অসমৰ চিকিৎসা মহাবিদ্যালয়
১৮ প্ৰবন্ধ
-
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় গুৱাহাটীৰ নৰকাসুৰ পাহাৰত অৱস্থিত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় আৰু সংলগ্ন বৃহৎ শিক্ষণ-চিকিৎসালয়। ১৯৬০ চনত অসম চৰকাৰে স্থাপন কৰা এই প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত স্বাস্থ্য শিক্ষা আৰু স্বাস্থ্যসেৱা—দুয়ো ক্ষেত্ৰতেই…
-
অসম চিকিৎসা মহাবিদ্যালয়
অসম চিকিৎসা মহাবিদ্যালয় অসমৰ পূব প্ৰান্তৰ পুৰণি চিকিৎসা শিক্ষাপ্ৰতিষ্ঠানসমূহৰ অন্যতম, যি ডিব্ৰুগড় নগৰৰ বৰবাৰী অঞ্চলত অৱস্থিত। ৩ নৱেম্বৰ ১৯৪৭ তাৰিখে বেৰী-হোৱাইট মেডিকেল স্কুল উন্নীত হৈ এই মহাবিদ্যালয় ৰূপে আনুষ্ঠানিকভাৱে উদ্বোধিত হয়।
-
যোৰহাট চিকিৎসা মহাবিদ্যালয়
যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
-
শিলচৰ চিকিৎসা মহাবিদ্যালয়
শিলচৰ চিকিৎসা মহাবিদ্যালয় অসম চৰকাৰে ১৯৬৮ চনত কাছাৰ জিলাৰ শিলচৰত প্ৰতিষ্ঠা কৰে। এইখন অসমৰ বৰাক উপত্যকাৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়। শিলচৰ চিকিৎসা মহাবিদ্যালয়ে অসমৰ লগতে মিজোৰাম, উত্তৰ ত্ৰিপুৰা, পশ্চিম মণিপুৰ আৰু দক্ষিণ মেঘালয়ক সেৱা আগবঢ়ায়।
-
বৰপেটা চিকিৎসা মহাবিদ্যালয়
বৰপেটা চিকিৎসা মহাবিদ্যালয় (Barpeta Medical College & Hospital) অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত।
-
তেজপুৰ চিকিৎসা মহাবিদ্যালয়
তেজপুৰ চিকিৎসা মহাবিদ্যালয় (Tezpur Medical College & Hospital) হৈছে অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়। অসমৰ তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনত এই মহাবিদ্যালয়খন উদ্বোধন কৰে।
-
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Tinsukia Medical College & Hospital) অসমৰ তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৪ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী বা চমুকৈ এইম্ছ গুৱাহাটী অসমৰ কামৰূপ জিলাৰ চাংসাৰিত অৱস্থিত এখন ৰাজহুৱা চিকিৎসা প্ৰতিষ্ঠান। ২০১৭ চনৰ ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল।
-
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় (Bongaigaon Medical College) অসমৰ বঙাইগাঁও জিলাত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৬ বৰ্ষৰ ২১ আগষ্টত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে এই মহাবিদ্যালয়খনক ১০০গৰাকী এম.বি.বি.এছ.
-
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ( Kokrajhar Medical College and Hospital) অসমৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
কৰ্মচাৰী ৰাজ্য বীমা নিগম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা
কৰ্মচাৰী ৰাজ্য বীমা নিগম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা বা ই.এছ.আই.চি. চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, বেলতলা অসমৰ গুৱাহাটীৰ বেলতলা অঞ্চলত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়।
-
ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়
ডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয় অসমৰ পূব কাৰ্বি আংলং জিলাৰ ডিফুত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০১৯ চনৰ ২৫ নৱেম্বৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ সপ্তম চিকিৎসা মহাবিদ্যালয়।
-
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Dhubri Medical College and Hospital) অসমৰ ধুবুৰী জিলাৰ ধুবুৰী চহৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২২ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
নগাঁও চিকিৎসা মহাবিদ্যালয়
নগাঁও চিকিৎসা মহাবিদ্যালয় (Nagaon Medical College and Hospital অসমৰ নগাঁও জিলাৰ মহখুলিত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। মহাবিদ্যালয়খনে ২০২৩ চনৰ পৰা কাৰ্যক্ষমতা আৰম্ভ কৰাৰ অনুমতি লাভ কৰে।
-
নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Nalbari Medical College and Hospital) অসমৰ নলবাৰী জিলাৰ নলবাৰীত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৩ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে।
-
প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Pragjyotishpur Medical College & Hospital) অসমৰ গুৱাহাটীত অৱস্থিত চতুৰ্দশ চৰকাৰী চিকিৎসা মহাবিদ্যালয়।২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা চিকিৎসা মহাবিদ্যালয়খন বহিঃ বিভাগৰ আৰম্ভণিৰ দ্বাৰা কাৰ্যক্ষম হয়।মহাবিদ্যালয়খনে ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা…
-
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Lakhimpur Medical College and Hospital) অসমৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২১ চনৰ ১ অক্টোবৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ অষ্টম চিকিৎসা মহাবিদ্যালয়।
-
মৰিগাঁও চিকিৎসা মহাবিদ্যালয়
মৰিগাঁও চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ মৰিগাঁও জিলাৰ বঘৰাত নিৰ্মাণ হ'বলগীয়া এখন প্ৰস্তাৱিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়।