নাগামিজ (Nagamese) নাগালেণ্ডত প্ৰচলিত এটা মিশ্ৰ ভাষা (Creole)। অসমীয়া ভাষাক ভিত্তি কৰিয়েই ইয়াৰ সৃষ্টি হৈছে। তাৰ লগতে বঙালী, হিন্দী, বিভিন্ন নগা ভাষা আৰু আন আন ভাষাৰো কিছু সমলো ইয়াত দেখা যায়।১ পাঁচ লাখতকৈও বেছি নাগালেণ্ডৰ বিভিন্ন ভাষাৰ মানুহে ইয়াক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে।১ আকাশবাণী ষ্টেচনৰ লোকসকলে "নাগামিজ" (Naga+Assamese) শব্দটোৰ উদ্ভাৱন কৰে।২ যদিও নাগালেণ্ড চৰকাৰে ইংৰাজী ভাষাক ৰাজ্যভাষা হিচাপে স্বীকৃতি দিছে, প্ৰশাসনিক কাম-কাজ, বিদ্যালয়, প্ৰচাৰ মাধ্যম আদিত নাগামিজো সমানেই ব্যৱহৃত হয়।
সৃষ্টি আৰু বিকাশ
১৯৬৩ চনত পৃথক ৰাজ্য ৰূপে স্বীকৃতি পোৱাৰ পূৰ্বে নাগালেণ্ড অসমৰ এখন জিলা আছিল। আহোমৰ শাসনৰ দিনতো অসম আৰু নাগালেণ্ড অঞ্চলৰ মানুহৰ সংস্পৰ্শ ঘটিছিল। অৱশ্যে নগা জনগোষ্ঠীৰ লগত অসমীয়াৰ সম্পৰ্ক আছিল আহোমৰ দিনতে বেছি। কাৰণ ইয়াৰ আগতে চতুৰ্থ আৰু দ্বাদশ শতাব্দীৰ কামৰূপৰ হিন্দু ৰজাসকলৰ দিনত নগাসকলৰ লগত থকা অসমীয়াৰ সম্পৰ্কৰ সাক্ষ্য বুৰঞ্জীয়ে নিদিয়ে। ইতিহাসৰ এই কালছোৱাত অসমত দুই-এক নগাৰ বিচৰণ বাহিৰে কোনো শৃংখলাবদ্ধ উল্লেখ বুৰঞ্জীত পোৱা নাযায়। সেইবাবে নগাসকলৰ লগত অসমীয়াৰ সম্পৰ্ক কথা আলোচনা কৰিবলৈ হ'লে আমি আহোমৰ দিনলৈ পিছুৱাই আহিব লাগিব। হট্ৰন আৰু গেইট চাহাবৰ মতে আহোমসকলৰ প্ৰথম সান্নিধ্যলৈ অহা নগা জনজাতিটো হ'ল পূবৰ নগা জনজাতি। আহোম বুৰঞ্জীত নগা সকলৰ কথা সঘনাই পোৱা যায়। এয়োদশ শতাব্দীৰ আৰম্ভণিতেঅসমত আহোম ৰাজ্য স্থাপন কৰা আদি ৰজা চুকাফা এই নগাভূমিৰ মাজেৰেই অসমলৈ অহাৰ কথা বুৰঞ্জীত পোৱা যায়। সপ্তদশ শতিকাৰ পিনে আহোমসকলৰ লগত নগাসকলৰ সম্পৰ্ক যথেষ্ট উন্নত হোৱা পৰিলক্ষিত হয়। ইয়াৰ পৰৱৰ্তী কালছোৱাত অসমত ইংৰাজ শাসনৰ দিনটো আংগামি নগাসকলৰ বিপক্ষে ব্ৰিটিছ চৰকাৰে দমনৰ বাবে এদলৰ পাছত অন্যদল সৈন্য পঠোৱাৰ কথা মিলৰ ৰিপ'ৰ্টত আছে। তনাপি ঠায়ে ঠায়ে নগাসকলৰ লগত সুন্দৰ সম্মন্ধৰ কথাপোৱা যায়।৩ এই সমগ্ৰ অঞ্চলৰ এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজনতে নাগামিজ গঢ় লৈ উঠা বুলি ভবা হয়।৪
কোনো কোনোৰ মতে দ্বিতীয় ভাষা হিচাপে অসমীয়া ভাষা বা বঙালী ভাষাৰ আয়ত্তত খুঁত ৰৈ যোৱাৰ ফলতো নাগামিজৰ উদ্ভৱ হ'ব পাৰে।৪ ১৯৩৬ চনতে নাগামিজ ভালদৰে গঢ় লৈ উঠাৰ প্ৰমাণ পোৱা গৈছে।৪
নাগামিজৰ ১৮টা উপভাষা দেখিবলৈ পোৱা যায়।৪ সেইসমূহৰ শব্দবোৰ একেই, কিন্তু ৰূপ-বিন্যাস বেলেগ বেলেগ। সেইসমূহক তিনিটা ভাগত ভগাব পাৰি:
- দক্ষিণ: আংগামি, কছাৰী, জেমি, লিয়াংমেই, ৰংমেই, ৰেংমা, চেমা, খেজা, চ'ক্ৰি, মাঅ'।
- উত্তৰ: কন্যাক, চাংটাম, ফ'ম, চাং আৰু খিয়াংগান।
- মধ্য: আঅ', ল'থা, য়িম্চুংগাৰ।
ভাষাতত্ত্ব
নাগামিজত দুটা ফলা, দুটা কাল, তিনিটা দৃশ্যগত বৈশিষ্ট্য আছে, কোনো পুৰুষ নাই। ইয়াৰ বেছিভাগ শব্দৰে অসমীয়া ভাষাৰ লগত মিল আছে, কিন্তু ধ্বনিসমূহৰ নগা ভাষাবোৰৰ লগতেহে মিল বেছি। সংস্কৃত তৎসম শব্দৰ সৰলীকৰণ, শব্দৰ অসম্পূৰ্ণ উচ্চাৰণ আদি বৈশিষ্ট্যও ইয়াত দেখিবলৈ পোৱা যায়।২৪
- নাগামিজ ভাষাত ছটা স্বৰবৰ্ণ আৰু তেইশটা ব্যঞ্জনবৰ্ণ পোৱা যায়।
- অসমীয়া ভাষাৰ দৰে নগামিজতো দুটা বচন আছে- একবচন, বহুবচন।
- নাগামিজত বিপৰীতাৰ্থ বুজাবৰ বাবে বাক্যৰ মাজত 'কিন্তু' ব্যবহাৰ কৰা হয়।
- বচন, লিংগ আৰু কাৰক অনুসৰি বিশেষ্য সলনি হয়। লিংগভেদে কৰিবলৈ মোতা, মাইকী শব্দ দুটা বিশেষ্য শব্দৰ আগত প্ৰয়োগ হয়।৩
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Naga Pidgin-A language of India. Ethnologue
- ↑ Dr. Bhim Kanta Baruah. Nagamese:The common language in Nagaland. Dibrugarh University
- ↑ অসমৰ ভাষা, সম্পাদক: ভীমকান্ত বৰুৱা, ষষ্ঠ সংস্কৰণ, পৃষ্ঠা: ১৯৮-২০৫
- ↑ Review of Dwijen Bhattacharjya's "Nagamese: Pidgin, Creole or Creoloid?. Multilingual Education in South/Southeast Asia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাগামিজ” প্ৰবন্ধৰ সংশোধন ৪০৮২৪২ (২৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।