অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যাদৱ পায়েং

যাদৱ পায়েং (Jadav Payeng) অসমৰ এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেওঁৰ উপনাম। তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ৫৮৮ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

যাদৱ পায়েং (Jadav Payeng) অসমৰ এগৰাকী পৰিৱেশ কৰ্মী।১ মুলাই তেওঁৰ উপনাম। তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে।২ ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ।২৩ ১৯৮০ চনত৪ তেওঁ অৰণ্য সৃষ্টিৰ অভিযান আৰম্ভ কৰে। বৰ্তমান সেই অৰণ্যত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী দেখা যায়। কেইবিধমান মূল্যবান উদ্ভিদ হ'ল: অৰ্জুন, এজাৰ, গোলমোহৰ, কৰৈ, মজ, শিমলু আদি। প্ৰাণীৰ ভিতৰত গঁড়, ঢেঁকীয়াপতীয়া বাঘ, হৰিণা, বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই, শগুন আদিয়েই প্ৰধান।৫৬৭ নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ‘ভাৰতৰ অৰণ্য মানৱ’ (ফৰেষ্ট মেন অৱ ইণ্ডিয়া) উপাধি প্ৰদান কৰিছে।২ ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।৮

কৰ্ম জীৱন

১৯৭৯ চনত ষোল্ল বছৰ বয়সত যাদৱ পায়েঙে বানপানীয়ে উটুৱাই অনা বহু সাপ মৃত্যুমুখত পৰা প্ৰত্যক্ষ কৰে আৰু অন্তৰত দুখ পায়। ১৯৮০ চনত গোলাঘাট জিলাৰ বন বিভাগে ককিলামুখৰ পৰা ৫ কিলোমিটাৰ দূৰত ঔনামুখ চাপৰিৰ ২০০ হেক্টৰ অঞ্চলত বৃক্ষৰোপণৰ আঁচনি গ্ৰহণ কৰে। পাঁচ বছৰত সম্পূৰ্ণ হোৱা এই প্ৰকল্পত মুলাইও আছিল এজন কৰ্মী। প্ৰকল্প শেষ হোৱাৰ পিছত আনবোৰ কৰ্মী গুছি গ'লেও মুলাইয়ে অধিক গছ ৰোৱা আৰু সেইবোৰৰ চোৱা-চিতা কৰা কাম আৰম্ভ কৰে।

এতিয়া 'মুলাই কাঠনিবাৰী' নামৰে জনা যোৱা হাবিখনত ঢেঁকীয়াপতীয়া বাঘ, এশিঙীয়া গঁড়, এশৰো অধিক হৰিণা, শহাপহু, বান্দৰ আৰু অনেক প্ৰজাতিৰ চৰাই আছে।৩ তাত থকা কেইবাহাজাৰো গছৰ ভিতৰত শিমলু, বাঁহ, শিশু, ডিমৰু, ভেলকৰ, অৰ্জুন, এজাৰ, বগৰী, গমাৰি, সোণাৰু, কৃষ্ণচূড়া, চেগুন আদি প্ৰধান। ৫৫০ হেক্টৰজুৰি কেৱল বাঁহ গছেই আছে।৯

১০০টা হাতীৰ এটা জাক প্ৰতিবছৰে হাবিখনলৈ আহে আৰু প্ৰায় ছমাহমান সময় থাকে। যোৱা কেইটামান বছৰত হাবিখনত জাকটোৰ ১০টা পোৱালিও জন্ম হৈছে।৯ ২০০৮ চনত হাতীৰ এটা জাকে হাবিখনৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ দূৰৰ ঔনাচাপৰি গাঁৱত সম্পত্তিৰ হানি কৰিছিল আৰু সেই হাতীজাকৰ সন্ধান কৰোঁতেই বন বিভাগে এই হাবিখনৰ কথা জানিবলৈ পায়।৯

কেইবছৰমান আগতে চোৰাং চিকাৰীয়ে হাবিখনত থকা গঁড় হত্যা কৰিবলৈ চেষ্টা চলায় যদিও মুলাইয়ে বন বিষয়াক এই কথা জনায়। বন বিষয়া আহি চোৰাং চিকাৰীয়ে পাতি থোৱা বিভিন্ন বস্তু জব্দ কৰে।৯

যাদৱ পায়েঙে হাবিখনৰ চোৱা-চিতা আৰু ভালকৈ কৰিবলৈ আৰু অসমৰ আন ঠাইত এনে কাম আৰম্ভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ নদৰ আন এটা চাপৰিতো গছ ৰোৱা তেওঁৰ আন এটা লক্ষ্য।১০১১

ব্যক্তিগত জীৱন

'মুলাই অৰণ্য'তে পঁজাঘৰ সাজি পত্নী বিনীতা পায়েং, দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে মিচিং জনগোষ্ঠীয় যাদৱ পায়েঙে বাস কৰে।৩ গৰু আৰু ম'হৰ গাখীৰ বিক্ৰী কৰাই তেওঁৰ একমাত্ৰ জীৱিকা।৩ শেহতীয়া সাক্ষাৎকাৰ এটাত তেওঁ কয় যে তেওঁৰ প্ৰায় ১০০টা মান গৰু আৰু ম'হ বাঘে বধ কৰিছে। কিন্তু ইয়াৰ বাবে তেওঁ হাবি-বন ধ্বংস কৰা মানুহকহে দোষাৰোপ কৰে।১০

সন্মান আৰু স্বীকৃতি

ৰ পৰা পদ্মশ্ৰী সন্মান গ্ৰহণ কৰাৰ মুহূৰ্ত]]

  • ২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ পৰিবেশ বিজ্ঞান বিভাগে যাদৱ পায়েঙক সন্মান জনাবলৈ এখন জনসভাৰ আয়োজন কৰে। সেইদিনা তেখেতে বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰে। ৰমন মেগছেছে বঁটা বিজয়ী, জলমানৱ ৰূপে খ্যাত ৰাজেন্দ্ৰ সিং আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে অংশ লোৱা এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত পায়েঙে তেখেতৰ অভিজ্ঞতাৰ বৰ্ণনা কৰে। এই অনুষ্ঠানতে উপাচাৰ্য সোপোৰিয়ে তেখেতক 'ভাৰতৰ অৰণ্য মানৱ' (Forest man of India) আখ্যা দিয়ে।১২
  • ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।৮
  • ২০২০ চনত যাদৱ পায়েঙক ১২৮ সংখ্যক "কমনৱেলথ পইণ্টছ্ অৱ লাইট এৱাৰ্ড" বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। পৰিৱেশ সুৰক্ষালৈ আগবঢ়োৱা স্বেচ্ছামূলক অৱদানৰ বাবে ৰাণী দ্বিতীয় এলিজাবেথে তেওঁক এই স্বীকৃতি দিয়ে। ১১ মাৰ্চত হ'বলগীয়া এক অনুষ্ঠানত ব্ৰিটিছ উপ-উচ্চায়ুক্ত লিক্ লয়ে তেখেতক এই সন্মান প্ৰদান কৰিব।১৩

মেক্সিকোত বৃক্ষৰোপণ

২০২০ চনৰ ডিচেম্বৰত যাদৱ পায়েঙে মেক্সিকোৰ 'আজটেকা'১৪নামৰ বেচৰকাৰী সংস্থা এটাৰ সৈতে এখন বিশেষ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি পায়েঙৰ সহযোগিতাত উত্তৰ আমেৰিকাৰ মেক্সিকো দেশৰ আঠ লাখ হেক্টৰ ভূমিত সত্তৰ লাখ গছপুলি ৰোৱাৰ সিদ্ধান্ত লোৱা হয়। ২০২১ চনত যাদৱ পায়েঙক মেক্সিকো চৰকাৰে দহবছৰৰ বাবে ভিছা প্ৰদান কৰে। বিশেষ কৰ্মটো সম্পাদন কৰাৰ উদ্দেশ্যেৰে পায়েঙে ২০২১ চনত মেক্সিকোলৈ তিনিমাহৰ বাবে গমন কৰিব। এই বিদেশ-যাত্ৰা বছৰেকীয়া হ'ব। মেক্সিকোৰ পৰিৱেশ আৰু জলবায়ু ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহতহে গছ ৰোৱাৰ বাবে অনুকূল। পায়েঙৰ এই কৰ্মত দেশখনৰ এক লাখ শিক্ষাৰ্থীয়ে প্ৰতি দিনাই অংশগ্ৰহণ কৰিব।১৫ এই সন্দৰ্ভত পায়েঙে কয় যে, “The Mexico government has provided me visa for 10 years. I shall be in Mexico for three months every year -- September, October and November -- That time is suitable to plant trees in Mexico. I will have to involve myself with one lakh students per day for the massive plantation drive.” পায়েঙে অসমৰ পৰা মেক্সিকোত ৰুবৰ বাবে তামোল আৰু নাৰিকলৰ পুলি লৈ যাব।১৬

জনপ্ৰিয় মাধ্যমত

যাদৱ পায়েঙৰ জীৱন আৰু কৰ্ম-আধাৰিত এখনি সচিত্ৰ ইংৰাজী ভাষাৰ গ্ৰন্থ ২০১৯ চনৰ ১৫ মাৰ্চত প্ৰকাশ হৈ ওলায়। গ্ৰন্থখনৰ নাম হৈছে 'The Boy who grew a forest: The True Story of Jadav Payeng' (অৰণ্য গঢ়া ল'ৰাজন: যাদৱ পায়েঙৰ সঁচা কাহিনী)। শিশু-কিশোৰৰ বাবে যুগুতোৱা এই বিশেষ গ্ৰন্থখনৰ লেখিকা হৈছে ছ'ফিয়া গোলজ্ (Sophia Gholz)।১৭ ৩২ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ ভিতৰৰ ছবিসমূহ আঁকিছে কায়লা হাৰেনে। গ্ৰন্থখনে কেইবাটাও পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰে ভিতৰত ফ্লৰিডা ষ্টেট বুক বঁটা (সোণৰ পদক), গ্ৰীণ আৰ্থ বুক বঁটা, ইউৰেকা অকাহিনীমূলক শিশু গ্ৰন্থৰ সন্মান আদি প্ৰধান। গ্ৰন্থখনে পাঠক-সমালোচকৰ পৰাও ইতিবাচক মন্তব্য লাভ কৰে। আমেৰিকান আলোচনী "বুকলিষ্ট"-এ কয় যে, “পায়েঙৰ কাহিনীটো স্বতঃস্ফূৰ্ততাৰে কোৱা হৈছে আৰু সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। পাঠকসকলে কিতাপখনৰ জৰিয়তে নিজস্ব দৃঢ়তাৰ শক্তিৰ উমান পাব।” (“Payeng’s story is eloquently told and beautifully illustrated. It will inspire readers to recognize the power of individual determination…”)</small>।১৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jadav Molai Payeng – the 'Forest Man of India', কাৰেণ্ট চায়েন্স, ২৫ ফেব্ৰুৱাৰী ২০১৪
  2. ↑ ঘাটৰ সিপাৰৰ কাঠনিবাৰী, লিখক: হেমন্ত ফুকন, দা চানডে ইণ্ডিয়ান ৱেবছাইট
  3. ↑ Indian Man, Jadav "Molai" Payeng, Single-Handedly Plants A 1,360 Acre Forest In Assam. huffingtonpost.com
  4. ↑ zeenews.india.com/news/eco-news/man-creates-fore
  5. ↑ zeenews.india.com/news/eco-news/man-creates-fore
  6. ↑ timesofindia.indiatimes.com/home/sunday-toi/spec
  7. ↑ আৰ্কাইভ কপি
  8. ↑ Padma Awards 2015. Press Information Bureau
  9. ↑ Man creates forest single-handedly on Brahmaputra sand bar. The Asian Age
  10. ↑ (2012-08-03). One of the Greatest Achievements of the Human Race – Jadav Payeng. Ajith Kumar. CC
  11. ↑ Real Eco Heroes | ecotourismsocietyofnortheast. Ecotourismsociety.in
  12. ↑ আৰ্কাইভ কপি
  13. ↑ (৪-৩-২০২০). যাদৱ পায়েঙলৈ কমনৱেলথ পইণ্টছ অৱ লাইট এৱাৰ্ড. নিয়মীয়া বাৰ্তা. পৃ. ১,১২
  14. ↑ www.news18.com/news/india/forest-man-of-india-st
  15. ↑ Nath, Hemanta Kumar. (10th June, 2021). India's 'Forest Man' Jadav Payeng is on a new mission to make Mexico greener
  16. ↑ আৰ্কাইভ কপি
  17. ↑ www.onlypicturebooks.com/2019/03/18/the-boy-who-
  18. ↑ www.sophiagholz.com/the-boy-who-grew-a-forest

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিমিচিং জনগোষ্ঠীৰ ব্যক্তিঅসমৰ অৰণ্যসেৱকপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যাদৱ পায়েং” প্ৰবন্ধৰ সংশোধন ৬৩৪৪১২ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।