আধুনিক অসমীয়া অভিধান (১৯৭৭, ইংৰাজী: Adhunik Asamiya Abhidhan) অসমীয়া ভাষাৰ এখন অভিধান৷ অভিধানখন সম্পাদনা কৰিছে ক্ৰমে মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাই৷ ইয়াৰ প্ৰকাশক হ’ল অসম প্ৰকাশন পৰিষদ৷১
বৈশিষ্ট্য
অভিধানখনৰ কেতবোৰ বৈশিষ্ট্য হ’ল১:
- বাতৰিকাকত, আলোচনী, স্কুল-কলেজৰ পাঠ্যপুথি, শিক্ষিত লোকৰ কথা-বতৰাত ব্যৱহৃত শব্দবোৰক গুৰুত্ব দিয়া৷
- বৰ্তমান সময়ত অপ্ৰচলিত শব্দবোৰ বৰ্জন কৰা৷
- কোনো বিশেষ পৃথক অৰ্থ নথকা ঐতিহাসিক আৰু ভৌগোলিক নামবোৰ বাদ দিয়া৷
- পাৰিভাষিক শব্দবোৰ পৰিশিষ্ট হিচাপে ৰখা৷
প্ৰকাশন ইতিহাস
১৯৬৩ চনত অসম প্ৰকাশ পৰিষদে সৰ্বসাধাৰণ পাঠকৰ উপযোগী সংক্ষিপ্ত অসমীয়া অভিধান এখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এখন সম্পাদনা প্ৰণয়ন সমিতি গঠন কৰে৷১ ১৯৭৭ চনত মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱাৰ সম্পাদনাত আধুনিক অসমীয়া অভিধানৰ প্ৰথম সংস্কৰণটি প্ৰকাশ পায়৷ ড੦ নেওগ ‘ভাকৰি’ শব্দলৈকে শব্দ-বাছনি, আখৰ-জোঁটনি আৰু সংজ্ঞা নিৰূপণৰ কামত জড়িত আছিল৷ পিছৰ কামখিনি বাকী দুজন সম্পাদকৰ প্ৰচেষ্টাত সম্পূৰ্ণ হয়৷ অভিধান প্ৰণয়ৰ কামত প্ৰথম অৱস্থাত বিৰিঞ্চিকুমাৰ বৰুৱাও তেওঁৰ মৃত্যুৰ আগলৈকে জড়িত আছিল৷১
তথ্যসূত্ৰ
- ↑ আধুনিক অসমীয়া অভিধান, সম্পাদক: মহেশ্বৰ নেওগ, ৰজনীকান্ত দেৱশৰ্মা আৰু নৱকান্ত বৰুৱা, অসম প্ৰকাশন পৰিষদ, প্ৰথম সংস্কৰণ ১৯৭৭, অষ্টাদশ সংস্কৰণ ২੦১১, পৃষ্ঠা ৫৩২৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিক অসমীয়া অভিধান” প্ৰবন্ধৰ সংশোধন ৪৯০০৯৭ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।