মিচিং জনগোষ্ঠীৰ ব্যক্তি
২৪ প্ৰবন্ধ
-
ইন্দিৰা মিৰি
ইন্দিৰা মিৰি (Indira Miri) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল।
-
তৰুণ চন্দ্ৰ পামেগাম
তৰুণ চন্দ্ৰ পামেগাম (Tarun Chandra Pamegam, মিচিং: Torun Sondro Pa:megam জন্মঃ ১৬ আগষ্ট ১৯২৪) অসমীয়া তথা মিচিং ভাষাত ৰচনা কৰা এগৰাকী কবি, নাট্যকাৰ, ঔপন্যাসিক, গল্পকাৰ, শিল্পী, অভিনেতা, নাট পৰিচালক, মিচিং ভাষাবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংগঠক আৰু শিক্ষাবিদ।
-
মহীচন্দ্ৰ মিৰি
মহীচন্দ্ৰ মিৰি (জন্ম: ১৯০২ - মৃত্যু: ১৯৩৯) অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক ( চীফ কন্জাৰভেটৰ অব ফৰেষ্টচ)আছিল (প্ৰায় ১৯৩৫ চনত)। অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ডেকাজনে সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল।
-
যাদৱ পায়েং
যাদৱ পায়েং (Jadav Payeng) অসমৰ এগৰাকী পৰিৱেশ কৰ্মী। মুলাই তেওঁৰ উপনাম। তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছিল। এই ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে 'মুলাই কাঠনি' নামেৰে নামকৰণ কৰা হৈছে।
-
জীৱন নৰহ
জীৱন নৰহ অসমৰ এজন কবি-ঔপন্যাসিক,শিক্ষক তথা সমাজ কৰ্মী। তেওঁ ১৯৭০ চনত গোলাঘাট জিলাৰ গেলাবিল নদীৰ পাৰত অৱস্থিত মৰঙিয়াল গাঁৱত জন্ম গ্ৰহণ কৰে। তেওঁৰ কবিতাসমূহ দেশী-বিদেশী বহু ভাষালৈ অনুবাদ হৈছে আৰু ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় কবিতা উৎসৱ সমূহতো ভাগ লৈ আহিছে।
-
মৃণাল মিৰি
ড॰ মৃণাল মিৰি (Mrinal Miri; জন্ম: ১ আগষ্ট, ১৯৪০) এগৰাকী ভাৰতীয় দাৰ্শনিক আৰু শিক্ষাবিদ। তেওঁৰ পিতৃ মহীচন্দ্ৰ মিৰি আৰু মাতৃ ইন্দিৰা মিৰি। শিক্ষাৰ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ড॰ মৃণাল মিৰিক ৰাজ্যসভালৈ মনোনীত কৰিছে।
-
ভৃগুমুনি কাগয়ুং
ভৃগুমুনি কাগয়ুং (১৯৩৪-২০১১) এগৰাকী অসমীয়া সাহিত্যিক। তেখেতৰ জন্ম হয় ১৯৩৪ চনত শিৱসাগৰ জিলাৰ দিখৌমুখৰ আলিমুৰ মিচিং গাঁৱত।
-
অঞ্জনা পেগু
অঞ্জনা পেগু মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী শ্বহীদ।
-
গংগামোহন মিলি
গংগামোহন মিলি (ইংৰাজী:Gongamohan Mili) একবিংশ শতিকাৰ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী অন্যতম বিশিষ্ট আৰু প্ৰতিভাশালী কবি। তেওঁ মূলত নিজৰ সুকীয়া কাব্যশৈলী আৰু সমাজ সচেতনতামূলক লিখনীৰ বাবে পৰিচিত।
-
টাবু টাইড
টাবু ৰাম টাইড (Tabu Ram Taid) (১ আগষ্ট ১৯৪২ - ১৭ আগষ্ট ২০১৯) এগৰাকী ভাষাতত্ববিদ, লেখক, শিক্ষাবিদ আৰু শিক্ষা প্ৰশাসক। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি এখেতে উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈছে। মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও এখেতে চেষ্টা কৰিছিল।
-
তৰাৱতী মিলি বড়ি
তৰাৱতী বড়ি (জন্ম: ১৬ এপ্ৰিল ১৯৫০) হৈছে এগৰাকী অসমীয়া লোক-কণ্ঠশিল্পী। তেওঁ অসমৰ অন্যতম পৰম্পৰাগত সংগীত মিচিং ভাষাৰ ঐনিতম পৰিবেশন কৰে। তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোক-সংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছে।
-
নৰেশ টাইড
নৰেশ টাইড মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী মহান শ্বহীদ।
-
আইকণ মিলি
আইকণ মিলি (ইংৰাজী: Aikon Mili) অসমৰ তথা মিচিং জনগোষ্ঠীৰ এগৰাকী মহিলা বক্সাৰ। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছে।
-
কমলা মিৰি
কমলা মিৰি ওৰফে কমলা লুইং (? -২২ এপ্ৰিল ১৯৪৩) অসমৰ মিচিং সম্প্ৰদায়ৰ এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। কমলা মিৰিৰ ঘৰ আছিল গোলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ ওপৰটেমেৰা গাঁৱত।
-
ধৰ্ম কান্ত মিলি
ধৰ্ম কান্ত মিলি (ইংৰাজী: Dharma Kanta Mili) অসম লোকসেৱা আয়োগ (ACS)ৰ এগৰাকী জ্যেষ্ঠ তথা সুদক্ষ প্ৰশাসনিক বিষয়া, ক্ৰীড়াবিদ (ফুটবল খেলুৱৈ) আৰু অসমীয়া সুলেখক।
-
বগা মেদক
বগা মেদক মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী শ্বহীদ।
-
যতিন মিপুন
যতীন মিপুন (Jatin Mipun) এজন লেখক আৰু ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমজন মিচিং জনগোষ্ঠীৰ লোক আছিল। 'মিক্চিজিলি' (Miksijili) শীৰ্ষক উপন্যাস খনৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধাৰী বঁটা লাভ কৰিছিল।
-
শকুন্তলা দলে গামলিন
শকুন্তলা দলে গামলিন (Shakuntala Doley Gamlin) এগৰাকী অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (Arunachal Pradesh-Goa-Mizoram-Union territory- AGMUT) কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ বাধাগ্ৰস্ত ব্যক্তিৰ সৱলীকৰণ বিভাগৰ সচিব হিচাপে কৰ্মৰত।
-
গজেন নৰহ
গজেন নৰহ (ইংৰাজী: Gajen Narah) মিচিং আৰু অৰুণাচলৰ আদি জনগোষ্ঠীৰ ভাষাৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। গজেন নৰহে সংগীতৰ মাধ্যেমেৰে অসম আৰু অৰুণাচলৰ সাংস্কৃতিক এনাজৰী শক্তিশালী কৰি গৈছে।
-
নাহেন্দ্ৰ পাদুন
নাহেন্দ্ৰ পাদুন (ইংৰাজী: Nahendra Padun): অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, ভাষাতত্ত্ববিদ আৰু সমালোচক। তেখেতে অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ লগতে মিচিং ভাষা, সাহিত্য-সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰত অৰিহণা যোগাইছে।
-
সৃষ্টি ৰাণী টাইড
সৃষ্টি ৰাণী টাইড (ইংৰাজী: Srishti Rani Taid) এগৰাকী বহুভাষিক লেখিকা, কবি, গীতিকাৰ, সুৰকাৰ আৰু যুৱ বক্তা। সৃষ্টি ৰাণীয়ে মিচিং, অসমীয়া ভাষাৰ লগতে অন্যান্য ভালেমান দেশী-বিদেশী ভাষাত সাহিত্য চৰ্চা কৰি বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
-
সোণাৰাম পাঞাং কটকী
সোণাৰাম পাঞাং কটকী (১৮৮৫ – ২০ অক্টোবৰ ১৯৫২) এগৰাকী মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
-
তৰুলতা কুটুম
তৰুলতা কুটুম হৈছে এগৰাকী অসমৰ মিচিং সমাজৰ গায়িকা, সুৰকাৰ, গীতিকাৰ আৰু অভিনেত্ৰী। তেওঁ মিচিং ভাষাত গান, বিশেষকৈ পৰম্পৰাগত ঐনিতম শৈলী জনপ্ৰিয় কৰাৰ বাবে জনাজাত। তেওঁৰ সংগীতত অসমীয়া আধুনিক সংগীতৰ ধাৰা আৰু মিচিং লোকসংগীতৰ সংমিশ্ৰণ দেখা যায়।
-
প্ৰণৱ দলে
প্ৰণৱ দলে (ইংৰাজী: Pranab Doley) অসমৰ এগৰাকী বিশিষ্ট যুৱ ৰাজনীতিবিদ, সমাজকৰ্মী আৰু কৃষক আন্দোলনৰ সক্ৰিয় নেতা। তেওঁ মানৱ অধিকাৰ আৰু খিলঞ্জীয়া লোকৰ ভূমি আৰু বন অধিকাৰৰ বাবে মাত মাতি আহিছে।