যোৰহাট
১০ প্ৰবন্ধ
-
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় অসমৰ যোৰহাট চহৰত অৱস্থিত এক ঐতিহাসিক উচ্চশিক্ষা প্ৰতিষ্ঠান, যাৰ আৰম্ভণি ১৯৩০ চনত উজনি অসমৰ প্ৰথম মহাবিদ্যালয় হিচাপে হৈছিল। দীৰ্ঘকাল ধৰি মহাবিদ্যালয় ৰূপে শিক্ষাদান কৰাৰ পাছত ই বিশ্ববিদ্যালয়লৈ উন্নীত হয় আৰু মান-নিৰ্ণায়ন ব্যৱস্থাত NAAC-ৰ A গ্ৰেড লাভ কৰিছে।
-
যোৰহাট বিমানবন্দৰ
যোৰহাট বিমানবন্দৰ অসমৰ যোৰহাট জিলাত অৱস্থিত এটা অসামৰিক আৰু ভাৰতীয় বায়ু সেনাৰ দ্বৈত ব্যৱহাৰৰ বিমানবন্দৰ। যোৰহাট নগৰৰ পৰা প্ৰায় ৭ কিমি দক্ষিণ-পশ্চিমে থকা এই বিমানবন্দৰটো ৰৰৈয়া বিমানবন্দৰ নামেও জনাজাত আৰু দ্বিতীয় বিশ্বযুদ্ধকালীন কৌশলগত প্ৰয়োজনৰ পটভূমিত গঢ় লৈ উঠিছিল।
-
অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি-শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।
-
যোৰহাট জিমখানা ক্লাব
যোৰহাট জিমখানা ক্লাব (Jorhat Gymkhana Club) হৈছে যোৰহাট জিলাত অৱস্থিত এটা ক্লাব। ১৮৭৬ চনত চেকনীধৰা গাঁৱত এই ক্লাবটো প্ৰতিষ্ঠা কৰা হৈছিল। স্থাপন হোৱা বছৰৰ পৰাই ইয়াত নিয়মীয়াকৈ ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে।
-
যোৰহাট চিকিৎসা মহাবিদ্যালয়
যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
-
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৫৫ চনত স্থাপিত এই মহাবিদ্যালয়খন উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়।
-
যোৰহাট মহাবিদ্যালয় (একত্ৰিত)
যোৰহাট মহাবিদ্যালয় (একত্ৰিত) (Jorhat College(Amalgamated)) যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেৱল কলা শাখাৰ এখন স্নাতক মহাবিদ্যালয়। ইয়াত ছাত্ৰ-ছাত্ৰী উভয়ৰে পঢ়াৰ সুবিধা আছে।
-
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
-
বঙাল পুখুৰী
বঙাল পুখুৰী (Bangal Pukhuri) হৈছে অসমৰ যোৰহাট জিলাত অৱস্থিত এটা ঐতিহাসিক পুখুৰী। এই পুখুৰীটো যোৰহাট নগৰৰ দক্ষিণত ন-আলিৰ ওচৰত অৱস্থিত।
-
যোৰহাট ষ্টেডিয়াম
যোৰহাট ষ্টেডিয়াম (Jorhat Stadium) হৈছে অসমৰ আটাইতকৈ পুৰণি বহুমুখী ষ্টেডিয়াম। ই অসমৰ যোৰহাট চহৰত অৱস্থিত। ষ্টেডিয়াম খনত অত্যাধুনিক পকী গেলেৰীৰ লগতে মৃণ্ময় গেলেৰীও আছে। এই ষ্টেডিয়ামখন ১৯৫০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পুৰণি মৃণ্ময় গেলেৰী সমূহৰ ডিজাইন স্বৰ্গীয় অবনী মোহন চৌধুৰীয়ে কৰিছিল।