অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

তামোল

তামোল (Areca catechu) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব…

হালনাগাদ: ২০ মে’ ২০২২ ৪৭৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

তামোল (Areca catechu) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়। গুৱা মানে তামোল। অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে। অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে।<ref name="গ্ৰন্থ ১"১

উৎপত্তিস্থল

19th century drawing of ''Areca catechu''
19th century drawing of Areca catechuছবি: Franz Eugen Köhler, Köhler's Medizinal-Pflanzen · Public domain

ভাৰত,মালয়েছিয়া,শ্ৰীলংকা,ম্যানমাৰ,মাদাগাস্কাৰ,ফিলিপাইন আদি দেশত তামোল গছ পোৱা যায়। ভাৰতত তামোল প্ৰধানকৈ অসম আৰু পশ্চিমবংগত যথেষ্ট পৰিমাণত উৎপাদন হয়।

বিৱৰণ

সাধাৰণতে সেমেকা ক্ৰান্তীয় জলবায়ু অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়। নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়। দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত পানী জমা নোহোৱা অঞ্চলত ৰোপণ কৰা হয়। এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে। তামোল ফুলাক ডবিয়া বুলি কয়। এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে। এইদৰে সৰিবলৈ ধৰা ৪-৫খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়। এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়। তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে। এজোপা তামোল গছত ২০০-২৫০টা পৰ্যন্ত তামোল লাগে। তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়। গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে। প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়। পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়।

প্ৰজনন প্ৰক্ৰিয়া

তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত। গোটেই পুষ্পবিন্যাসটো প্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী ফুলৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে। তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়। এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে। প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়। তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়। দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হ'ব। কেঁচা তামোল সেউজীয়া,পকিলে উজ্জ্বল কমলা বৰণ লয়। তামোল এবিধ Nut জাতীয় ফল। ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়। তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে।

উপাদান

পকা তামোলত থকা উপাদানসমূহ -

জলীয় বাষ্প৩১.৩%
প্ৰটিন৪.৯%
ফেট৪.৪%
কাৰ্বোহাইড্ৰেট৪৭.২%
অজৈৱ১%
কেলছিয়াম০.৫৫%
ফছফৰাছ০.১৩%
আইৰন১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)

তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক। তামোলৰ পেলুনাশক গুণ আছে।

ব্যৱহাৰ

মূল প্ৰবন্ধ: অসমৰ তামোল-পাণ সংস্কৃতি

অসমত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে। মাটিত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে। কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ মাটিৰ কলহ বা তেনে ধৰণৰ পাত্ৰত পানীত দুমাহমান গোৰাই থয়। পশ্চিমবংগত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে। কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে। তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়। চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়। বিভিন্ন ধৰণৰ জৰ্দা পাণ,মিঠা পাণ আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে। তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা পানী আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে। তামোলৰ ঢকুৱাৰপৰা বিচনী সাজি গৰমৰ দিনত বতাহ লয়।

তথ্যসূত্ৰ

  1. ↑ (২০১৩). (ফল-মূলৰ বতৰা) তামোল. (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ. পৃ. পৃষ্ঠা ২৮-২৯

সম্পৰ্কিত শ্ৰেণী

তৃণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামোল” প্ৰবন্ধৰ সংশোধন ৩২১৬৯১ (২০ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।