এজাৰ বা আজাৰ (বৈজ্ঞানিক নাম: Lagerstroemia speciosa; Giant Crape-myrtle, Queen's Crape-myrtle, Banabá Plant, Queen’s flower, Pride of India;১ জাৰুল; जरुल) এবিধ ঈষৎ ৰঙা-বেঙুনীয়া ফুল ফুলা পৰ্ণপাতী উদ্ভিদ। ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, অষ্ট্ৰেলিয়া আৰু চীন দেশত এই গছ পোৱা যায়।২
বৰ্ণনা

এজাৰৰ বৈজ্ঞানিক নাম Lagerstroemia speciosa। ই এবিধ বৃক্ষজাতীয় পৰ্ণপাতী উদ্ভিদ।
পূৰ্ণ বয়সৰ গছ এজোপা ১০ মিটাৰৰ পৰা ২০ মিটাৰ পৰ্য্যন্ত ওখ হয়। গা-গছ পোণ, চেগুণ গছৰ নিচিনা। পাতবোৰ প্ৰায় ২৫ ছে. মি. দীঘল আৰু ৬-৮ ছে. মি. বহল হয়। পাতবোৰ আগলৈ জোঙা। পাতৰ মধ্যসিৰা স্পষ্ট কিন্তু তাৰ দুই কাষত থকা পাৰ্শ্বসিৰা ১০-২০যোৰ পাতৰ দাঁতিলৈ ভাজখোৱা। ২
ফেব্ৰুৱাৰী-মাৰ্চ মাহত গছৰ পাতবোৰ সম্পূৰ্ণকৈ সৰি গৈ মে’ মাহত নতুন কুঁহিপাত আৰু ফুলৰ কলি ওলায়। কলিবোৰ দীঘল থোপা বা যৌগিক ৰেচিম বিন্যাসত সজ্জিত হৈ থাকে। থোপাবোৰ প্ৰায় ৩০ ছে. মি. মান দীঘল হয়। ফুলৰ বেটু সেউজীয়া আৰু বগা নোমযুক্ত। পাহিবোৰ ৰঙা-বেঙুনীয়া ৰঙৰ আৰু বহু সিৰাযুক্ত। ২
সাধাৰণতে মৌচুমী বায়ু প্ৰবাহিত হোৱা সময়ত (মে’ মাহৰপৰা চেপ্তেম্বৰ মাহৰ সময়চোৱাত) এজাৰ ফুলে। ২
অৰ্থনৈতিক মূল্য
অৰ্থনৈতিক দিশত এজাৰৰ মূল্য অতি বেছি। মনোমোহা ৰঙীন ফুলৰ বাবে নগৰ-চহৰৰ পথৰ দাঁতিত এজাৰে পৰ্য্যটকক আকৰ্ষিত কৰে। তদুপৰি গছৰ কাণ্ড পানীত সহজে নপচে। সেইবাবে এইবিধ গছৰপৰা বিভিন্ন ধৰণৰ খুঁটা, ব'ঠা আৰু পানীৰ সৈতে সহজে ব্যৱহাৰ হৈ থকা বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। ২
ঔষধি গুণ
এজাৰৰ পৰা নানাবিধ বন-দৰব প্ৰস্তুত কৰা হয়। ইয়াৰ গুটিৰপৰা নিচাজাতীয় দ্ৰব্য তৈয়াৰ কৰা হয়। আনহাতে এই গছৰ বাকলি আৰু শিপাৰ পৰা জ্বৰ আৰু গ্ৰহণী ৰোগৰ প্ৰতিষেধক প্ৰস্তুত কৰা হয়। বহুমূত্ৰ ৰোগ ৰোগৰ বাবে এই গছৰ সকলো অংশই দৰবৰূপে ব্যবহাৰ হয়। ২
তথ্যসূত্ৰ
- ↑ Lagerstroemia speciosa (L.) Pers. pride of India . Plants Profile, United States Department of Agriculture / Natural Resources Conservation Service. Retrieved 2008-07-15
- ↑ এজাৰ: ধীৰেন্দ্ৰ নাথ কলিতা, সুন্দৰ পৃথিৱী, দৈনিক অসম, ৬ জুন ২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এজাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮০৩৭ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।