অসমৰ অৰণ্যসেৱক
৮ প্ৰবন্ধ
-
মহীচন্দ্ৰ মিৰি
মহীচন্দ্ৰ মিৰি (জন্ম: ১৯০২ - মৃত্যু: ১৯৩৯) অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক ( চীফ কন্জাৰভেটৰ অব ফৰেষ্টচ)আছিল (প্ৰায় ১৯৩৫ চনত)। অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ডেকাজনে সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল।
-
যাদৱ পায়েং
যাদৱ পায়েং (Jadav Payeng) অসমৰ এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেওঁৰ উপনাম। তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে।
-
ৰবীন বেনাৰ্জী
ৰবীন বেনাৰ্জী (Robin Banerjee; ১২ আগষ্ট, ১৯০৮ – ৬ আগষ্ট, ২০০৩) অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
-
পূৰ্ণিমা দেৱী বৰ্মন
পূৰ্ণিমা দেৱী বৰ্মন (Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
মনোজ গগৈ
মনোজ গগৈ (Manoj Gogoi, জন্ম: ৪ জানুৱাৰী ১৯৭৫) এগৰাকী ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী পুনৰসংস্থাপনবিদ। তেওঁ বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৫০০০তকৈ অধিক প্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কৰিছে।
-
কাশ্মীৰা কাকতি
কাশ্মীৰা কাকতি (Kashmira Kakati) হ'ল ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত কাম কৰা এগৰাকী বন্যপ্ৰাণী জীৱবিজ্ঞানী আৰু পৰিৱেশ কৰ্মী। ২০১০ চনত তেওঁ অসমৰ জয়পুৰ-দিহিং অভয়াৰণ্যত মেকুৰী পৰিয়ালৰ অন্তৰ্গত সাতবিধ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণীৰ উপস্থিতি আৱিষ্কাৰ কৰাৰ কথা ঘোষণা কৰিছিল।
-
বিভূতি লহকৰ
বিভূতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী (Ecologist)। তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নল গাহৰিৰ বিস্তৃতি অধ্যয়ন।
-
মহেশ্বৰ বসুমতাৰী
মহেশ্বৰ বসুমতাৰী অসমৰ এগৰাকী প্ৰকৃতিবিদ। বৰ্তমান তেওঁ ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (Wildlife Trust of India)ৰ 'International Fund for Animal Welfare'ৰ মানাহৰ সংৰক্ষণ প্ৰকল্প (Greater Manas Conservation Project)ত জন্তুৰ তত্ত্বাবধায়ক (animal keeper) হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।