে এই ৱেবছাইটটো মুকলি কৰা হয়২।

কৰ্তৃত্ব আৰু পৰিচালনা

অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ লগতে অসমীয়া ভাষাক বিশ্বমুখী কৰাৰ এক প্ৰচেষ্টা হিচাপে ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটত প্ৰকাশিত লেখাসমূহৰ মাজৰ পৰা নিৰ্বাচিত লেখাৰ উপৰি ইণ্টাৰনেটৰ বাহিৰৰ পৰাও অসমীয়া ভাষাৰ লেখা ইয়াত প্ৰকাশৰ ব্যৱস্থা কৰা হয়। প্ৰাৰম্ভিকভাৱে এক স্বতন্ত্ৰ অনুষ্ঠান/ৱেবছাইট হিচাপে প্ৰতিষ্ঠা হোৱা 'সাহিত্য ডট্ অৰ্গ'ক পাছলৈ 'ভাষা সাহিত্য সন্মিলনী,অসম' নামৰ সংস্থাটোৰ অন্তৰ্ভুক্ত কৰা হয় আৰু ইয়াক সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ হিচাপে ঘোষণা কৰা হয়। প্ৰতিমাহে ‘অসমীয়াত কথা-বতৰা’ গোটৰ সক্ৰিয় সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত এজনে সম্পাদক হিচাপে গোটটোত প্ৰকাশিত লিখনিসমূহৰ মাজৰ পৰা যোগ্যসমূহ নিৰ্বাচন কৰি আলোচনীখনত প্ৰকাশৰ দিহা কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কেইবাজনো অসমীয়াই আলোচনীখনৰ বিভিন্ন দিশসমূহৰ তত্ত্বাৱধান লয়৩।

উদ্দেশ্য আৰু লক্ষ্য

নতুন লেখকক উৎসাহিত কৰাৰ উদ্দেশ্যে আলোচনীখনত প্ৰকাশিত কিছুমান বিশেষ লিখনি অসমৰ কেইবাখনো কাকত-আলোচনীত প্ৰকাশৰ ব্যৱস্থা আছে।

‘সাহিত্য ডট অৰ্গ’ৰ বিভিন্ন শিতানসমূহ

সাহিত্য ডট অৰ্গৰ বিভিন্ন শিতানসমূহ হৈছে চুটিগল্প, দৈনন্দিন, ভিন্নস্বাদ, কবিতা, প্ৰবন্ধ, ৰহঘৰা, দেশে-বিদেশে, অনুবাদ সাহিত্য, শিল্প-ভাস্কৰ্য্য, ধাৰাবাহিক, স্বাস্থ্য আৰু মন, সৰিয়হ ফুল, গ্ৰন্থ-আলোচনা, বোলছবি আদি।৪২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা সাহিত্যত অসমৰ বিশিষ্ট কবি তথা অসমীয়া সাহিত্যৰ মহীৰুহ নলিনীধৰ ভট্টাচাৰ্যৰ আত্মজীৱনী ‘মৌ-সনা সোঁৱৰণি’ প্ৰকাশ হৈ আছে। উল্লেখযোগ্য যে এয়া অসমীয়া ভাষাত ইণ্টাৰনেটত প্ৰকাশিত প্ৰথম অসমীয়া আত্মজীৱনী।৫

‘সাহিত্য ডট অৰ্গ’ৰ অন্যান্য আঁচনি

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সৃষ্টিৰাজিক ইউনিক’ডলৈ ৰূপান্তৰণ ইয়াৰ অন্যতম আঁচনি। শংকৰদেৱ বিৰচিত কীৰ্তন-ঘোষা আৰু মাধৱদেৱ বিৰচিত নামঘোষাৰ ইউনিক'ড ৰূপান্তৰণেৰে ইয়াৰ সাহিত্য সংগ্ৰহালয়টি ইতিমধ্যে সমৃদ্ধ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ ইণ্টাৰনেটত অসমীয়া ভাষাৰ চৰ্চা, অসমীয়া প্ৰতিদিন, ৯ জানুৱাৰী ২০১৩, পৃষ্ঠা ১৪, লিখক: জ্যোতি প্ৰকাশ নাথ
  2. ↑ এই মাহৰ ৱেবছাইট, সাতসৰী (আলোচনী), জুলাই ২০১২, লিখক: হিমজ্যোতি তালুকদাৰ
  3. ↑ মূল পৃষ্ঠা. xahitya.org
  4. ↑ ইণ্টাৰনেটত অসমীয়া ভাষাৰ চৰ্চা, অসমীয়া প্ৰতিদিন, ৯ জানুৱাৰী ২০১৩, পৃষ্ঠা ১৪, লিখক: জ্যোতি প্ৰকাশ নাথ
  5. ↑ দৈনিক জনমভূমি, ২২ ফেব্ৰুৱাৰী ২০১৩

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় ৱেবছাইটঅনলাইন আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহিত্য ডট অৰ্গ” প্ৰবন্ধৰ সংশোধন ৪০৪১৯৫ (১ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।