অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অৰ্জুন গছ

অৰ্জুন গছ (Terminalia arjuna) এবিধ চিৰসেউজ গছ। ই টাৰমিনালিয়া গণৰ এক সপুষ্পক উদ্ভিদ। অৰ্জুন গছৰ জীৱনকাল দীঘলীয়া। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৫ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
অৰ্জুন গছৰ শুকান ফল
অৰ্জুন গছৰ শুকান ফলছবি: Salil Kumar Mukherjee · CC BY-SA 4.0

অৰ্জুন গছ (Terminalia arjuna) এবিধ চিৰসেউজ গছ। ই টাৰমিনালিয়া গণৰ এক সপুষ্পক উদ্ভিদ।১ অৰ্জুন গছৰ জীৱনকাল দীঘলীয়া। ইয়াৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া অৰ্জুন।

বিৱৰণ

অৰ্জু্ন গছ এবিধ চিৰসেউজ দ্বিবীজপত্ৰি উদ্ভিদ। ইয়াৰ শিপা গুচ্ছমূল জাতীয় আৰু পাত জাল শিৰবিন্যাস যুক্ত। অৰ্জুন গছ এবিধ মাধ্যমৰ পৰা বৃহৎ আকাৰৰ বৃক্ষ। ইয়াৰ উচ্চতা প্ৰায় ২০-২৫ মিটাৰ। মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত গছৰ ফুল ফুলা আৰম্ভ হয়। ইয়াৰ পাতবোৰ বল্লম আকৃতিৰ। ফলবোৰ দেখাত কৰ্দৈ টেঙাৰ দৰে। অৰ্জুন গছৰ পাত বল্লম আকৃতিৰ। ইয়াৰ গা গছৰ ৰং পাতল হালধীয়া। এইবিধ উদ্ভিদৰ বাকলিত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়। তদুপৰি সামান্য পৰিমাণে টেনিন আৰু অৰ্জুনিন, মেগনেছিয়াম, এলুমিনিয়াম আদি পোৱা যায়।

ব্যৱহাৰ

অৰ্জু্ন এবিধ ঔষধি গুণ যুক্ত গছ। অৰ্জুন গছৰ শুকান ছাল গুৰি কৰি বাসক পাতৰ ৰসৰ লগত তিয়াই ৰ’দত শুকুৱাই চেনি বা মৌৰ লগত দৈনিক ব্যৱহাৰ কৰিলে যক্ষ্মাত সুফল পোৱা যায়। হাড় ভগা আৰু জোৰা লৰা ৰোগত অৰ্জুন গছৰ কেঁচা ছাল খুন্দি গাখীৰৰ লগত তাৰ ৰস সিজাই খাব লাগে আৰু অৰ্জুন গছৰ ছাল থেতেলিয়াই বান্ধি থব লাগে। অৰ্জুন গছৰ ছালৰ ৰসে হৃদৰোগ নিৰাময় কৰে।২৩

তথ্যসূত্ৰ

  1. ↑ Biswas, Moulisha; Biswas, Kaushik; Karan, Tarun K. (2011). Evaluation of analgesic and anti-inflammatory activities of Terminalia arjuna leaf. Journal of Phytology. পৃ. 33–8
  2. ↑ "লোক ঔষধ পদ্ধতি"- লেখক, ড. ৰবীন্দ্ৰ নাথ বৰুৱা
  3. ↑ সহজলভ্য বন-দৰবৰ গুণ', লেখক- গুণাৰাম খনিকৰ

সম্পৰ্কিত শ্ৰেণী

বৃক্ষঔষধি উদ্ভিদভাৰতীয় উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্জুন গছ” প্ৰবন্ধৰ সংশোধন ৫৪০৪৩০ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।